অসম

assam

ETV Bharat / entertainment

প্ৰথমবাৰৰ বাবে আৰক্ষীৰ চৰিত্ৰত দেখা যাব কাজলক, চাওক দু পট্টিৰ টিজাৰ - kriti sanon films

Do Patti Teaser: বলীউডৰ একশ্যন-থ্ৰিলাৰ ছবি ‘দু পট্টি’ৰ টিজাৰ মুকলি হ’ল ৷ কৃতি ছেনন আৰু কাজলে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে । এই ছবিখন OTT ত মুক্তি পাব ৷

Do Patti Teaser out now, Kajol will be seen in role of police officer for the first time
দু পট্টিৰ টিজাৰ

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 6:19 PM IST

চিটাৰা ডেস্ক, ২৯ ফেব্ৰুৱাৰী: বলীউডৰ অভিনেত্ৰী কাজলে এতিয়ালৈকে বহু চৰিত্ৰত অভিনয় কৰিছে, যদিও প্ৰথমবাৰৰ বাবে তেওঁক আৰক্ষী বিষয়াৰ চৰিত্ৰত দেখা যাব । আনহাতে মুখ্য অভিনেত্ৰী হিচাপে কৃতি ছেননেও এতিয়ালৈকে বহু ভাল চৰিত্ৰত অভিনয় কৰিছে যদিও প্ৰথমবাৰৰ বাবে ছাচপেন্স থ্ৰিলাৰেৰে ভৰা চৰিত্ৰত অভিনয় কৰিব কৃতিয়ে । আজি মুকলি হ’ল কাজল আৰু কৃতি অভিনীত ‘দু পট্টি’ ছবিখনৰ টিজাৰ ৷ এই ছবিখনত কাজল আৰু কৃতি ছেননৰ এক ব্যতিক্ৰমী শৈলীত দেখা যাব ।

এতিয়ালৈকে ছবিখনৰ কোনো তথ্য প্ৰকাশ কৰা নাছিল যদিও আজি মুক্তি পালে ছবিখনৰ অফিচিয়েল টিজাৰ । ইয়াত কৃতি ছেননৰ ষ্টাইলে আপোনাক আচৰিত কৰি তুলিব, আনহাতে কাজলৰ একশ্যন ছিকুৱেন্সে অনুৰাগীক আমোদ দিব ৷

‘দু পট্টি’ৰ টিজাৰ

নেটফ্লিক্সে কৃতি ছেনন আৰু কাজলক টেগ কৰি দু পট্টি ছবিখনৰ টিজাৰ মুকলি কৰিছে । এই অফিচিয়েল টিজাৰটো শ্বেয়াৰ কৰি লিখিছে, ‘‘প্ৰথমবাৰৰ বাবে ই চিৰদিনৰ বাবে বিশেষ হ’ব, কাজলৰ প্ৰথম পুলিচ বা কৃতি ছেননৰ প্ৰথম থ্ৰিলাৰ ছবি । নেটফ্লিক্সত অতি সোনকালে আহি আছে ‘দু পট্টি’ ।

উল্লেখ্য যে, টিজাৰত আপুনি দেখা পাব যে কাজলক আৰক্ষী বিষয়াৰ চৰিত্ৰত দেখা গৈছে আনহাতে কৃতি ছেননক চাইকো কিলাৰৰ চৰিত্ৰত দেখা গৈছে । এতিয়া ছবিখনত কৃতিৰ প্ৰকৃত ভূমিকা কি, ছবিখন চোৱাৰ পিচত হে গম পোৱা যাব । ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই যদিও ছবিখন মুক্তি পাব অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত । টিভি অভিনেতা শ্বাহীৰ শ্বেখকো দেখা যাব ছবিখনত । টিভি শ্ব’ ‘মহাভাৰত’ত অৰ্জুনৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল অভিনেতা শ্বাহীৰ শ্বেখ ।

যদি আমি দু পট্টি ছবিখনৰ কথা কওঁ, তেন্তে ইয়াৰ পৰিচালনা কৰিছে শশাংক চতুৰ্বেদীয়ে, আনহাতে ছবিখনৰ কাহিনী ৰচনা কৰিছে কণিকা ধিল্লোনে ।

লগতে পঢ়ক:আৰ্টিকেল ৩৭০ ক অপপ্ৰচাৰমূলক ছবি আখ্যা দিয়া সকলক উভতি ধৰিছে প্ৰিয়মণিয়ে

ABOUT THE AUTHOR

...view details