চিটাৰা ডেস্ক, 26 জুন :2017 চনৰ আগলৈকে ছয়গাঁৱৰ এই যুৱতীগৰাকীৰ নাম হয়তো বহুতে শুনাই নাছিল ৷ কোনেও চিনি পোৱা নাছিল চলচ্চিত্ৰৰ নামত নিজকে সপি দিব পৰা ৰীমা দাস নামৰ এই যুৱতীগৰাকীক ৷ ব্যৱধান মাত্ৰ সাত বছৰৰ ৷ আজি সমগ্ৰ বিশ্বই চিনি পাই ছয়গাঁৱৰ বোকা-মাটি গচকি, নিজেই কেমেৰা ধৰি, নিজেই কাহিনী ৰচনা কৰি, নিজেই পৰিচালনা কৰি উলিওৱা ‘ভিলেইজ ৰকষ্টাৰ্ছ’ ৰ নিৰ্মাতা ৰীমা দাসক ৷ কেৱল অসমৰে নহয়, বলীউডৰে নহয়, বিশ্বৰ চলচ্চিত্ৰ জগতৰ বাবে এতিয়া ৰীমা দাস এটা চিনাকি আৰু সন্মানীয় নাম ৷
2024 বৰ্ষৰ অস্কাৰ একাডেমীৰ সদস্যৰূপে মনোনিত হৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক, অসমকন্যা ৰীমা দাসৰ ৷ ইয়াৰ পূৰ্বে এই সন্মানীয় সদস্যৰ পদত মনোনিত হৈছিল ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৈতে জড়িত আন দুগৰাকী কৃতিমান অসম সন্তান ৷
তেওঁলোক আছিল প্ৰখ্যাত চাউণ্ড ডিজাইনাৰ দেৱজিৎ চাংমাই (2018)আৰু অমৃত প্ৰীতম (2017) ৷ এই দুই সুদক্ষ অসমীয়াৰ পিচত এইবাৰ এই আসন শুৱনি কৰিবলৈ ৰীমা দাসৰ দৰে অত্যন্ত প্ৰতিভাৱান এগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা নিৰ্বাচিত হোৱাটো সমগ্ৰ অসম আৰু অসমবাসীৰ বাবেই গৌৰৱৰ বিষয় ৷
উল্লেখ্য যে, এইবাৰ অস্কাৰ একাডেমীৰ সদস্যৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বিশ্বৰ চলচ্চিত্ৰ জগতৰ সৈতে জড়িত সৰ্বমুঠ 487 গৰাকী বিশিষ্ট শিল্পী ৷ এইসকলৰ ভিতৰত ভাৰতীয় চলচ্চিত্ৰ জগতৰ আঠগৰাকী স্বনামধন্য ব্যক্তিও অন্তৰ্ভুক্ত হৈ আছে, য’ত অন্যতম হৈছে অসমকন্যা ৰীমা দাস ৷