চিটাৰা ডেস্ক, 2 আগষ্ট :দক্ষিণৰ ছুপাৰষ্টাৰ ধনুষৰ 50 সংখ্যক ছবি আৰু দ্বিতীয় পৰিচালনা প্ৰকল্প 'ৰায়ন' যোৱা 26 জুলাইত মুক্তি লাভ কৰে । অভিনেতাগৰাকীয়ে সন্দীপ কিষাণ আৰু কালিদাস জয়ৰামৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে । ঘৰুৱা বক্স অফিচত অভিলেখ ভংগ কৰা ছবিখনে এতিয়া আন এক কৃতিত্ব হিচাপে চিত্ৰনাট্য একাডেমি অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছৰ লাইব্ৰেৰীত স্থান লাভ কৰিছে ।
বাতৰিটো ছবিখনৰ প্ৰযোজনা বেনাৰ চান পিকচাৰ্ছে ইয়াৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰে । ইনষ্টাগ্ৰামত নিৰ্মাতাসকলে লিখিছে, "#Raayan ৰ চিত্ৰনাট্যক একাডেমি অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছৰ পুথিভঁৰালৰ অংশ হিচাপে বাছনি কৰা হৈছে ।" চলচ্চিত্ৰখন এখন গেংষ্টাৰ ড্ৰামা, যি ধনুষ আৰু তেওঁৰ দুই ভাতৃৰ জীৱনক কেন্দ্ৰ কৰি ঘূৰি থাকে ৷ ধনুষৰ দুই ভাতৃৰ চৰিত্ৰত অভিনয় কৰিছে সুন্দৰ আৰু কালিদাসে, যি উত্তৰ চেন্নাইত এখন ফাষ্ট ফুড হোটেল চলায় ।