চিটাৰা ডেস্ক, 28 মে’ :দীপিকা পাডুকনে পৰিধান কৰিছিল এটা ছানশ্বাইন গাউন ৷ এই গাউনটো ডিজাইন কৰিছিল গৌৰী আৰু নৈনিকাই ৷ কিছুদিনৰ আগতে নিজৰ ছ’চিয়েল মিডিয়াত দীপিকাই এই গাউনটো বিক্ৰী কৰাৰ কথা উল্লেখ কৰিছিল আৰু সেই গাউনটো মাত্ৰ ২০ মিনিটতে বিক্ৰী হৈছিল । গাউনটো কিমান দামত বিক্ৰী হৈছিল সেয়া জানি চকু কপালত উঠিব আপোনাৰ ৷
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত দীপিকা পাডুকনক হালধীয়া ৰঙৰ প্ৰসূতিৰ গাউন পৰিধান কৰা দেখা গৈছিল । গৌৰী আৰু নৈনিকা ছানশ্বাইনৰ প্ৰসূতিৰ গাউনটো পিন্ধিছিল তেওঁ ৷ যিটো কিছুদিনৰ আগতে তেওঁ নিজৰ ছ’চিয়েল মিডিয়াত বিক্ৰীৰ বাবে উল্লেখ কৰিছিল আৰু সেই গাউনটো মাত্ৰ ২০ মিনিটতে বিক্ৰী হৈছিল । এই ছানশ্বাইন হালধীয়া গাউনটো বিক্ৰী হৈছিল ৩৪০০০ টকাত ! এই সমগ্ৰ ধন তেওঁ চেৰিটীলৈ দান কৰে ।
দীপিকা পাডুকোনে ইনষ্টাগ্ৰামত তেওঁৰ গাউনটো বিক্ৰী কৰাৰ কথা ঘোষণা কৰিছিল আৰু মাত্ৰ ২০ মিনিটত এই গাউনটো বিক্ৰী হৈছিল । তেওঁ তেওঁৰ সামাজিক মাধ্যমত এই বিষয়ে তথ্য দিয়ে । দীপিকাৰ ছানশ্বাইন প্ৰসূতি গাউনটো ৩৪,০০০ টকাত বিক্ৰী হৈছে । ফেব্ৰুৱাৰী 29 তাৰিখে, দীপিকা আৰু ৰণবীৰে অভিনেত্ৰীগৰাকীৰ গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল । চলিত বছৰৰ ছেপ্টেম্বৰ মাহত দীপিকা-ৰণবীৰৰ জীৱনলৈ আহিব তেওঁলোকৰ সন্তান ।