চিটাৰা ডেস্ক, 6 এপ্ৰিল : শীৰ্ষা গুহ ঠাকুৰতাৰ পৰিচালনাত বিদ্যা বালান পুনৰ পৰ্দালৈ উভতি আহিছে “দো আৰু দো প্যাৰ” নামৰ এখন আনন্দদায়ক ৰোমান্টিক কমেডীৰে । শনিবাৰে প্ৰকাশ পোৱা ছবিখনৰ ট্ৰেইলাৰত প্ৰতীক গান্ধী, ইলিয়ানা ডি’ক্ৰুজ আৰু সেন্ধিল ৰামমূৰ্তিৰ সৈতে বিদ্যাক একেলগে দেখিবলৈ পোৱা যাব ৷ দেখিবলৈ বিষয়টো গুৰুতৰ কিন্তু নিৰ্মাতাই ছবিখনৰ জৰিয়তে দৰ্শকক হাঁহিৰ খোৰাক দিবলৈ প্ৰয়াস কৰিছে ৷
ট্ৰেইলাৰটোত দুটা বিবাহিত দম্পতীয়ে নিজৰ সম্পৰ্কৰ মাজত মাদকতা পুনৰ জগাই তুলিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে । একেলগে চিনেমা চাবলৈ যোৱাৰ পৰা আৰম্ভ কৰি দুঃসাহসিক ভ্ৰমণলৈকে সকলো চেষ্টাৰ মাজেৰে বিবাহৰ আনন্দক পুনৰ সজীৱ কৰাৰ চেষ্টাত তেওঁলোক নামি পৰে ৷
মাতৃত্বক আঁকোৱালি লোৱাৰ পিচত ইলিয়ানাৰ এইখন দ্বিতীয়খন ছবি । ইয়াৰ পূৰ্বে ৰণদ্বীপ হুড্ডাৰ সৈতে তেৰা ক্যা হোগা লাভলী ছবিত দেখা গৈছিল আৰু অভিষেক বচ্চনৰ সৈতে দ্য বিগ বুলত তেওঁ উল্লেখযোগ্য ভূমিকা পালন কৰিছিল । এই ছবিখনত ইলিয়ানাৰ স্বামীৰ চৰিত্ৰত অভিনয় কৰা সেন্ধিলে প্ৰধানকৈ পশ্চিমীয়া দেশত কাম কৰে । ৰাজ আৰু ডি কেৰ শ্ব’ৰ ইন দ্য চিটিত তেওঁক পূৰ্বে দেখা গৈছিল ।