অসম

assam

ETV Bharat / entertainment

আধুনিক ছবিৰ কাৰিকৰী চমকেও ম্লান কৰিব পৰা নাই অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰক - ASSAMESE MOBILE THEATRE POPULARITY

১৯১০ চনত পাঠশালাত নাট্যকাৰ-অভিনেতা সন্তৰাম চৌধুৰীয়ে ‘পাঠশালা থিয়েটাৰ পাৰ্টী’ গঠন কৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰম্পৰা আৰম্ভ কৰিছিল ৷ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এক বিশেষ প্ৰতিবেদন ।

spactacle of modern films not a threat to the popularity of Assamese mobile theatre
অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয়তা (Photo : ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Feb 11, 2025, 1:05 PM IST

Updated : Feb 11, 2025, 2:57 PM IST

নগাঁও : বিভিন্ন উন্নত কাৰিকৰী কৌশল ব্যৱহাৰেৰে নিৰ্মাণ কৰা হিন্দী অথবা অসমীয়া ছবিক ফেৰ মাৰি নিজৰ জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱা বিশ্বৰ ভিতৰতেই বিৰল একমাত্ৰ থলুৱা উদ্যোগটোৱেই হৈছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ । দহ সহস্ৰাধিক পৰিয়ালৰ উপাৰ্জনৰ বাট মুকলি কৰা অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ সামাজিক তথা বিভিন্ন দিশ উপস্থাপন কৰাৰো এক অন্যতম মাধ্যম ।

সম্প্ৰতি অসমত অধিক জনপ্ৰিয় হৈ পৰা ভ্ৰাম্যমাণ থিয়েটাৰৰ আছে এক ঐতিহ্য তথা সুকীয়া বৈশিষ্ট্য । অসমত সৰু-বৰ প্ৰায় ৪০-৫০ টা ভ্ৰাম্যমাণ দল আছে, যিয়ে এটা নাট্যবৰ্ষত প্ৰায় ২৪০ নিশা নাট প্ৰদৰ্শন কৰি আহিছে ৷ প্ৰায় এশ কোটিৰো অধিক টকাৰ ব্যৱসায়েৰে বছৰটোত প্ৰতিটো নাট্য দলে ৮০-৮৫ খনকৈ পেণ্ডেলত গড়ে তিনিখনকৈ নাটক প্ৰদৰ্শন কৰি প্ৰায় ২৪০ নিশা নাট প্ৰদৰ্শন কৰে । এনেক্ষেত্ৰত অসমৰ প্ৰায় ৫০ টা ভ্ৰাম্যমাণ থিয়েটাৰ দলে ২৪০ নিশাত মুঠ ১২০০ পেণ্ডেলত নাট প্ৰদৰ্শন কৰি দৰ্শকক আকৰ্ষণ কৰি আহিছে বুলি ক'ব পাৰি ৷

আধুনিক ছবিৰ কৰিকৰী চমকেও ম্লান কৰিব পৰা নাই অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰক (ETV Bharat Assam)

প্ৰায়েই দৰ্শকৰ দাবীত দ্বিতীয় প্ৰদৰ্শনীও কৰিবলগীয়া হয় । ব্যৱসায়িক দিশত প্ৰায় ৫০ টা ভ্ৰাম্যমাণ নাট্য দলেই স্থানীয় আয়োজক সমিতিৰ আমন্ত্ৰণ ক্ৰমে এটা নিৰ্দিষ্ট পৰিমাণৰ ধনৰ বিনিময়ত চুক্তিবদ্ধ হৈ নাট মঞ্চস্থ কৰে । নগাঁৱৰ এটা আয়োজক সমিতিয়ে ই টিভি ভাৰতক জনোৱা মতে, বিভিন্ন নাট্যগোষ্ঠীৰ ক্ষেত্ৰত ভিন্ন হয় ধনৰ পৰিমাণ । ভ্ৰাম্যমাণ থিয়েটাৰসমূহকো প্ৰথম, দ্বিতীয় আদি শ্ৰেণীত বিভক্ত কৰি ধনৰ পৰিমাণ নিৰ্ণয় কৰি চুক্তি স্বাক্ষৰিত কৰা হয় আয়োজক সমিতি আৰু থিয়েটাৰ দলৰ মাজত । অসমৰ প্ৰায় ৫০ টা ভ্ৰাম্যমাণ দলে বছৰটোত আনুমানিক এশ কোটিৰো অধিক টকাৰ ব্যৱসায় কৰে বুলি ধাৰণা কৰাৰ কথা জানিবলৈ দিয়ে নগাঁৱৰ এটা আয়োজক সমিতিয়ে ।

ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় (Photo : ETV Bharat Assam)

লগতে পঢ়ক :‘মেটা’ এৱাৰ্ডছৰ পৰা ডিজনী+হটষ্টাৰলৈ যাত্ৰা নাট্যকাৰ বিদ্যুৎ কুমাৰ নাথৰ

নাট্যদলসমূহে অসমৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ সৈতেও এক নিৰ্দিষ্ট পৰিমাণৰ ধনৰ বিনিময়ত এটা এটা নাট্যবৰ্ষৰ বাবে চুক্তি স্বাক্ষৰিত কৰে । অভিনেতা-অভিনেত্ৰীৰ উপৰিও এটা নাট্যদলত বিভিন্ন কলা-কুশলীৰ লগতে সমগ্ৰ মঞ্চ, প্ৰেক্ষাগৃহ আৰু দৰ্শকৰ বাবে চকী, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ পেণ্ডেল কঢ়িয়াই নিয়া বাহন চালক, মেকআপ আৰ্টিষ্টলৈকে প্ৰায় ডেৰশৰ পৰা দুশ লোক জড়িত হৈ থাকে । এনেক্ষেত্ৰত অসমৰ সৰু-বৰ প্ৰায় ৫০ টা নাট্যদলত প্ৰায় দহ হেজাৰৰো অধিক পৰিয়ালে এই ভ্ৰাম্যমাণ নাটকৰ জৰিয়তেই সংস্থাপন লাভ কৰি আহিছে । এই কথা জনাইছে অসমীয়া চলচ্চিত্ৰ জগতৰ লগতে ভ্ৰাম্যমাণ জগতৰো জনপ্ৰিয় অভিনেতা যতীন বৰাই ।

ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত কলা-কুশলী (Photo : ETV Bharat Assam)

ভ্ৰাম্যমাণ থিয়েটাৰৰ এক অন্যতম পৰম্পৰাই হৈছে Show must go on । কি এই Show must go on ?

নাট প্ৰদৰ্শনৰ বাবে থিয়েটাৰ দলসমূহে আগতীয়াকৈ চুক্তিবদ্ধ হয় আয়োজক সমিতিৰ সৈতে । এনেস্থলত কোনোবা অভিনেতা অথবা অভিনেত্ৰীৰ পৰিয়ালৰ কোনো লোকৰ পৰলোকপ্ৰাপ্তি হ’লেও ভ্ৰাম্যমাণত অভিনয় কৰি দৰ্শকক দিবলগীয়া হয় মনোৰঞ্জন । এইক্ষেত্ৰত অভিনেতা যতীন বৰাই ই টিভি ভাৰতৰ সন্মুখত ব্যক্ত কৰে নিজৰ অভিজ্ঞতাও । যতীন বৰাইয়ো পিতৃৰ বিয়োগৰ সময়ত কৰিবলগীয়া হৈছিল ভ্ৰাম্যমাণত অভিনয় । পিতৃৰ মুখাগ্নি কৰিয়েই ভ্ৰাম্যমাণত হাঁহি, ৰোমাঞ্চৰ অভিনয় কৰাৰ কথা উল্লেখ কৰি যতীন বৰাই কয়, “এফালে চিতাত জ্বলি আছিল মোৰ পিতৃ, আনফালে মই ভ্ৰাম্যমাণত অভিনয় কৰি দৰ্শকক দিছিলো আমোদ । বুকুত বিষাদ বেদনা সামৰি হাঁহি-ৰোমাঞ্চৰ অভিনয়েৰে দৰ্শকক আমোদ দিবলগীয়া হৈছিল । অৱশ্যে দৰ্শকৰ পৰাও লাভ কৰিছিলো সাহস ।”

ভ্ৰাম্যমাণ থিয়েটাৰ (Photo : ETV Bharat Assam)

ৰাজধানী থিয়েটাৰৰ পদ্ম বৰাই অভিনয় কৰি থাকোতেই পুত্ৰ দুৰ্ঘটনাত পতিত হৈ ভেণ্টিলেশ্যনত থকাৰ খবৰ লাভ কৰিও হাঁহি-ধেমালিৰে অভিনয় কৰাৰ কথা উল্লখ কৰি এনে অলেখ উদাহৰণ থকাৰ কথা জানিবলৈ দিয়ে অভিনেতা যতীন বৰাই ।

ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস

অচ্যুত লহকৰক ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃপুৰুষ বুলি কোৱা হয় । ১৯১০ চনত পাঠশালাত নাট্যকাৰ-অভিনেতা সন্তৰাম চৌধুৰীয়ে ‘পাঠশালা থিয়েটাৰ পাৰ্টী’ গঠন কৰি নাট্যদলৰ লগতে মঞ্চ আৰু মঞ্চাভিনয়ৰ সা-সঁজুলি কঢ়িয়াই লৈ যোৱাৰ প্ৰথা প্ৰথমে আৰম্ভ কৰা বুলি জনা যায় । ১৯৩০ চনত ব্ৰজনাথ শৰ্মাই গঠন কৰা কহিনুৰ অপেৰা পাৰ্টী বিপুলভাৱে জনপ্ৰিয় হৈছিল আৰু সমগ্ৰ অসম ভ্ৰমণ কৰি নাট প্ৰদৰ্শন কৰিছিল । কহিনুৰ অপেৰাই স্বয়ংনিৰ্ভৰশীলভাৱে পৰিভ্ৰমণকাৰী নাট্যদল গঠন কৰাত বিশেষ বৰঙণি যোগাইছিল । প্ৰথম প্ৰদৰ্শনী আৰু থিয়েটাৰ নামকৰণ কৰি ১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালা নগৰৰ হৰিমন্দিৰ প্ৰাংগণত সজা অস্থায়ী প্ৰেক্ষাগৃহত প্ৰথমবাৰৰ বাবে নাটক মঞ্চস্থ কৰা হৈছিল ।

অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয়তা (Photo : ETV Bharat Assam)

লগতে পঢ়ক :থিয়েটাৰ কৰা ছোৱালী বুলি বহুতে সহজে নলয় : অনিতা চক্ৰৱৰ্তী - Anita chakraborty Interview

নটৰাজ থিয়েটাৰ নামেৰে নামাকৰণ কৰা থিয়েটাৰ গোষ্ঠীটোৰ প্ৰথম নাটক আছিল ফণী শৰ্মাৰ ‘ভোগজৰা’ । তেতিয়ালৈ অৱশ্যে ইয়াক ভ্ৰাম্যমাণ থিয়েটাৰ নাম দিয়া হোৱা নাছিল । প্ৰথম বছৰেই সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই গুৱাহাটীৰ টাউন ক্লাবৰ সাহায্যাৰ্থে নটৰাজ থিয়েটাৰক নিমন্ত্ৰণ কৰিছিল আৰু বাতৰি কাকতত "বিশ্বৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ" বুলি ডাঙৰ হৰফেৰে বিজ্ঞাপন দিছিল । তেতিয়াৰে পৰাই এই অনুষ্ঠান 'ভ্ৰাম্যমাণ থিয়েটাৰ' বুলি সৰ্বত্ৰে জনাজাত হয় । অৱশ্যে পৰৱৰ্তী সময়ত বহুকেইটা থিয়েটাৰ গোষ্ঠী গঢ়ি উঠে অসমত । ২০১১ চনলৈকে অসমত এশৰো অধিক ভ্ৰাম্যমাণ গোষ্ঠীয়ে জন্মলাভ কৰিছিল যদিও অতি শেহতীয়াকৈ ৪০-৪৫ টা গোষ্ঠীয়ে নাট মঞ্চস্থ কৰি জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে । সম্প্ৰতি অসমত প্ৰায় ৪০-৪৫ টা দলে থিয়েটাৰ প্ৰদৰ্শন কৰি আহিছে যদিও ইয়াৰ ভিতৰত অন্যতম হৈছে - আৱাহন থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, ইতিহাস থিয়েটাৰ, হেঙুল থিয়েটাৰ, শংকৰদেৱ থিয়েটাৰ, ৰাজমুকুট থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ, বৃন্দাৱন থিয়েটাৰ, ৰাজতিলক থিয়েটাৰ, ৰুদ্ৰাক্ষ থিয়েটাৰ আদি । আৱাহান থিয়েটাৰত জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, ইতিহাস থিয়েটাৰত যতীন বৰাৰ লগতে অন্যান্য থিয়েটাৰত মৃদুল ভূঞাৰ দৰে শিল্পীয়ে বলিষ্ঠ অভিনয়েৰে দৰ্শকক মোহাচ্ছন্ন কৰি আহিছে ।

