চিটাৰা ডেস্ক, 17 জুন : যিকোনো অনুষ্ঠানতে পৰ্দাৰ তাৰকাসকলে কি পৰিধান কৰে সেয়া এক আলোচ্য বিষয় ৷ তেওঁলোকক প্ৰায়ে তেওঁলোকৰ ফেশ্বন ষ্টেটমেণ্টৰ বাবে প্ৰশংসা নতুবা সমালোচনা কৰা হয় ৷ প্ৰতিজনৰে আছে সুকীয়া ষ্টাইল ষ্টেটমেণ্ট ৷ শেহতীয়াকৈ দেওবাৰে জি কিউ এক্স এৰ’ অনুষ্ঠানত উপস্থিত হোৱা বলীউডৰ তাৰকাসকল তেওঁলোকৰ ফেশ্বন ষ্টেটমেণ্টৰ বাবে চৰ্চালৈ আহিছে ৷
তাৰকাৰ ফেশ্বন ষ্টেটমেণ্ট ((Video source: ANI)) ১৬ জুন দেওবাৰে সন্ধিয়া মুম্বাইত অনুষ্ঠিত হোৱা জি কিউ এক্স এৰ’ অনুষ্ঠানত নিজৰ আকৰ্ষণীয় শৈলী আৰু কৌশলেৰে উপস্থিত হয় একাংশ চেলেব্ৰিটী । বলীউডৰ অভিনেতা হৃত্বিক ৰোশন, নেহা শৰ্মা, অভনীত কৌৰ, অ’ৰী, পলক তিৱাৰী, কৰণ কুণ্ড্ৰা, অনুষ্কা সেনকে ধৰি কেইবাগৰাকীও চেলেব্ৰিটীয়ে এই অনুষ্ঠানৰ শোভা বৰ্ধন কৰে ৷
হৃত্বিক ৰোশনে নিজৰ সহজ ক্যুল ফেশ্বন চেন্সৰ সৈতে শ্ব’টোত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ একেই ৰঙৰ ট্ৰাউজাৰৰ সৈতে যোৰ কৰা বগা চাৰ্টৰ ওপৰত পাতল নীলা ৰঙৰ ব্লেজাৰ পিন্ধে তেওঁ । নিজৰ লুকটো সম্পূৰ্ণ কৰিবলৈ তেওঁ এভিয়েটৰ চশমাও পিন্ধে । ৱাৰ ২ৰ অভিনেতাগৰাকীৰ অনায়াসে সকলোকে নিজৰ ফালে টানিছিল ৷ ইফালে, নেহা শৰ্মা আৰু তেওঁৰ ভগ্নী আয়েশা শৰ্মাই সম্পূৰ্ণ ক’লা ৰঙৰ ড্ৰেছত কেমেৰাৰ সন্মুখত প’জ দিয়ে ৷
কংগনা ৰনৌতৰ টিকু ৱেডছ শ্বেৰুত দেখা পোৱা অভনীত কৌৰে ক’লা ৰঙৰ এটা ষ্ট্ৰেপলেছ গাউন পিন্ধি ফটোৰ বাবে প’জ দিয়ে । ষ্টাৰকিডৰ ঘনিষ্ঠ বন্ধু অ’ৰীয়ে সেউজীয়া টি-চাৰ্ট আৰু কেমফ্লেজ পেণ্ট পিন্ধি পাপাৰাজ্জীক সম্ভাষণ জনায় । পলক তিৱাৰীকো এটা আকৰ্ষণীয় ৰূপত দেখা যায় । বগা হুপ কাণফুলি এযোৰেৰে তেওঁ লুকটো সম্পূৰ্ণ কৰে ৷ আহছাছ চান্না, ঋষভ ছাউহনী, ভুৱন বাম, অভিমন্যু দছানি আৰু তাহা শ্বাহ বাদুষাকে ধৰি বহুতে অনুষ্ঠানটোৰ গ্লেমাৰ যোগ দিয়ে ।
লগতে পঢ়ক :শ্ৰদ্ধা-শ্বানায়া-খুশীৰ ফিটনেছ মন্ত্ৰ কি বাৰু জানেনে ? - BOLLYWOOD ACTORS SPOTTED