চিটাৰা ডেস্ক, 17 এপ্ৰিল :অচিৰেই মাতৃত্বৰ সুখ লাভ কৰিব বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকী সিংঘম এগেইন শ্বুটিঙত ব্যস্ত হৈ আছে ৷ ছবিখনৰ ছেটৰ পৰা শ্বেয়াৰ কৰা কেইবাখনো ছবিত, দীপিকাক ইউনিফৰ্মত বেবী বাম্পেৰে এক্সন চীকুৱেঞ্চ কৰি থকা দেখা গৈছে ৷ আৰক্ষীৰ পোছাক পৰিধান কৰি থকা দীপিকাৰ বেবী বাম্প স্পষ্টভাৱে ধৰা পৰিছে ফটোখনত ৷
খাকী পোছাক পিন্ধি, চুলি পৰিপাটিকৈ পিন কৰা, দীপিকাই এটা এক্সন-পেকড দৃশ্যত থকা যেন লাগিছিল ।
দীপিকাই হাই ৱেইষ্ট পেণ্টেত এডাল ডাঙৰ বেল্ট মাৰি বেবী বাম্প লুকুৱাবলৈ চেষ্টা কৰিছিল যদিও সিংঘম এগেইন ছেটৰ পৰা লীক হোৱা ভাইৰেল ফটোসমূহত দীপিকাৰ বেবী বাম্পটো স্পষ্ট হৈছিল । ফেন ক্লাবে শ্বেয়াৰ কৰিছিল এইসমূহ ফটো ৷ ফটোত বন্দী হোৱা দীপিকাক পৰিচালক চেট্টী আৰু ষ্টাণ্ট দলৰ পৰা নিৰ্দেশনা লাভ কৰা দেখা গৈছিল । যদিও দীপিকাই সাহসেৰে দৃশ্যসমূহ প্ৰদৰ্শন কৰিছিল, দীপিকাৰ সুৰক্ষাৰ বাবে ওটা ষ্টাণ্ট দল উপস্থিত আছিল আৰু লগতে শাৰীৰিকভাৱে কোনো ক্ষতি নোহোৱাকৈ সকলো সুবিধা গ্ৰহণ কৰা হৈছিল ৷