নেশ্যনেল ডেস্ক, 26 মে’ :2024 চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱ ভাৰতৰ নাম উজলাইছে চলচ্চিত্ৰ নিৰ্মাতা পায়েল কাপাড়িয়াই ৷ প্ৰিমিয়াৰত পায়েল কাপাডিয়াৰ ছবি অল উই ইমাজিন এজ লাইটে দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰাৰ পিচতে 2024 চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত গ্ৰাঁ প্ৰি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ শনিবাৰে চলচ্চিত্ৰখনে এই বঁটা লাভ কৰে ৷ পাম ডি'অৰৰ পিচত কাঁ চলচ্চিত্ৰ মহোৎসৱৰ দ্বিতীয় সন্মানীয় পুৰস্কাৰ এই গ্ৰাঁ প্ৰি বঁটা । 77 তম সংস্কৰণৰ সামৰণি অনুষ্ঠানত এই সন্মানীয় বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন হয় ৷
বৃহস্পতিবাৰে নিশা প্ৰদৰ্শিত হোৱা কাপাড়িয়াৰ ফিচাৰ ছবিখনে আন্তৰ্জাতিক সংবাদ মাধ্যমতো স্থান দখল কৰাৰ লগতে ব্যাপক প্ৰশংসা লাভ কৰিছে ৷
উল্লেখ্য যে, বিগত 30 বছৰৰ ভিতৰত প্ৰথম ভাৰতীয় চলচ্চিত্ৰ আৰু মূল প্ৰতিযোগিতাত প্ৰদৰ্শিত হোৱা এগৰাকী ভাৰতীয় মহিলা পৰিচালকৰ দ্বাৰা নিৰ্মিত এই প্ৰথমখন ছবিয়ে ইতিহাসৰ পাতত নাম লিখিবলৈ সক্ষম হৈছে ৷ অল উই ইমাজিন এজ লাইট প্ৰদৰ্শনৰ 8 মিনিটৰ বাবে দৰ্শকৰ ষ্টেণ্ডিং অভেশ্যন লাভ কৰে ।