চিটাৰা ডেস্ক, ২২ ফেব্ৰুৱাৰী:বলীউডত নিজৰ স্পষ্ট কণ্ঠৰ বাবে পৰিচিত কংগনা ৰনৌত । সেয়েহে, কংগনা তেওঁৰ ছবিতকৈ অধিক নিজৰ বক্তব্যৰ বাবে চৰ্চাত থাকে ৷ প্ৰায়ে যিকোনো বিষয়ত নিজৰ মতামত প্ৰকাশ কৰা দেখা যায় অভিনেত্ৰীগৰাকীক ৷ আনকি বহুবাৰ নিজৰ মতামতৰ বাবে সমালোচিত হ’বলগীয়া হয় কংগনা ৷ তথাপিও প্ৰত্যেকটো বিষয়ত নিজৰ স্পষ্টবাদী মতামত প্ৰকাশ কৰা দেখা যায় কংগনাক ৷
এইখিনিতে উল্লেখ কৰিব লাগিব যে, সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিচৰে পৰা তেওঁ অহৰহ নেপোটিজমৰ বিষয়টো উত্থাপন কৰি আহিছে । এতিয়া আকৌ এবাৰ কংগনা নেপো কিডৰ বিৰুদ্ধে গৰজি উঠিছে ৷ এইবাৰ তেওঁ ৰাজেশ খান্নাৰ কন্যা তথা অক্ষয় কুমাৰৰ পত্নী অভিনেত্ৰী টুইংকল খান্নাক লক্ষ্য কৰি লৈছে । টুইংকলৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি কংগনাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা দীঘলীয়া পোষ্ট লিখিছে ।
টুইংকল খান্নাক বিশেষ সুবিধাপ্ৰাপ্ত ছোৱালী বুলি অভিহিত কৰি কংগনাই লিখিছে, ‘‘এই বিশেষ সুবিধাপ্ৰাপ্ত মানুহবোৰে নিজৰ মানুহজনক পলিথিনৰ বেগৰ লগত তুলনা কৰিছে, এয়া কৰি নিজকে কুল দেখুৱাবলৈ চেষ্টা কৰিছে নেকি ? ৰূপৰ চামুচ লৈ জন্ম হোৱা নেপো সন্তানক সোণৰ প্লেটত চলচ্চিত্ৰ কেৰিয়াৰ দিয়া হৈছে, কিন্তু তেওঁলোকে নিশ্চিত ৰূপত ইয়াৰ সৈতে ন্যায় কৰিব নোৱাৰিলে, অন্ততঃ মাতৃত্বৰ নিস্বাৰ্থতাত কিছু সুখ আৰু পূৰ্ণতা বিচাৰি পাব পাৰিলে হয়, যিটো তেওঁলোকৰ ক্ষেত্ৰত অভিশাপ যেন লাগে, তেওঁলোকে কি হ’ব বিচাৰে জীৱনত ? শাক-পাচলি ? এইটোৱেই নাৰীবাদ নেকি ? ’’