চিটাৰা ডেস্ক, ১ মাৰ্চ : জুলাই মাহত বীৰেন মাৰ্চেণ্ট আৰু শৈলা মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী । ইফালে আজিৰ পৰা অৰ্থাৎ ১ মাৰ্চৰ পৰা আৰম্ভ হৈছে ৰাধিকা-অনন্তৰ প্ৰি-ৱেডিং অনুষ্ঠান ৷ এই অনুষ্ঠান ৩ মাৰ্চলৈকে চলিব ৷
অনন্ত আৰু ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ইতিমধ্যেই ভাৰত আৰু বিদেশৰ বহু বৃহৎ ব্যক্তিয়ে জামনগৰত উপস্থিত হৈছে । অমিতাভ বচ্চন, ছলমান খান, শ্বাহৰুখকে ধৰি দীপিকা পাডুকনকে ধৰি বহু তাৰকাও জামনগৰত উপস্থিত হৈছে ।
অনন্ত আৰু ৰাধিকাৰ বিবাহৰ পূৰ্বৰ উদযাপনত অনুষ্ঠান পৰিৱেশন কৰিবলৈ হলিউডৰ গায়িকা ৰিহানাও উপস্থিত হৈছে । কিন্তু আপুনি জানেনে অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ ৰিহানাই কিমান পাৰিশ্ৰমিক লৈছে ?অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত অৰিজিত সিং, প্ৰীতম, বি প্ৰাক, দিলজিৎ দোসাঞ্জ, হৰিহৰণ আৰু অজয়-অতুলেও গীত পৰিৱেশন কৰা দেখা যাব ।
আন্তঃৰাষ্ট্ৰীয় পপ তাৰকা ৰিহানাও এই তালিকাৰ শীৰ্ষত আছে ৷ যি বিশ্বৰ অন্যতম সৰ্বাধিক পাৰিশ্ৰমিক লোৱা সংগীত শিল্পী । বৃহস্পতিবাৰে জামনগৰ বিমানবন্দৰত ৰবিন ৰিহানা ফেণ্টীক দেখা পোৱা গৈছে আৰু এতিয়া তেওঁৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।