গুৱাহাটী, 4 এপ্ৰিল :অসমীয়া লোক-সাংস্কৃতিকৰ এটা অংশ হৈছে বিয়ানাম । বৰ্তমান সময়ৰ সোঁতত কৰবাত যেন হেৰাই গৈছে বিয়ানামৰ এই পৰম্পৰা । হেৰাই যোৱা এই পৰম্পৰা ধৰি ৰাখিবলৈ চেষ্টা কৰা এজন যুৱক । সামাজিক মাধ্যমত বিয়ানাম গাই চর্চা লাভ কৰা যুৱকজনৰ নাম পাৰ্থ গগৈ ।
চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ পাৰ্থৰ ঘৰ শিৱসাগৰ জিলাত । সময়ৰ সোঁতত হেৰাই যাবলৈ ধৰা বিয়া নামবোৰ বুটলি আনি সেইসমূহ জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে পাৰ্থই । সংগীতৰ জগতত নিজক প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হেঁপাহ থকা পাৰ্থই কেৱল বিয়া নামেই নহয়, বিহু গীতৰ পৰা আৰম্ভ কৰি আধুনিক গীতলৈ সকলো গীত পৰিবেশন কৰিব পাৰে ।
সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ সুন্দৰকৈ গাব পাৰে এটাৰ পিচত আনটো গান । বিয়ানামক জীয়াই ৰখাৰ অহৰহ চেষ্টা কৰিছে পাৰ্থই । মুখে মুখে প্ৰচলিত হৈ অহা এই বিয়ানামসমূহ শুনি শুনিয়ে গাবলৈ চেষ্টা কৰে পার্থই । এইক্ষেত্ৰত বহুতে টুলুঙা মন্তব্যও কৰে পাৰ্থক । ছ’চিয়েল মিডিয়াৰ ঋণাত্মক দিশটোৰ সন্দৰ্ভত পাৰ্থ গগৈয়ে মন্তব্য কৰি কয়, ‘বিয়ানাম গোৱাৰ বাবে বহুতে মোক নিগেটিভ কমেন্ট কৰে ,'সেই সমূহক মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি আগবাঢ়ি গৈ আছোঁ ।’