অসম

assam

ETV Bharat / entertainment

পৰ্ণ’গ্ৰাফী নিৰ্মাণত সঁচাকৈয়ে আছিল নেকি জড়িত ? মুখ খুলিলে ৰাজ কুন্দ্ৰাই - RAJ KUNDRA CONTROVERSY

পৰ্ণগ্ৰাফীৰ লগত জড়িত থকা অভিযোগ সন্দৰ্ভত ৩ বছৰ মৌনতাৰ পিছত মৌনতা ভংগ কৰিলে ৰাজ কুন্দ্ৰাই ৷

Raj Kundra controversy
ৰাজ কুন্দ্ৰা (ANI)

By ANI

Published : Dec 17, 2024, 11:05 AM IST

মুম্বাই (মহাৰাষ্ট্ৰ) :ব্যৱসায়ী তথা অভিনেত্ৰী শিল্পা শ্বেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা বুলি ক’লেই পৰ্ণ’গ্ৰাফী নিৰ্মাণৰ অভিযোগত সৃষ্টি হোৱা বিতৰ্কৰ কথা সততে মনলৈ আহে ৷ কিন্তু প্ৰায় তিনি বছৰৰ পাছত ৰাজ কুন্দ্ৰাই নিজৰ মৌনতা ভংগ কৰে । সংবাদ সংন্থা ANIৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কেতবোৰ মন্তব্য কৰে ৷

মৌনতা, এতিয়ালৈকে ৰাজহুৱা অভিযোগসমূহৰ সমাধানৰ পৰা কিয় বিৰত আছিল সেই সকলো বিষয়ে ব্যাখ্যা কৰে অভিনেত্ৰী শিল্পা শ্বেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই ।

"যেতিয়া পৰিয়ালৰ কথা আহে আৰু যেতিয়া পৰিয়ালৰ সদস্য জড়িত হয়, তেতিয়া মই অনুভৱ কৰো যে মই ওলাই আহি কথা ক'ব লাগে । মই যেতিয়া মনে মনে থাকো, তেতিয়া মানুহে ভাবে যে মই কিবা এটা লুকুৱাই ৰাখিছো আৰু মানুহে সত্য উপলব্ধি কৰা উচিত ।" ৰাজ কুন্দ্ৰাই কয় ৷

ইয়াৰ উপৰিও কুন্দ্ৰাই পৰ্ণ’গ্ৰাফীৰ কোনো প্ৰডাকচনত জড়িত থকাৰ অভিযোগ একেমুখে অস্বীকাৰ কৰে । তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁৰ ভনী জোঁৱায়েকে নিৰ্দিষ্ট কোম্পানীটোক প্ৰযুক্তিগত সেৱা আগবঢ়াইছিল যিয়ে ব্ৰিটেইনত ব্ৰিটেইনত সাহসী কিন্তু অশ্লীল সামগ্ৰী প্ৰদৰ্শন কৰা এটা App প্ৰদৰ্শন (showcased) কৰিছিল।

"আজিলৈকে মই কোনো পৰ্ণ’গ্ৰাফীৰ অংশ হোৱা নাই, কোনো প্ৰডাকচনৰ, পৰ্ণ’ৰ সৈতে একেবাৰেই কোনো সম্পৰ্ক নাই । যেতিয়া এই অভিযোগ পোহৰলৈ আহিছিল, তেতিয়া ই অতি আঘাতজনক আছিল । জামিন হোৱাৰো কাৰণ আছিল ৷ কিয়নো ইয়াৰ কোনো তথ্য বা প্ৰমাণ নাছিল ।" কুন্দ্ৰাই কয় ৷

লগতে পঢ়ক :Raj Kundra on 'UT69: UT 69 ছবিখন নিৰ্মাণ কৰাৰ কথা কেনেকৈ মনলৈ আহিছিল ক’লে ৰাজ কুন্দ্ৰাই

তেওঁ লগতে কয়, ‘‘এইটো মই জানো যে মই একো ভুল কৰা নাই 'কেনৰিন'ৰ (Kenrin) কোম্পানী, য'ত তেওঁ ব্ৰিটেইনৰ পৰা চলি থকা এটা App আৰম্ভ কৰিছিল, সেয়া নিশ্চিতভাৱে সাহসী আছিল, ইয়াক প্ৰাপ্তবয়স্ক দৰ্শকৰ বাবে নিৰ্মাণ কৰা হৈছিল ৷ এইবোৰ এ ৰেটিং (A-rated films) পোৱা ছবি আছিল কিন্তু একেবাৰে পৰ্ণ’গ্ৰাফিক নাছিল ৷’’

‘‘মই জড়িত থকাৰ কথাটো... এজনী ছোৱালী আগবাঢ়ি আহক যিয়ে কওক যে মই ৰাজ কুন্দ্ৰাক লগ পাইছো বা তেওঁৰ যিকোনো চিনেমাত কাম কৰিছো... মিডিয়াই কয় যে ৰাজ কুন্দ্ৰা ১৩টা এপৰ সকলোৰে কিংপিন, মই কেৱল চফটৱেৰ টেকন’লজিৰ সৈতে জড়িত আৰু সেই এপটোত একো ভুল হোৱা নাছিল ৷’’ ৰাজ কুন্দ্ৰাই কয় ৷

