গুৱাহাটী :২০২৪ বৰ্ষত ‘পিশাচ’ শীৰ্ষক এখন ছবিয়ে বহুলভাৱে চৰ্চা লাভ কৰিছিল ৷ অসমীয়া ছবি ‘পিশাচ’ৰ মুক্তিয়ে অসমীয়া ছবি জগতত এটা নতুন আৰু ব্যতিক্ৰমী কনচেপ্টৰ ঢৌ তুলিছিল । নিৰ্মাতাই দাবী কৰা অনুসৰি এইখন আছিল অসমীয়া ভাষাত নিৰ্মাণ কৰা প্ৰথমখন ডাৰ্ক মুভী ৷
আমাৰ প্ৰত্যেকৰে জীৱনত ঘটা কিছুমান ঘটনাই আমাক কোনটো পৰ্যায়লৈ লৈ যাব পাৰে সেয়া আমাৰ কল্পনাৰো অগোচৰ । জীৱনত ঘটা কিছু অবাঞ্চিত ঘটনাৰ বাবে এগৰাকী ব্যক্তিক মানুহৰ পৰা পিশাচ হ’বলৈ প্ৰয়োজন হয় মাথো কেই ছেকেণ্ডৰ ৷ তাৰ পিচতে সলনি হৈ পৰে সকলো ৷ এনে এক ঘটনাৰ আধাৰতে নিৰ্মাণ কৰা হৈছিল এখন অসমীয়া ছবি ‘পিশাচ’ ৷
এই ছবিখন এটা কঠোৰ বিষয়বস্তু লৈ নিৰ্মাণ কৰা হৈছে ৷ যিসকলে ডাৰ্ক মুভী চাই ভাল পাই তেওঁলোকে ছবিখন নিশ্চয়কৈ উপভোগ কৰিব ৷ মানুহৰ পৰা পিশাচ হোৱালৈ যাত্ৰা কেনে হ’ব পাৰে সেয়া আমি অনুমান কৰিবও নোৱাৰো, অনুভৱ কৰাটো দূৰৰে কথা ৷
ছবি এনে এক মাধ্যম, যিয়ে দৰ্শকৰ মনত দকৈ সাঁচ বহুৱাই ৷ পিশাচ ছবিখনত এনে বহুতো দৃশ্য আছে, যি দুৰ্বল হৃদয়ৰ মানুহে চোৱাতো কষ্টকৰ হ’ব পাৰে ৷ বহু তাৰকাই আনকি অসমত এনে ধৰণৰ চিনেমা নিৰ্মাণ হ’ব বুলি কল্পনাই কৰা নাছিল বুলিও মন্তব্য কৰিছিল ৷
ফায়াৰফ্লাই ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনে প্ৰতিগৰাকী চলচ্চিত্ৰপ্ৰেমীৰ মাজত সঁহাৰি লাভ কৰাৰ পাছত এতিয়া মুক্তি লাভ কৰিব হিন্দী ভাষাত । ছবিখনৰ ট্ৰেইলাৰটোৱে মুক্তিৰ পিছতে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । ছবিখনৰ সহঃপৰিচালক মৃণাল ডেকাই জনোৱা অনুসৰি ইতিমধ্যে সমাপন হৈছে ছবিখনৰ ডাবিঙৰ কাম ।