চিটাৰা ডেস্ক, ১১ মাৰ্চ: ছাৰা আলী খানৰ আগন্তুক ছবি ‘এ ৱতন মেৰে ৱতন’এ বৰ্তমান বাতৰিৰ শিৰোনাম দখল কৰিছে । এই ছবিখনক লৈ বহুদিনৰে পৰা চৰ্চা চলি আহিছে । শীঘ্ৰে ছবিগৃহত মুক্তি পাব ছবিখন । কিছুদিন পূৰ্বে ছবিখনৰ পৰা প্ৰকাশ পাইছিল ছাৰা আলী খানৰ লুক । ইফালে আজি ছবিখনত কেমিঅ’ হিচাপে অভিনয় কৰা ইমৰাণ হাছমীৰ লুক প্ৰকাশ পাইছে । ছবিখনত অভিনেতাগৰাকীক ৰাম মনোহৰ লোহিয়াৰ চৰিত্ৰত দেখা যাব ।
এ ৱতন মেৰে ৱতন পৰা ইমৰাণ হাছমীৰ প্ৰথম লুক প্ৰকাশ
ইমৰাণ হাছমীৰ লুকটো আমাজন প্ৰাইম ভিডিঅ’ই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰিছে । এই পোষ্টটোত অভিনেতাগৰাকীক ৰাম মনোহৰক লোহিয়াৰ চৰিত্ৰত দেখা গৈছে । লগতে ছবিখনৰ মুক্তিৰ তাৰিখ পোষ্টাৰত লিখা আছে । এই পোষ্টটোৰ লগত দিয়া কেপচনত লিখা আছে,‘‘স্বাধীনতাৰ নিৰ্ভীক কণ্ঠ সম্প্ৰচাৰ কৰিব লাগিব ।’’ পোষ্টাৰখনত ইমৰাণে ৰাম মনোহৰ লোহিয়াৰ ৰূপত স্বাধীনতাৰ যুঁজত যোগ দিয়া দেখা গৈছে ।
ৰাম মনোহৰ লোহিয়া কোন আছিল ?
উল্লেখ্য যে, ভাৰত ত্যাগ আন্দোলনৰ সময়ত গুৰুত্বপূৰ্ণ আণ্ডাৰগ্ৰাউণ্ড ৰেডিঅ’ প্ৰতিষ্ঠা আৰু পৰিচালনাত ৰাম মনোহৰ লোহিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । গোটেই যাত্ৰাত বহুবাৰ কাৰাবন্দী আৰু অত্যাচাৰৰ সন্মুখীন হ’লেও তেওঁ সমগ্ৰ জীৱন ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে দেশৰ হৈ যুঁজ দি গৈছিল ।