কুন্দ্ৰাই ধাৰাবাহিকভাৱে নিজকে নিৰ্দোষী বুলি দাবী কৰি আহিছে । এই গোচৰত দোষমুক্ত হ’বলৈ তিনি বছৰে যুঁজি আছে ৷ ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে বুলি কয় ।

কুন্দ্ৰাই কয়, ‘‘যদি মই দোষী তেন্তে মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰক, যদি মই দোষী নহয় তেন্তে মোক দোষমুক্ত কৰক ।’’ এই ঘটনা সন্দৰ্ভত কুন্দ্ৰাই কয় যে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁ ৬৩ দিন জেলত থাকিব লগা হৈছিল ।

লগতে পঢ়ক :ৰাজ কুন্দ্ৰাৰ চৌহদত ইডিৰ অভিযান

কুন্দ্ৰাই এই সময়ছোৱাত পৰিয়ালৰ পৰা আঁতৰি অধিক আৱেগিক হৈ পৰিছিল ৷ আনহাতে তেওঁক প্ৰকৃততে কাৰাগাৰত নহয় ডিটেনচন চেণ্টাৰতহে ৰখা হৈছিল । পৰিয়ালৰ পৰা আঁতৰি থাকি আৰু আদালতত বাদ-বিতণ্ডা কৰাটো তেওঁৰ বাবে কঠিন আছিল বুলিও তেওঁ স্বীকাৰ কৰে । “কিন্তু মই নিশ্চিত যে মই এই গোচৰত এদিন জয়ী হ’ম, কাৰণ মই জানো যে মই একো ভুল কৰা নাই ।” কুন্দ্ৰাই কয় ৷

তেওঁ লগতে কয়, "৬৩ দিনৰ বাবে আটক হোৱাৰ পিছত যদি গোচৰটোত কিবা সত্যতা থাকিলহেঁতেন তেন্তে জামিন পোৱাটো সম্ভৱ নহ'লহেঁতেন । ইয়াৰ বাবে ন্যায়পালিকাক ধন্যবাদ জনাইছো । যাৰ দ্বাৰা মোৰ আত্মবিশ্বাস অলপ ঘূৰাই আনিছে ।"

তেওঁ আৰু কয়, "মই নিশ্চিত যে মই এই গোচৰত জয়ী হ'ম ৷ কাৰণ মই জানো যে মই একো ভুল কৰা নাই । কিন্তু সেই ৬৩ দিন, মোৰ সুনামৰ ক্ষতি আৰু মোৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত অভিযোগ - ইয়াৰ কেতিয়াও ক্ষতিপূৰণ দিব নোৱাৰি ।"

‘‘আমি হেৰুৱাই পেলোৱাটো কেতিয়াও ঘূৰি নাহে । কিন্তু মই যুঁজি থাকিব লাগিব আৰু মই আশা কৰিছো যে এই সকলোবোৰৰ পিছত ন্যায় ওলাব ।’’ তেওঁ কয় ৷ কুন্দ্ৰাই লগতে দাবী কৰে যে ই এক ব্যৱসায়িক প্ৰতিদ্বন্দ্বিতাৰ ফল ৷ যি তেওঁৰ ওপৰত ব্যক্তিগত আক্ৰমণলৈ পৰিণত হৈছে ৷

তেওঁ দাবী কৰিছিল, "এবাৰ PC ত থাকোতে মাজনিশা কোনোবাই মোৰ ওচৰলৈ আহি কৈছিল - আপুনি তেওঁৰ লগত কিয় কাজিয়া কৰিছিল ? তেতিয়াই বুজিলো মোৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ কোনে ৰচনা কৰিছে ।"

কুন্দ্ৰাই লগতে কয় যে তেওঁৰ সুনাম ক্ষতিগ্ৰস্ত কৰাৰ ষড়যন্ত্ৰৰ আঁৰত থকা ব্যক্তিসকলৰ নাম উল্লেখ কৰি তেওঁ কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰোলৈ পত্ৰ লিখিছে । ৰাজহুৱাভাৱে নামবোৰ কোৱাৰ পৰা বিৰত থাকিলেও দোষীসকলক জবাবদিহি হ’ব লাগিব বুলিও তেওঁ ব্যক্ত কৰে । (ANI)

লগতে পঢ়ক :শিল্পা শ্বেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ পৰ্ণগ্ৰাফী গোচৰত অধিবক্তাৰ চাঞ্চল্যকৰ মন্তব্য

লগতে পঢ়ক :UT 69 Trailer: UT 69 ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত সেমেকি উঠিল ৰাজ কুন্দ্ৰা

ABOUT THE AUTHOR

...view details