অসম

assam

ETV Bharat / entertainment

আজি ৰূপালী পৰ্দাত খোজ পেলালে হনুমেনে

শুকুৰবাৰে মুক্তি লাভ কৰিলে হিমাংশু প্ৰসাদ দাসৰ বহু প্ৰতীক্ষিত ছবি জয় হনুমেনে । লখিমপুৰৰ তিনিটাকৈ ছবিগৃহত এই ছবিখনৰ দৰ্শনী ৰখা হৈছে ।

By ETV Bharat Entertainment Team

Published : 5 hours ago

Himanshu Prasad Das directorial joy hanu man releases today
জয় হনুমেনৰ মুক্তি (ETV Bharat Assam)

লখিমপুৰ : জয় হনুমেনৰ আজি শুভমুক্তি । হিমাংশু প্ৰসাদ দাসৰ ছবি জয় হনুমেনে বিতৰ্কৰ মাজেৰে শুকুৰবাৰে ৰাজ্যৰ বহুসংখ্যক ছবিগৃহত মুক্তি লাভ কৰে । অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰৰ তিনিটাকৈ চিত্রগৃহত ছবিখন মুক্তি দিয়া হৈছে ।

লখিমপুৰৰ নক্ষত্র চিনেমা, বিশ্ব টকিজ আৰু গোল্ড চিনেমাত ছবিখনৰ দৰ্শনী আৰম্ভ কৰা হৈছে । নক্ষত্র চিনেমা আৰু বিশ্ব টকিজত তিনিটাকৈ দৰ্শনীৰ বিপৰীতে গোল্ড চিনেমাত দুটা দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে । উল্লেখ্য যে, শেহতীয়াকৈ অসমীয়া ছবি জগতৰ সুদিন ঘূৰি আহিছে বুলি সকলোৱে অনুভৱ কৰিছে, কিয়নো মুক্তি পোৱা ছবিসমূহে ভাল প্ৰদৰ্শন কৰিছে । অসমীয়া ছবিসমূহ দৰ্শকে আদৰি লৈছে । চলচ্চিত্ৰগৃহ সমূহত ৰাইজৰ ভিৰে এই কথাই প্ৰমাণ কৰিছে ।

কি কয় ছবিগৃহৰ পৰিচালকে (ETV Bharat Assam)

লগতে পঢ়ক :ঐতিহাসিক চৰাইদেউৰ ধোদৰ আলিৰ জৰাজীৰ্ণ ৰূপ দেখি খং উঠিল হনুমেনৰ

অসমীয়া ছবিসমূহে ৰাইজৰ পৰা ব্যাপক সঁহাৰি লাভ কৰাৰ সময়তে এক ব্যতিক্রমী কাহিনীৰে আজি মুক্তি লাভ কৰিছে জয় হনুমেনে । ৰাজ্য কঁপাই যোৱা এক সত্য ঘটনাৰ আধাৰত নিৰ্মাণ কৰা জয় হনুমেনে দৰ্শক ৰাইজৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হ’ব বুলি চলচ্চিত্রপ্ৰেমীসকলে আশা প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, ছবিখনৰ নামটোক লৈ ছবিখনৰ প্ৰচাৰৰ সময়তে বহুতে বিতৰ্কৰ সৃষ্টি কৰিছিল । অৱশ্যে নিৰ্মাতাই বিতৰ্কলৈ মন নিদি দৰ্শকক ছবিখন চাইহে নিজৰ মতামত ৰাখিবলৈ অনুৰোধ জনাইছিল ।

লখিমপুৰৰ বিশ্ব টকীজত গৌৰৱেৰে "জয় হনুমেন" (ETV Bharat Assam)

লখিমপুৰৰ বিশ্ব টকিজৰ পৰিচালক নৰেন হাজৰিকাই কয় যে শেহতীয়াকৈ অসমীয়া ছবিসমূহে ৰাইজৰ ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । হিমাংশু প্ৰসাদ দাসৰ পূৰ্বৰ ছবিকেইখনেও ৰাইজৰ পৰা সঁহাৰি পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে জয় হনুমেনকো নিশ্চয় ৰাইজে আদৰি ল’ব ।

লগতে পঢ়ক :কান্ধত গদা লৈ শুকুৰবাৰে ছবিগৃহলৈ আহিবলৈ সাজু হৈছে জয় হনুমেন

ABOUT THE AUTHOR

...view details