চিটাৰা ডেস্ক, 29 আগষ্ট : বৰ্তমান শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমাৰ ৰাও অভিনীত ভৌতিক কমেডি ছবি 'স্ত্ৰী 2' বাতৰিৰ শিৰোনামত আছে । 'স্ত্ৰী 2' ইয়াৰ ভৌতিক-কৌতুক সমলৰ লগতে ইয়াৰ গানৰ সৈতে হিট হৈ পৰিছে । ছবিখনৰ প্ৰায় সকলোবোৰ গানেই দৰ্শকে পছন্দ কৰিছে । এতিয়া অৰ্মেক্স মিডিয়াই 2024 বৰ্ষৰ শীৰ্ষ 5 টা গানৰ এখন তালিকা প্ৰকাশ কৰিছে, য’ত স্ত্ৰী 2 ৰেই চাৰিটা গান অন্তৰ্ভুক্ত হৈছে ।
আজ কি ৰাত
অৰ্মেক্স মিডিয়াৰ প্ৰতিবেদন অনুসৰি, 'স্ত্ৰী 2' ৰ আইটেম নাম্বাৰ আজ কি ৰাত তালিকাৰ এক নম্বৰত আছে । গানটোত দৰ্শকৰ মন-মগজু তামান্না ভাটিয়াৰ আবেদনময়ী নৃত্য ভংগীমাত আৱদ্ধ হৈ আছে । এই গীতটো অমিতাভ ভট্টাচাৰ্যই লিখিছে । গানটোত শচীন-জিগাৰে সংগীত দিছে আৰু গানটোত মাধুবান্তি বাগচী, দিব্যা কুমাৰ, শচীন-জিগাৰে কণ্ঠদান কৰিছে । গানটোৱে ইউটিউবত 160 মিলিয়নতকৈয়ো অধিক ভিউজ লাভ কৰিছে ।
আয়ী নেহী
অৰ্মেক্স মিডিয়াৰ শীৰ্ষ 5 টা গানৰ তালিকাত স্ত্ৰী 2 ৰ গান ‘আয়ী নেহী’ দ্বিতীয় স্থানত আছে । এই গানটোত শ্ৰদ্ধা কাপুৰৰ সৌন্দৰ্য আৰু ৰাজকুমাৰ ৰাওৰ ধেমেলীয়া শৈলীয়ে দৰ্শকক আকৰ্ষণ কৰিছে । এই গানটো দক্ষিণৰ বিখ্যাত কৰিঅ’গ্ৰাফাৰ জনি মাষ্টাৰে পৰিচালনা কৰিছে । অমিতাভ ভট্টাচাৰ্যইয়ে আয়ী নেহীৰ গীত লিখিছে । গানটো পৱন সিং, সিমৰণ চৌধুৰী, দিব্যা কুমাৰ আৰু শচীন জিগাৰে গাইছে । ই ইউটিউবত 90 মিলিয়ন ভিউজ লাভ কৰিছে ।
তৌবা-তৌবা