অসম

assam

ETV Bharat / entertainment

ঘৰতে বহি এইটো অ’টিটি প্লেটফৰ্মত চাওক ফাইটাৰ - Fighter film - FIGHTER FILM

Fighter Movie OTT Release: OTT ত মুক্তি পালে হৃত্বিক ৰোশনৰ Fighter ছবি । OTT প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পালে এই ছবিখন ৷

Hrithik Roshan and Deepika Padukone Starrer Fighter Release on OTT
OTT ত মুক্তি পালে হৃত্বিক ৰোশনৰ Fighter ছবি

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 1:05 PM IST

চিটাৰা ডেস্ক, ২১ মাৰ্চ: চলিত বৰ্ষৰ আৰম্ভণিতে বলীউডৰ অভিনেতা হৃত্বিক ৰোশনে নিজৰ ছুপাৰহিট ছবি ‘ফাইটাৰ’ৰ জৰিয়তে ডাঙৰ পৰ্দাত আলোড়নৰ সৃষ্টি কৰে । ছবিখনত হৃত্বিক ৰোশনৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছিল দীপিকা পাডুকনক । এই আকাশত প্ৰদৰ্শিত একশ্যন ছিকুৱেন্সৰে ভৰা ছবিখনে বক্স অফিচত ২১২.৬২ কোটি টকা উপাৰ্জন কৰিছিল । অৱশ্যে যদি আপুনি এই ছবিখন ডাঙৰ পৰ্দাত এতিয়াও দেখা নাই, তেন্তে এতিয়া ঘৰত বহিয়ে এই ছবিখন উপভোগ কৰিব পাৰিব ।

অ'টিটিত কেতিয়া মুক্তি পাব ছবিখন ?

যোৱা মাহৰ পৰা অ’টিটিত এই ছবিখন মুক্তি পাব বুলি চৰ্চা চলি আছিল । অৱশ্যে এতিয়া এই ছবিখন অ’টিটিত মুক্তি পালে । এই ছবিখনৰ সন্দৰ্ভত নেটফ্লিক্সৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এটা আপডেট দিয়া হৈছে । ছবিখনৰ সৰু সৰু ক্লিপিৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি নেটফ্লিক্সে কেপচনত লিখিছে, ‘‘লেডিজ এণ্ড জেন্টলমেন ফাইটাৰ অৱতৰণৰ বাবে সাজু হৈছে । ফাইটাৰ বুধবাৰে নিশা অৰ্থাৎ ২০ তাৰিখৰ মাজনিশা ১২ বজাত নেটফ্লিক্সত মুক্তি পাব ।’’ অৰ্থাৎ নেটফ্লিক্সত মুক্তি পালে ফাইটাৰ ৷

ছবিখনৰ পৰা ডিলিট কৰা দৃশ্য দেখুওৱা হ’ব নেটফ্লিক্সত

উল্লেখ্য যে, হৃত্বিক ৰোশন আৰু দীপিকা পাডুকন অভিনীত এই ছবিখন চলিত বৰ্ষৰ ২৬ জানুৱাৰীত মুক্তি লাভ কৰিছিল । ৱাৰ আৰু বেং বেং ছবিৰ পিচত সিদ্ধাৰ্থ আনন্দৰ সৈতে হৃত্বিক ৰোশনৰ এইখন আছিল তৃতীয়খন ছবি ।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত হৃত্বিক ৰোশনক ছবিখনৰ অ’টিটি মুক্তিৰ সন্দর্ভত কৈছিল, ‘‘ফাইটাৰ ছবি ভাৰতীয় বায়ুসেনালৈ আমাৰ শ্ৰদ্ধাঞ্জলি । নেটফ্লিক্সত এই ছবিখন মুক্তি পোৱাৰ পিচত দৰ্শকৰ প্ৰতিক্ৰিয়াৰ বাবে অপেক্ষা কৰি আছো ।’’ ইয়াৰ লগতে অভিনেতাগৰাকীয়ে জনাইছে যে ছবিখনৰ অ’টিটি সংস্কৰণত ছবিখনৰ সেই ডিলিট কৰা দৃশ্যসমূহো দেখুওৱা হ’ব যিবোৰ ছবিগৃহত দেখা পোৱা নাছিল । ইয়াৰ লগতে ছবিখনৰ অ’টিটি সংস্কৰণতো দেখা যাব ছবিখনৰ ‘বেকাৰ দিল’ গীতটো ।

লগতে পঢ়ক:ছবিজগতৰ পৰা দীঘলীয়া ছুটী ল’ব ৰণবীৰ সিঙে, প্ৰকাশ কৰিলে কাৰণ

ABOUT THE AUTHOR

...view details