অসম

assam

মুকাভিনয় শিল্পী মইনুল হকলৈ সন্মানীয় গুৰুদক্ষিণা বঁটা 2024 - Gurudakshina Award Moinul Haque

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 8:16 PM IST

Updated : Aug 31, 2024, 9:05 PM IST

Mime artist Moinul Haque : অসমবাসী ৰাইজলৈ সুখবৰ ৷ মুকাভিনয় শিল্পক অসমত জনপ্ৰিয় কৰি তোলা শিল্পী মইনুল হকক ওড়িশাত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত প্ৰদান কৰা হয় গুৰুদক্ষিণা বঁটা 2024 ৷

Mime artist Moinul Haque
মুকাভিনয় শিল্পী মইনুল হকলৈ সন্মানীয় গুৰুদক্ষিণা বঁটা 2024 (ETV Bharat)

চিটাৰা ডেস্ক, 31 আগষ্ট :মইনুল হক, যাৰ নাম শুনিলেই মনলৈ আহে ক’লা-বগা মেকআপৰ কথা ৷ একমাত্ৰ ব্যক্তি যিজনে সমগ্ৰ উত্তৰ-পূবতে মুকাভিনয়ক জনপ্ৰিয় কৰি তুলিছে নব্বৈ দশকৰ পৰাই ৷ যিজনে মুকাভিনয়ক থলুৱা ক্ষেত্ৰৰ পৰা থিয়েটাৰৰ মঞ্চলৈ লৈ গৈছে, সেই মইনুল হকে আকৌ এবাৰ গৌৰৱান্বিত কৰিলে অসমবাসীক ৷

মুকাভিনয় শিল্পক অসমত জনপ্ৰিয় কৰি তোলা মইনুল হক (ETV Bharat Assam)

আপোনালোকে জানি সুখী হ’ব যে মইনুল হকে ভুৱনেশ্বৰৰ কলাশ্ৰমৰ পৰা সন্মানীয় "গুৰু দক্ষিণা বঁটা ২০২৪" লাভ কৰিছে ৷ তেওঁৰ লগতে থিয়েটাৰ পৰিচালক সীতাকান্ত মাহান্তি আৰু ওডিচী নৃত্যৰ গুৰু দুৰ্গা চৰণ ৰণবীৰকো আগবঢ়োৱা হৈছে এই সন্মান । অলপতে ভুৱনেশ্বৰৰ ৰবীন্দ্ৰ মণ্ডপত কলাশ্ৰমে তেওঁলোকক এই সন্মান প্ৰদান কৰে ।

ভুৱনেশ্বৰত গুৰুদক্ষিণা সন্মান গ্ৰহণ কৰিছে মইনুল হকে (ETV Bharat Assam)

সংগীত নাটক একাডেমি বঁটাপ্ৰাপক মুকাভিনেতা মইনুল হকৰ বাবে এয়া সঁচাকৈয়ে এক ডাঙৰ সন্মান, যিয়ে কেৱল অসমৰ অঞ্চলতে নহয়, ভাৰতৰ অন্যান্য প্ৰান্ততো বহু পৰিমাণে নিজাববীয়াকৈ মুকাভিনয়ক বিকশিত কৰিছে । উত্তৰ-পূব অঞ্চলত প্ৰায় এককভাৱে মুকাভিনয়ক জনপ্ৰিয় কৰি তোলা মইনুল হকক 2009 বৰ্ষত সন্মানীয় সংগীত নাটক একাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল ।

কলাশ্ৰমৰ উদ্যোগত বঁটা প্ৰদান অনুষ্ঠান (ETV Bharat Assam)

গুৰু অবিহনে যোৱা 30 বছৰ ধৰি মুকাভিনয়ৰ অনুশীলন কৰি আহিছে মইনুল হকে ৷ বঁটা গ্ৰহণৰ পিছত ই টিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ জানিবলৈ দিয়ে যে এই বঁটা লাভ কৰি স্বাভাবিকতে তেওঁ উৎফুল্লিত ৷ শিল্পীগৰাকীয়ে কয়- "এই বঁটাটোৱে মোক এই কলাৰ ৰূপটো প্ৰচাৰ কৰিবলৈ আৰু অধিক উৎসাহিত কৰিব । মোৰ অনুৰাগীয়ে সদায়ে মোৰ ভুলবোৰ দেখুৱাই আহিছে আৰু প্ৰকৃত বন্ধু, দাৰ্শনিক আৰু পথপ্ৰদৰ্শক হিচাপে উৎকৰ্ষতাৰ প্ৰশংসা কৰি আহিছে ৷ সেয়েহে মই এই সন্মান তেওঁলোকৰ অকুণ্ঠ সমৰ্থনৰ স্বীকৃতিস্বৰূপে তেওঁলোকৰ নামতেই উৎসৰ্গা কৰিছো ।" আগন্তুক পৰিকল্পনা সন্দৰ্ভত তেওঁ কয় যে তেওঁ অধিক শিক্ষাৰ্থীক স্থান দিয়াৰ বাবে গুবাহাটীত তেওঁৰ মাইম একাডেমী সম্প্ৰসাৰিত কৰি আছে আৰু এনেদৰেই তেওঁ মাইমক তৃণমূল স্তৰলৈ লৈ যাব ।

উল্লেখ্য যে, কলাশ্ৰমৰ উদ্যোগত গুৰুদক্ষিণা বঁটা বিগত বহু বছৰ ধৰি প্ৰদান কৰি অহা হৈছে ৷ এই বছৰৰ এয়া 19 সংখ্যক গুৰুদক্ষিণা বঁটা প্ৰদান অনুষ্ঠান ৷ শাস্ত্ৰীয় নৃত্য, সংগীত আৰু থিয়েটাৰৰ এই তিনিদিনীয়া উৎসৱ বুধবাৰৰ পৰা চলি আছিল ।

এই অনুষ্ঠানত বিশিষ্ট ওডিচী নৃত্যৰ গুৰু সুজাতা মহপাত্ৰ, তবলাবাদক অজয় ​​চৌধুৰী আৰু মুকাভিনেতা ব্ৰজকিশোৰ মালিকক 2024 চনৰ ক্ৰিয়েটিভ টেলেণ্ট এৱাৰ্ডেৰে সন্মানিত কৰা হ’ব ।

লগতে পঢ়ক :পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বাৰ্তাৰে আহি আছে সেউজ সন্ধান - New Assamese films

Last Updated : Aug 31, 2024, 9:05 PM IST

ABOUT THE AUTHOR

...view details