চিটাৰা ডেস্ক, 18 এপ্ৰিল :অবৈধভাৱে ধন সৰবৰাহৰ গোচৰতপ্ৰৱৰ্তন সঞ্চালকালয় (ED) ৰ ৰোষত পৰিল বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰা ৷ বৃহস্পতিবাৰে অভিনেত্ৰীগৰাকীৰ ঘৰত ই ডিয়ে অভিযান চলায় ৷ ই ডিয়ে দম্পতিটোৰ প্ৰায় 97.79 কোটি টকাৰ সম্পত্তি জব্দ কৰিছে বুলি জানিব পৰা গৈছে ৷
ই ডিয়ে বাজেয়াপ্ত কৰা সম্পত্তিৰ ভিতৰত আছে শিল্পা চেট্টীৰ নামত থকা জুহুত অৱস্থিত আৱাসিক ফ্লেট, পুনেত অৱস্থিত আৱাসিক বাংলো আৰু ৰাজ কুন্দ্ৰাৰ নামত থকা ইকুইটি শ্বেয়াৰ । মুম্বাই প্ৰৱৰ্তন সঞ্চালকালয়ে এই বৃহৎ পৰিমাণৰ সম্পত্তি জব্দ কৰিছে । প্ৰৱৰ্তন সঞ্চালকালয়ে এক্সত কৰা এটা পোষ্টৰ জৰিয়তে এই সন্দৰ্ভত তথ্য প্ৰদান কৰিছে ।
শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে লোৱা ব্যৱস্থা সন্দৰ্ভত ই ডিয়ে এক বিবৃতি জাৰি কৰি উল্লেখ কৰে, মুম্বাইৰ ই ডিয়ে অবৈধভাৱে ধন সৰবৰাহ প্ৰতিৰোধ আইন 2002ৰ অধীনত ৰিপু চুদান কুন্দ্ৰা ওৰফে ৰাজ কুন্দ্ৰাৰ 97.79 কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি অস্থায়ীভাৱে সংলগ্ন কৰিছে ।