চিটাৰা ডেস্ক, ১ ফেব্ৰুৱাৰী: বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা হৈছে জেকী শ্ৰফ । ৮০ আৰু ৯০ দশকত তেওঁৰ ছবিয়ে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল । একশ্যন হিৰো হিচাপে উদ্যোগটোত নিজকে প্ৰতিষ্ঠা কৰিছিল জেকীয়ে । অৱশ্যে জেকীক ৰোমান্টিক নায়ক হিচাপেও ভাল পাইছিল দৰ্শকে । বহু সংগ্ৰামৰ অন্তত তেওঁ নিজৰ অন্য এক পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল । আজি অভিনেতাগৰাকীৰ জন্মদিন ৷ গতিকে এই বিশেষ দিনটোত তেওঁৰ সৈতে জড়িত কিছু নজনা কথা জানো আহক ৷
১৯৫৭ চনৰ ১ ফেব্ৰুৱাৰীত মুম্বাইৰ ৱাকেশ্বৰত জন্মগ্ৰহণ কৰিছিল জেকী শ্ৰফে । তেওঁৰ প্ৰকৃত নাম জয়কিষণ কাকুভাই শ্ৰফ । জেকীয়ে এতিয়ালৈকে প্ৰায় ২৫০ খন ছবিত কাম কৰিছে । অৱশ্যে জেকীৰ জীৱনৰ কাহিনী কোনো ছবিতকৈ কম নহয় ৷ জেকীৰ জন্ম হৈছিল অতি দৰিদ্ৰ পৰিয়ালত । কিন্তু তেওঁ সদায় নিজৰ ওচৰ-চুবুৰীয়া মানুহক সহায় কৰিছিল, গতিকে মানুহে তেওঁক ‘জগ্গু দাদা’ বুলি ক’বলৈ ধৰিছিল । টকাৰ অভাৱত অভিনেতাগৰাকীয়ে একাদশ শ্ৰেণীৰ পিচত পঢ়া-শুনা এৰি চাকৰি বিচাৰিবলৈ আৰম্ভ কৰে । তেওঁ ৰন্ধা-বঢ়াৰ প্ৰতি আকৰ্ষিত আছিল, গতিকে তাজ হোটেললৈ চাকৰি বিচাৰি গৈছিল, যদিও নাপালে চাকৰি ।
এইদৰেই পাইছিল মডেলিঙৰ অফাৰ