ETV Bharat / entertainment

মাজুলীত এজনী ছোৱালীয়ে দুখ পালে...ফেষ্টিভেলৰ সামৰণিৰ দিনা জুবিনে মুহিলে শ্ৰোতাক - MAJULI MUSIC FESTIVAL

পঞ্চম সংখ্যক মাজুলী মিউজিক ফেষ্টিভেলৰ সামৰণি ৷ অন্তিম দিয়া শ্ৰোতা-দৰ্শকে হেঁপাহ পলুৱাই উপভোগ কৰিলে জুবিনৰ সংগীতানুষ্ঠান ৷

MAJULI MUSIC FESTIVAL
জুবিনে মুহিলে শ্ৰোতাক (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Nov 25, 2024, 1:35 PM IST

Updated : Nov 25, 2024, 3:31 PM IST

মাজুলী : নিজম পৰিল মাজুলী ৷ ৰাসৰ পিছত এতিয়া মাজুলী মিউজিক ফেষ্টিভেলৰ সামৰণিয়ে নিস্তব্ধ কৰি পেলাইছে মাজুলীৰ চৌপাশ ৷ দেওবাৰে অন্ত পৰে মাজুলী মিউজিক ফেষ্টিভেল ৷ শেষৰ দিনটোত মাজুলীবাসীয়ে উপভোগ কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান ৷ জুবিনে গাই গ’ল তেওঁৰ কেবাটাও জনপ্ৰিয় গীত ৷ গীতৰ সুৰে সুৰে ৰাইজে মন ভৰি নাচিলে ৷

উল্লেখ্য যে, যোৱা 22 নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ মাজুলীৰ জেংৰাই বালিচাপৰিত অনুষ্ঠিত হৈছিল মাজুলী মিউজিক ফেষ্টিভল ৷ এই মাজুলী মিউজিক ফেষ্টিভলৰ কালি সামৰণি পৰে । তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই মাজুলী মিউজিক ফেষ্টিভলত ভাৰতৰ কেইবাটাও বেণ্ডে অংশগ্ৰহণ কৰে ৷ শেষৰ দিনা গীত পৰিবেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ।

জুবিনে মুহিলে শ্ৰোতাক (ETV Bharat Assam)

পাঁচটা বৰ্ষত ভৰি দিয়া মাজুলী মিউজিক ফেষ্টিভেলে থলুৱা নৃত্য-গীত-খাদ্যৰ সমান্তৰালকৈ বিদেশী সংগীত-নৃত্যৰ ফিউজনেৰে এক সাংস্কৃতিক সমন্বয় আৰু সংগীতৰ এক নতুন পৰিৱেশ মাজুলীৰ বুকুত প্ৰতিষ্ঠা কৰাৰ এক প্ৰচেষ্টা চলাই আহিছে ।

মাজুলী মিউজিক ফেষ্টিভেলৰ জৰিয়তে নদীদ্বীপ মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য, মাজুলীৰ থলুৱা খাদ্য, নদীৰ পাৰৰ মনোমোহা পৰিৱেশ আদি সকলো বিশ্ব দৰবাৰত সাংস্কৃতিক কাৰ্যসূচীৰ যোগেদি উপস্থাপন কৰাৰ প্ৰয়াস কৰি আহিছে এই অনুষ্ঠানৰ মূল আয়োজক মুকুল দলেৰ লগতে কেইজনমান সচেতন মাজুলীৰ সন্তানে ।

বিগত বছৰকেইটাত মাজুলী সংগীত মহোৎসৱত লাকী আলী, কৈলাশ খেৰকে ধৰি বহু জনপ্ৰিয় শিল্পীয়ে গীত পৰিবেশন কৰিছিল । উল্লেখ্য যে, জেংৰাই বালিচাপৰিত অনুষ্ঠিত হোৱা মাজুলী সংগীত মহোৎসৱত পোন প্ৰথমবাৰৰ বাবে গীত পৰিৱেশন কৰে জুবিন গাৰ্গে ৷

লগতে পঢ়ক : মিউজিক ফেষ্টিভেলত চপলা গাভৰু হ'বলৈ সাজু মাজুলী

Last Updated : Nov 25, 2024, 3:31 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.