অসম

assam

By ETV Bharat Entertainment Team

Published : Aug 9, 2024, 8:24 PM IST

ETV Bharat / entertainment

শ্ৰদ্ধাক লৈ বৰুণ ধৱন-ৰাজকুমাৰ ৰাওৰ মাজত টনাটনি - Stree 2 songs

Khoobsurat Song From Stree 2 : 2024 চনৰ আটাইতকৈ প্ৰত্যাশিত হৰৰ কমেডী ছবি স্ত্ৰী 2 ৰ আন এটা আকৰ্ষণীয় গীত খুবছুৰত মুক্তি পাইছে ।

Khoobsurat Song From Stree 2 released Varun Dhawan and Rajkummar Rao fight for Stree love
স্ত্ৰী 2 ৰ আন এটা আকৰ্ষণীয় গীত (Screen Grab From Song)

চিটাৰা ডেস্ক, 9 আগষ্ট : ৰাজকুমাৰ ৰাও আৰু শ্ৰদ্ধা কাপুৰ অভিনীত ভৌতিক কৌতুক চলচ্চিত্ৰ স্ত্ৰী 2 ৰ 9 আগষ্টত আন এটা ৰোমাণ্টিক ট্ৰেক 'খুবছুৰত' মুকলি কৰে নিৰ্মাতাই । বৰুণ ধৱনৰ সৈতে শ্ৰদ্ধা কাপুৰৰ ৰোমান্টিক কেমেষ্ট্ৰী 'খুবছুৰত' গানটোত দেখা গৈছে ।

খুবছুৰত গানটো ৰোমান্টিক আৰু লগতে আনন্দদায়ক । ইয়াত, ৰাজকুমাৰ ৰাওক 'স্ত্ৰী' শ্ৰদ্ধা কাপুৰৰ মৰম পাবলৈ বৰুণৰ মুখামুখি হোৱা দেখা গৈছে । 'ভেড়িয়া' বৰুণ ধৱনো নাৰীৰ প্ৰেমৰ জালত সম্পূৰ্ণৰূপে আৱদ্ধ হৈ পৰিছে যেন অনুভৱ হয় আৰু শেষলৈকে বিকী (ৰাজকুমাৰ ৰাও)ক তীব্ৰভাৱে পৰীক্ষা কৰে ।

গীতটিৰ কথা যথেষ্ট মনোমোহা

সংগীত সুৰকাৰ শচীন-জিগাৰৰ সহযোগত বিশাল মিশ্ৰই কণ্ঠদান কৰিছে খুবছুৰত গানটোত । এই গীতটিৰ সুৰকাৰ স্বয়ং শচীন-জিগাৰ । গীতটিত শ্ৰদ্ধা কাপুৰে ৰঙা শাৰী পিন্ধা এগৰাকী মহিলাৰ চৰিত্ৰ ৰূপায়ন কৰি নিজৰ সৌন্দৰ্য্যৰে বৰুণ ধৱন আৰু ৰাজকুমাৰ ৰাওক মতলীয়া তোলা দেখা গৈছে । ৰঙা শাৰীত শ্ৰদ্ধা কাপুৰৰ আকৰ্ষণীয় ফিগাৰটো দৰ্শকে অতিশয় ভাল পাইছে ।

বক্স অফিচত স্ত্ৰী 2 ৰ সন্মুখত প্ৰত্যাহ্বান

অমৰ কৌশিকৰ দ্বাৰা পৰিচালিত স্ত্ৰী 2 চলচ্চিত্ৰখনৰ বাবে বক্স অফিচত বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰাটো সহজ নহ'ব । কিয়নো 15 আগষ্টত অক্ষয় কুমাৰৰ খেল খেল মে, জন আব্ৰাহামৰ বেদা, দক্ষিণ চুপাৰষ্টাৰ ৰাম পোথিনেনিৰ একশ্যন ড্ৰামা ছবি ডবল স্মাৰ্ট শংকৰ মুক্তি পাব । আনহাতে স্ত্ৰী 2-ৰ নিৰ্মাতাসকলে 14 আগষ্টত ছবিখনৰ নাইট শ্ব' চলাবলৈ পৰিকল্পনা কৰিছে । এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে যে দৰ্শকে এই চলচ্চিত্ৰকেইখনৰ মাজত কোনখন ছবি উপভোগ কৰিবলৈ মন মেলিব ?

লগতে পঢ়ক :স্ত্ৰী 2 ৰ বাবে আশাৰে ৰৈ থকা দৰ্শকলৈ আহিছে সুখবৰ... - Stree 2 shows

'স্ত্ৰী 2'ৰ ৰোমাণ্টিক গানটোৰ কথাই চুই যাব আপোনাৰ হৃদয় - Stree 2 romantic song

ABOUT THE AUTHOR

...view details