অসম

assam

ETV Bharat / entertainment

ভইচ টেষ্টলৈ মাতি কিয় একেদিনাই কৰা হৈছিল 'ৰত্নাকৰ'ৰ গীতৰ ৰেকৰ্ডিং - Artist Harshita Bhattacharjya - ARTIST HARSHITA BHATTACHARJYA

Harshita Bhattacharjya interview: গান গোৱাৰ উপৰিও আৰু কি কৰি ভাল পাই শিশু কণ্ঠশিল্পী হৰ্ষিতা ভট্টাচাৰ্যই ? কিমান বয়সৰ পৰা আৰম্ভ হৈছিল হৰ্ষিতাৰ সংগীতৰ যাত্ৰা ? বৰ্তমানলৈ কিমানটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্ব'ত অংশগ্ৰহণ কৰিছে হৰ্ষিতাই ? ই টিভি ভাৰতৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত হৰ্ষিতাই ক’লে তেওঁৰ মনৰ বহু কথা-

etvbharat special interview
কণ্ঠশিল্পী হৰ্ষিতা ভট্টাচাৰ্য (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Aug 28, 2024, 7:59 PM IST

গুৱাহাটী, 28 আগষ্ট :"এটা কথা কোৱা না...চুই মোক চোৱা না" ৰত্নাকৰ ছবিখনৰ এই জনপ্ৰিয় গীতটিত কণ্ঠদান কৰি দৰ্শকৰ মন জয় কৰা শিশু কণ্ঠশিল্পী হৰ্ষিতা ভট্টাচাৰ্য । তিনিবছৰ বয়সৰ পৰাই গীত গাই অহা হৰ্ষিতাই ৰাষ্ট্ৰীয় পৰ্যায়ত দুটাকৈ জনপ্ৰিয় ৰিয়েলিটী শ্ব'ত অংশগ্ৰহণ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । বৰ্তমান মহৰ্ষি বিদ্যা মন্দিৰৰ অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছে হৰ্ষিতাই । এগৰাকী ভাল কণ্ঠশিল্পী হোৱাৰ লগতে অভিনয়তো ৰাপ আছে হৰ্ষিতাৰ । শিশু চৰিত্ৰত অভিনয় কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা পাবলৈয়ো সক্ষম হৈছে হৰ্ষিতা ।

এটা কথা কোৱা না... হৰ্ষিতাই ক'ব শুনকচোন (ETV Bharat Assam)

হৰ্ষিতাৰ সংগীতৰ যাত্ৰা কিমান বয়সৰ পৰা আৰম্ভ হৈছিল ?

কণমানি হৰ্ষিতাই তেওঁৰ সংগীত যাত্ৰাৰ আৰম্ভণিৰ সন্দৰ্ভত কয়, ‘মোৰ তিনিবছৰ বয়সৰ পৰাই সংগীতৰ এই যাত্ৰা আৰম্ভ হৈছিল । তিনিবছৰ বয়সৰ পৰাই মই মোৰ গুৰু মহানন্দ দাস ছাৰৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰি আহিছো । লগতে মই সৰুৰে পৰা বহু মঞ্চত সংগীত পৰিৱেশন কৰাৰ লগতে প্ৰতিযোগিতাসমূত অংশগ্ৰহণ কৰি আহিছো । মা-দেউতাই মোক সৰুৰে পৰাই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰাবলৈ লৈ যায় । তেনেদৰে মই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্ব'তো অংশগ্ৰহণ কৰিবলৈ গ’লো ।’

বৰ্তমানলৈ কিমানটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্ব'ত অংশগ্ৰহণ কৰিছে হৰ্ষিতাই ?

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্ব'ত অংশগ্ৰহণ কৰা আৰু ইয়াৰ অভিজ্ঞতা সন্দৰ্ভত হৰ্ষিতাই কয়, ‘2018 চনত মই প্ৰথম এণ্ড (&) টিভিয়ে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্ব’ ‘লাভ মি ইণ্ডিয়া’ত অংশগ্ৰহণ কৰিছিলো আৰু অনুষ্ঠানটোত মই ‘দ্বিতীয় ৰানাৰ্ছ আপ’ হওঁ । মোৰ দ্বিতীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্ব' আছিল 'ছুপাৰষ্টাৰ ছিংগাৰ ছিজন -2'। এই শ্ব'টোতো মোৰ ভালেই অভিজ্ঞতা হৈছিল, টপ-15 লৈ এই শ্ব'টোত মই আছিলো ।’

লগতে পঢ়ক :“গুণ গুণ কথা মৰমৰ” ধাৰাবাহিকৰ অভিনেতা অনিৰ্বাণ কলিতাৰ জীৱনত এভুমুকি - Anirban kalita Gungun Kotha Moromor

‘ৰত্নাকৰ’ ছবিখনৰ সৈতে কেনেদৰে যোগাযোগ হৈছিল হৰ্ষিতাৰ লগত ?

ৰত্নাকৰ ছবিখনৰ সম্পর্কত হৰ্ষিতাই কয়, ‘2018 চনত মই যেতিয়া লাভ মি ইণ্ডিয়াৰ 'দ্বিতীয় ৰানাৰ্ছ আপ' হৈ আহো, তেতিয়া সেয়া চাই যতীন বর্তা আৰু নৱনীতা বৰ্মাই মোক যোগাযোগ কৰিলে । মোৰো সৌভাগ্য জুবিন গাৰ্গ ছাৰৰ লগত বোলছবি এখনত গান গাবলৈ সুযোগ পাইছো । মোক প্ৰথমে তেওঁলোকে ‘ভইচ টেষ্ট’ ৰ বাবে মাতিছিলে, কিন্তু মোৰ ভইচটো তেওঁলোকে ইমানেই ভাল পালে যে সেইদিনাই তেওঁলোকে ৰেকৰ্ডিঙো কৰাই দিলে । ৰাইজে গীতটি বৰ ভাল পালে, সেইকেইটা দিন মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট হিচাপে আহিছিল ।’

ই টিভি বাল ভাৰতৰ সৈতে কি সম্পৰ্ক আছে হৰ্ষিতাৰ ?

ই টিভি বাল ভাৰতৰ অসমীয়া আৰু হিন্দীৰ থিম গীতটিত কণ্ঠদান কৰিছে হৰ্ষিতাই । এই সম্পৰ্কে হৰ্ষিতাই কয়, ‘সেই গীতটি লকডাউনৰ সময়ত ৰেকৰ্ডিং কৰা হৈছিল । প্ৰথমে মই অসমীয়াৰ বাবে ডাবিং কৰিছিলো, তাৰ পাছত হিন্দী গীতটোৰ বাবেও যোগাযোগ কৰা হৈছিল আৰু পাছদিনা মই হিন্দীৰ বাবে ডাবিং কৰিছিলো ।’

উল্লেখ্য যে, অসমীয়াৰ লগতে হিন্দী, মাৰাঠী, ইংৰাজী আদিকে ধৰি বহুকেইটা ভাষাৰ গীতত কণ্ঠদান কৰা হৰ্ষিতাই বৰ্তমান নিজৰ এলবামৰ কামত ব্যস্ত হৈ আছে । শেহতীয়াকৈ Roshani International Film Festival 2024 ত ‘পিঞ্জৰা’ ছবিখনৰ বাবে হৰ্ষিতাই শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা লাভ কৰে ।

লগতে পঢ়ক :YouTube ৰ পৰা কেনেকৈ ছবিজগত পালেগৈ ৰাজীৱ দুৱৰী - Actor Rajib Dowari interview

ABOUT THE AUTHOR

...view details