গৌৰৱোজ্জল ইতিহাস সমৃদ্ধ ভ্ৰাম্যমাণ থিয়েটাৰ (Photo : ETV Bharat Assam)

আধুনিক ছবিৰ চমকে আজিও ম্লান পেলাব পৰা নাই অসমৰ ভ্ৰাম্যমাণক থিয়েটাৰক: প্ৰস্তুতি পৰাশৰ

অসমীয়া অথবা হিন্দী ছবিৰ আধুনিক চমকে কিন্তু ম্লান পেলাব পৰা নাই অসমীয়া থলুৱা উদ্যোগ ভ্ৰাম্যমাণ থিয়েটাৰক । আধুনিক ছবিৰ ধামখুমীয়াৰ মাজতো অসমত ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয়তা হ্ৰাস কৰিব নোৱৰা সন্দৰ্ভত জনপ্ৰিয় অভিনেত্ৰী তথা প্ৰথম শ্ৰেণীৰ ভ্ৰাম্যমাণ গোষ্ঠী আৱাহান থিয়েটাৰৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰে ই টিভি ভাৰতৰ সাংবাদিকৰ আগত কয়, “ছবি যিমানেই চমকপ্ৰদ নহওক কিয় অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত আছে অসমীয়াৰ আৱেগ । ভ্ৰাম্যমাণ থিয়েটাৰত কলা-কুশলী অথবা অসমীয়া লোক জড়িত হৈ থকাটোৱেই থলুৱা উদ্যোগটোৰ জনপ্ৰিয়তা বৃদ্ধিৰ অন্যতম কাৰণ । দ্বিতীয়তে, ছবি এখন কেৱল পৰ্দাত উপভোগ কৰাৰ বিপৰীতে থিয়েটাৰত প্ৰত্যক্ষভাৱে অভিনয় উপভোগ কৰিব পৰাটোও ভ্ৰাম্যমাণৰ জনপ্ৰিয়তা ম্লান পেলাব নোৱৰাৰ আন এটা কাৰণ । ইয়াৰ লগতে স্থানীয় আয়োজক সমিতিয়ে স্থানীয় বহু লোকক জড়িত কৰি থিয়েটাৰ মঞ্চস্থ কৰোৱাটোও ভ্ৰাম্যমাণৰ জনপ্ৰিয়তাৰ আন এক কাৰণ । বিশেষকৈ ছবি এখন নিৰ্দিষ্ট এগৰাকী প্ৰযোজকৰ প্ৰযোজনাত নিৰ্মাণ হোৱাৰ বিপৰীতে থিয়েটাৰ মঞ্চস্থ কৰাত এটা অঞ্চলৰ বহু লোক জড়িত হৈ পৰে “।

ভ্ৰাম্যমাণ থিয়েটাৰ (Photo : ETV Bharat Assam)

ইয়াৰোপৰি ৯৫ শতাংশ আয়োজক সমিতিয়ে বিভিন্ন সামাজিক অনুষ্ঠানৰ সাহায্যাৰ্থে থিয়েটাৰ আয়োজন কৰাৰ বাবেও দৰ্শকৰ স্বতস্ফূৰ্ত সহাঁৰি লাভ কৰা বুলিও ব্যক্ত কৰে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে । বিশ্বৰ কোনো ঠাইতেই নথকা কলা-কুশলীয়ে জন্ম দিয়া থলুৱা উদ্যোগ ভ্ৰাম্যমাণত জড়িত হৈ নিজকে গৌৰৱ অনুভৱ কৰাৰ কথা উল্লেখ কৰে অভিনেতা যতীন বৰাই । এইবাৰ ইতিহাসৰ মঞ্চত অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ চৰিত্ৰত অভিনয় কৰা যতীন বৰাই অভিনয় জগতত ভৰি দিয়াৰ পৰাই বীৰ লাচিত বৰফুকনৰ চৰিত্ৰত অভিনয় কৰাৰ সপোন আছিল বুলিও ই টিভি ভাৰতৰ আগত উল্লেখ কৰে ।

লগতে পঢ়ক :৪২ বছৰে কেমেৰাৰ আঁৰত থকা জাহ্নু বৰুৱা এইবাৰ অভিনেতাৰ ৰূপত

Last Updated : Feb 11, 2025, 2:57 PM IST

ABOUT THE AUTHOR

...view details