অসম

assam

ETV Bharat / entertainment

দৰ্শকলৈ সুখবৰ ! এই মাহতে অ'টিটিত মুক্তিলাভ কৰিব ‘কল্কি 2898 AD’ - Kalki 2898 AD on OTT - KALKI 2898 AD ON OTT

Kalki 2898 AD on OTT: অপেক্ষাৰ অন্ত পৰিল ৷ এইমাহতে অ’টিটিত মুক্তি পাবলৈ সাজু হৈছে ‘কল্কি 2898 AD’ । জানো আহক কেতিয়া অ’টিটিত মুক্তিলাভ কৰিব এই ছবিখনে...

Kalki 2898 AD Fans wait till September to watch it on OTT
দৰ্শকলৈ সুখবৰ! এই মাহত অ'টিটিত মুক্তিলাভ কৰিব ‘কল্কি 2898 AD’ (INSTAGRAM)

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 1:40 PM IST

চিটাৰা ডেস্ক, 17 জুলাই: বক্স অফিচত আধিপত্য বিস্তাৰ কৰিছে প্ৰভাস, দীপিকা, অমিতাভ বচ্চনৰ কল্পবিজ্ঞান-কল্পকাহিনী ছবি ‘কল্কি 2898 AD’। এই ছবিখন ২০২৪ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ ভিতৰত অন্যতম । ২৭ জুনত মুক্তিলাভ কৰা নাগ অশ্বিনৰ দ্বাৰা পৰিচালিত ‘কল্কি 2898 AD’ হৈছে পৌৰাণিক আৰু কল্পবিজ্ঞানৰ ওপৰত আধাৰিত এখন ছবি ৷ মাত্ৰ ১৬ দিনৰ ভিতৰতে এই ছবিখনে বিশ্বজুৰি ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে ।

পৌৰাণিক কাহিনী আৰু বিজ্ঞানৰ চমৎকাৰী সংমিশ্ৰণ ‘কল্কি 2898 AD’ চাবলৈ ছবিগৃহত অনুৰাগী আৰু দৰ্শকৰ হেতাওপৰা লাগিছে । তাৰ মাজতে যিসকলে ছবিগৃহত কল্কি উপভোগ কৰিব পৰা নাই তেওঁলোকৰ বাবে আছে এটি সুখবৰ কিয়নো অতি শীঘ্ৰেই OTT প্লেটফৰ্মত আহিবলৈ সাজু হৈছে ‘কল্কি 2898 AD’ ৷

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ‘কল্কি 2898 AD’ ছবিখন ছবিগৃহত মুক্তি পোৱাৰ ১০ সপ্তাহৰ পিচত এতিয়া OTT প্লেটফৰ্মত ষ্ট্ৰীমিং কৰাৰ পৰিকল্পনা কৰিছে ‘কল্কি 2898 AD’ৰ নিৰ্মাতাসকলে । অৰ্থাৎ ছেপ্টেম্বৰৰ আৰম্ভণিতে ছবিখন অ’টিটিত প্ৰচাৰিত হ’ব পাৰে ।

খবৰ অনুসৰি, এমাজন প্ৰাইম ভিডিঅ’ ইণ্ডিয়াই ইয়াক তেলুগু, তামিল, কানাড়া আৰু মালয়ালমকে ধৰি অন্যান্য আঞ্চলিক ভাষাত ষ্ট্ৰীম কৰিব, আনহাতে নেটফ্লিক্স ইণ্ডিয়াই এই ছবিৰ হিন্দী সংস্কৰণ দৰ্শকলৈ আগবঢ়াব । অৱশ্যে অ’টিটি প্লেটফৰ্মত মুক্তিৰ তাৰিখ এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই নিৰ্মাতাসকলে । কিন্তু অতিশীঘ্ৰে তেওঁলোকে ইয়াৰ বিষয়ে আপডেট দিব ।

‘কল্কি 2898 AD’ৰ ষ্টাৰকাষ্টত প্ৰভাস, দীপিকা পাডুকন, অমিতাভ বচ্চন আৰু কমল হাছানৰ দৰে ডাঙৰ তাৰকা আছে । ইফালে ছবিখনৰ অপৰিসীম সফলতা উপভোগ কৰি আছে ছবি নিৰ্মাতা তথা তাৰকাসকলে । শেহতীয়াকৈ কমল হাছানে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁ ছবিখনে বিশ্বজুৰি ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ কৃতিত্বৰ কথা কোৱা দেখা গৈছে ।

৩ দিন পূৰ্বে বিশ্বব্যাপী বক্স অফিচত ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছিল ছবিখনে । এতিয়া এই বছৰৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছে ‘কল্কি 2898 AD’। উপাৰ্জনৰ ক্ষেত্ৰত চলিত বৰ্ষৰ দুখন ডাঙৰ ছবি ফাইটাৰ আৰু হনুমানক পৰাস্ত কৰিছে ‘কল্কি 2898 AD’ ছবিখনে ।

লগতে পঢ়ক:SIIMA Awards 2024ৰ মনোনয়ন তালিকা প্ৰকাশ: জেইলাৰ, লিঅ’কে ধৰি এই ব্লকবাষ্টাৰ ছবিসমূহে কৰিলে স্থানলাভ - SIIMA Awards 2024 Nominations

ABOUT THE AUTHOR

...view details