চিটাৰা ডেস্ক, ১৫ ফেব্ৰুৱাৰী: শীঘ্ৰে আৰম্ভ হ’ব আই পি এল ২০২৪ । এনে সময়চোৱাত আই পি এল দল চেন্নাই ছুপাৰ কিংছে বাছি লৈছে নিজৰ ব্ৰেণ্ড এম্বেছাদৰ । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চি এছ কেৰ দলে বলীউডৰ অভিনেত্ৰী কেটৰিণা কাইফক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিৰ্বাচিত কৰিছে । কিন্তু কিমান সত্য এই কথা ৷ এই সন্দৰ্ভত দলটোৰ পৃষ্ঠপোষক দলটোৱে প্ৰকাশ কৰিছে যে কেটৰিণাৰ চি এছ কেৰ সৈতে কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই ।
এতিহাদ এয়াৰৱেজৰ ব্ৰেণ্ড এম্বেছাদৰ কেটৰিণা
দৰাচলতে বলীউডৰ সুন্দৰী কেটৰিণা কাইফ এতিহাদ এয়াৰৱেজৰ ব্ৰেণ্ড এম্বেছাদৰ । ২০২৩ চনত এতিহাদ এয়াৰৱেজৰ সৈতে জড়িত হৈছিল কেটৰিণা । একে সময়তে চেন্নাই ছুপাৰ কিংছে ইউ এ ইৰ ৰাষ্ট্ৰীয় বিমান সংস্থা এতিহাদ এয়াৰৱেজৰ সৈতেও পৃষ্ঠপোষকতা চুক্তিত স্বাক্ষৰ কৰিছে । ইয়াৰ পিচতে সকলোৱে ভাবিৱলৈ আৰম্ভ কৰিল যে কেটৰিণাও চেন্নাই ছুপাৰ কিংছৰ ব্ৰেণ্ড এম্বেছাদৰ হৈ পৰিছে । কিন্তু এতিহাদ এয়াৰৱেজে এই খবৰত ফুলষ্টপ লগাই শ্বেয়াৰ কৰিছে পোষ্ট ।
এতিহাদ এয়াৰৱেজে শ্বেয়াৰ কৰিছে এক বিবৃতি ৷ বিবৃতিটো লিখিছে – এতিহাদ এয়াৰৱেজে চেন্নাই ছুপাৰ কিংছৰ পৃষ্ঠপোষক হিচাপে অতি গৌৰৱ অনুভৱ কৰিছে । শেহতীয়াকৈ কিছুমান ভুল খবৰ বিয়পি পৰিছে । আমি যিটো কথা স্পষ্ট কৰিব বিচাৰিছো সেয়া হ’ল কেটৰিণা কাইফ এতিহাদ এয়াৰৱেজৰ ব্ৰেণ্ড এম্বেছাদৰ আৰু কেটৰিণা আৰু চি এছ কেৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই । আই পি এল ২০২৪ত চি এছ কেৰ সৈতে কেটৰিণাৰ কোনো অংশীদাৰিত্ব নাই । এতিহাদ এয়াৰৱেজে ইয়াৰ ক্ৰীড়া দল আৰু ব্যক্তিত্বৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি কেটৰিণাৰ সৈতে আৰু অধিক কাম কৰিবলৈ আগ্ৰহী । ইয়াৰ উপৰিও আই পি এল ছিজনত চেন্নাই ছুপাৰ কিংছৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন আছে ।