গুৱাহাটী : অন্ধবিশ্বাস, কু-সংস্কাৰৰ বিৰুদ্ধে নিৰ্মাণ কৰা হৈছে এখন নতুন অসমীয়া ছবি, নাম- তমস্বিনী । দেশৰ স্বাধীনোত্তৰ কালৰো বহু আগতে অসমৰ কেতবোৰ গ্ৰাম্য অঞ্চলত প্ৰচলিত কিছু নীতি-নিয়মৰ আধাৰত নিৰ্মাণ কৰি উলিওৱা হৈছে এই নতুন অসমীয়া ছবিখন । অনামিকা ক্ৰিয়েশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ প্ৰযোজনা আৰু কাহিনী ডাঃ অনামিকা কলিতাৰ । আনহাতে ছবিখনৰ চিত্ৰনাট্য আৰু পৰিচালনা হেমন্ত কুমাৰ দাসৰ ।
ছবিখন সন্দৰ্ভত কি ক'লে পৰিচালকে:
ছবিখনৰ বিষয়ে পৰিচালক হেমন্ত কুমাৰ দাসে ই টিভি ভাৰতক কয়, “তমস্বিনীৰ অৰ্থ হ'ল নিশাৰ আন্ধাৰ বা তমশা নিশা । ছবিখনৰ নামটো এই কাৰণে ৰাখিছো কাৰণ যেতিয়া দেশ স্বাধীন হোৱা নাছিল অৰ্থাৎ 1946 চন মানৰ সময়ছোৱা ছবিখনৰ আধাৰ হিচাপে ধৰা হৈছে । সেই সময়ত অসমৰ কিছুমান গাঁও, বিশেষকৈ নামনি অসমত যেতিয়া ছোৱালী এজনী বিয়া হৈ যায়, তেতিয়া ন-কইনা, বোৱাৰীক দুষ্ট লোকৰ পৰা দূৰত ৰখাৰ স্বাৰ্থত বিভিন্ন বনৌষধিৰে দাঁতত ক’লা ৰঙ সানি দিয়া হৈছিল আৰু সেই দাগ মৃত্যু পৰ্যন্ত ৰৈ গৈছিল । মই এই বিষয়ে গম পালো ৷ ছবিখনৰ প্ৰযোজক অনামিকা কলিতাৰ গাঁৱত তেওঁৰ আইতাকৰ ক্ষেত্ৰতে এনেকুৱা হোৱা বুলি তেওঁ জানিবলৈ দিয়ে । তাৰ পাছত তেওঁ সেই বিষয়বস্তুৰ ওপৰত এটা কাহিনী থূলমূলকৈ লিখি দিলে । সেইটোৱেই মই স্ক্ৰীপ্ট আকাৰত লিখিলো । তেনেদৰে ছবিখন নিৰ্মাণ কৰা হ'ল । ছবিখনত মূলতঃ সেই সময়ছোৱাত অসমৰ কিছুমান গাঁৱৰ যি পৰিৱেশ-পৰিস্থিতি আছিল, সেয়া লাগিলে শিক্ষাই হওক বা বাল্যবিবাহেই হওক বা এগৰাকী নাৰী বিধৱা হ’লে কেনে পৰিস্থিতিৰ সন্মুখীন হৈছিল সেইসমূহ উপস্থাপন কৰা হৈছে ।”