চিটাৰা ডেস্ক, ২৫ ফেব্ৰুৱাৰী: টিভি জগতৰ পৰা বহু বছৰ ধৰি আঁতৰি থকা দিশা বাকানী ওৰফে দয়াবেন বৰ্তমান ক’ত আছে আৰু কি কৰি আছে ? এই প্ৰশ্নৰ উত্তৰ তেওঁৰ সকলো অনুৰাগীয়ে জানিব বিচাৰে ৷ এতিয়া বহু বছৰৰ পিচত ‘‘তাৰক মেহতা কা উল্টা চশমা’’ৰ দয়াবেন অৰ্থাৎ দিশা বাকানীৰ এটি ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত দিশাই পৰিয়ালৰ সৈতে যজ্ঞ কৰা দেখা গৈছে ।
পৰিয়ালৰ সৈতে দেখা গৈছে দিশাক
উল্লেখ্য যে, শেহতীয়াকৈ মুম্বাইত অশ্বমেধ গায়ত্ৰী মহাযজ্ঞৰ আয়োজন কৰা হৈছিল । এই পূজাত অংশ লৈছিল অভিনেত্ৰী দিশাই । এই সময়চোৱাত দিশাৰ সৈতে দেখা গৈছে দুই সন্তান আৰু স্বামীক ৷ ভাইৰেল ভিডিঅ’টোত দিশাই স্বামী আৰু সন্তানৰ সৈতে হাভান পৰিৱেশন কৰা দেখা গৈছে । সমগ্ৰ পৰিয়ালটোক হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰা দেখা গৈছে । দিশাই পৰিধান কৰিছিল হালধীয়া শাৰীৰ সৈতে গধুৰ গহনা ।
এই সময়চোৱাত অল ৱৰ্ল্ড গায়ত্ৰী পৰিয়াল নামৰ পেজটোত দিয়া সাক্ষাৎকাৰত দিশাই কয়,‘‘তাৰক মেহতা কা উল্টা চশমান চেটতো আমি বহুবাৰ গায়ত্ৰী পূজা কৰিছিলো । এনে যজ্ঞ হ’ব লাগে, ইয়াৰ ফলত সমগ্ৰ পৰিৱেশৰ উন্নতি হয় । মনলৈ ভাল ধাৰণা আহে আৰু ল’ৰা-ছোৱালীয়ে শিকে ।’’