চিটাৰা ডেস্ক, 3 জুন : বিগত শনিবাৰে ৰবীনা টেণ্ডনৰ চালকৰ সৈতে গাড়ী পাৰ্কিঙক কেন্দ্ৰ কৰি এটা পৰিয়ালৰ তৰ্কাতৰ্কি হয় ৷ এই তৰ্কাতৰ্কিয়ে পিছলৈ উত্তপ্ত ৰূপ লয় আৰু পৰিয়ালটোৰ সদস্যকেইজনে ৰবীনা আৰু তেওঁৰ চালকজনক আক্ৰমণ কৰিবলৈয়ো উদ্যত হয় ৷ ঘটনা বাঢ়ি গৈ আৰক্ষী থানা পায়গৈ ৷
এই ঘটনাৰ কথা আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰে ৷ এতিয়া অভিনেত্ৰী তথা মাণ্ডি লোকসভা সমষ্টিৰ প্ৰাৰ্থী কংগনা ৰনৌতে এই ঘটনাত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ কিনো ক’লে কংগনাই জানো আহক -
কংগনা ৰণৌতে এই ঘটনা সন্দৰ্ভত তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত নিজৰ মনৰ ভাৱ শ্বেয়াৰ কৰিছে । কংগনাই লিখিছে, ৰবীনা টেণ্ডনজীৰ সৈতে যি ঘটিছে সেয়া আচৰিত ৷ তেওঁক ৫ৰ পৰা ৬ জন লোকে আক্ৰমণ কৰে, আমি এই বিষয়টোক গৰিহণা দিছো, সেই লোকসকলক ভৰ্ৎসনা কৰা উচিত আৰু এনে হিংসা আৰু নিৰ্যাতন সহ্য কৰিব নালাগে ৷
কংগনাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (insta story) ঘটনাটো কি আছিল ?
শনিবাৰে গাড়ী পাৰ্কিঙক লৈ ৰবীনা টেণ্ডন আৰু তেওঁৰ চালকজনৰ সৈতে এটা পৰিয়ালৰ কথাৰ কটাকটি লাগে ৷ ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰে ৷ ভিডিঅ’টোত পৰিয়ালটোৰ সদস্যই অভিনেত্ৰী ৰবীনা টেণ্ডনক ঠেলা মাৰি দিয়া পৰিলক্ষিত হৈছে আৰু তেওঁৰ চালকৰ সৈতেও হতাহতি কৰে । দুয়োপক্ষই থানালৈ যায় যদিও পিচত তেওঁলোকে গোচৰ উঠাই লয় ৷ আনহাতে আৰক্ষীৰ মতে, এই ঘটনাত কাৰো ক্ষতি হোৱা নাই ।
কংগনা ৰণৌতে বৰ্তমান ছবিজগতৰ পৰা আঁতৰি ৰাজনীতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে ৷ অভিনেত্ৰীগৰাকীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে নিজৰ গৃহ চহৰ হিমাচল প্ৰদেশৰ মাণ্ডিৰ হাই প্ৰফাইল আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে । কাইলৈ অৰ্থাৎ ৪ জুন তাৰিখে লোকসভা নিৰ্বাচন ২০২৪ৰ ফলাফলৰ বাবে সমগ্ৰ দেশে অপেক্ষা কৰি আছে ।
লগতে পঢ়ক :এচাম উন্মত্তৰ মাজৰ পৰা সাৰি আহিল ৰবীনা টেণ্ডন ! - raveena tandon car accident