অসম

assam

ETV Bharat / entertainment

বিবাহৰ এবছৰ নৌহওঁতেই বিচ্ছেদ হ’ব নেকি দলজীত-নিখিলৰ ?

Dalljiet Kaur marriage: সৰু পৰ্দাৰ অভিনেত্ৰী দলজীত কৌৰ বৰ্তমান চৰ্চাত । নিখিল পেটেলৰ সৈতে তেওঁৰ বিবাহৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে । কোৱা হৈছে যে দলজীত আৰু তেওঁৰ দ্বিতীয় স্বামীৰ মাজত সোনকালেই বিচ্ছেদ ঘটিব পাৰে ৷ এই সন্দৰ্ভত সবিশেষ জানক এই প্ৰতিবেদনত ৷

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 7:17 PM IST

Dalljiet Kaur Deleted Wedding Pictures from Instagram
দলজীত কৌৰ বৰ্তমান চৰ্চাত

চিটাৰা ডেস্ক, ১১ ফেব্ৰুৱাৰী: ব্যক্তিগত জীৱনৰ বাবে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী দলজীত কৌৰে । আচলতে দলজীতে ২০২৩ চনত ব্যৱসায়িক টাইকুন নিখিল পেটেলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ।

এই বিয়াত টিভি জগতৰ বহু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰিছিল যদিও এতিয়া খবৰ আহিছে যে এবছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই তেওঁলোকৰ সম্পৰ্কত বিভাজন ঘটিছে । ছ’চিয়েল মিডিয়াৰ পৰা দলজীতে নিজৰ বিয়াৰ ফটো আৰু উপাধি দুয়োটা আঁতৰাই পেলাইছে । এতিয়া এই সন্দৰ্ভত পোহৰলৈ আহিছে এক নতুন তথ্য ।

বিচ্ছেদ হ’ব নেকি দলজীত-নিখিলৰ ?

আচলতে সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত দলজীত কৌৰৰ ঘনিষ্ঠ সূত্ৰই নিখিল পেটেলৰ সৈতে তেওঁৰ বিবাহৰ কথা প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ বিচ্ছেদৰ কাৰণো প্ৰকাশ কৰিছে ।

সূত্ৰটোৰ মতে, প্ৰথম অৱস্থাত এই দম্পতীৰ মাজত সকলো ঠিকেই আছিল যদিও সেয়া কেৱল কিছু সময়ৰ বাবেহে ঠিকে আছিল । সূত্ৰটোৱে জনোৱা মতে, কিছুদিনৰ পাচত দলজীত আৰু নিখিলৰ বিবাহত সমস্যাৰ সৃষ্টি হ’বলৈ ধৰিলে আৰু তেওঁলোকৰ সমস্যা ইমানেই বাঢ়ি গ’ল যে দুয়োগৰাকীয়ে অনুভৱ কৰিলে যে তেওঁলোক ইগৰাকী সিগৰাকীৰ বাবে যোগ্য নহয় । যোৱা দুমাহত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে আৰু এনেদৰে যদি সমস্যা চলি থাকে তেন্তে দলজীত আৰু নিখিলৰ অচিৰেই বিচ্ছেদ হ’ব পাৰে ।

ইয়াৰ পূৰ্বে পিংকভিলাৰ এক খবৰ অনুসৰি, ইয়াৰ পূৰ্বে দলজীতৰ হৈ এগৰাকী মুখপাত্ৰই এক বিবৃতি প্ৰকাশ কৰি কয় যে দলজীত জৰুৰী অৱস্থাত পুত্ৰক লৈ ভাৰতলৈ আহিছে, আচলতে তেওঁৰ পিতৃ আৰু ভাতৃৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল, যাৰ বাবে তেওঁ ভাৰতলৈ উভতি আহিছে ।

এই বিষয়টোৰ সন্দৰ্ভত দলজীতে মাত্ৰ কৈছে যে এই বিষয়ত এতিয়াই কোনো মন্তব্য কৰাৰ প্ৰয়োজন নাই, ইয়াৰ কাৰণ সন্তান ৷ সেয়েহে, গোপনীয়তা ৰাখিবলৈ অনুৰোধ কৰিছে ।

উল্লেখ্য যে, দলজীত কৌৰৰ এয়া দ্বিতীয় বিবাহ । ইয়াৰ পূৰ্বে তেওঁ বিগ বছৰ প্ৰতিযোগী শালিন ভানোটৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । যদিও পিচলৈ দুয়োৰে মাজত বিচ্ছেদ ঘটে ৷

লগতে পঢ়ক:নিজতকৈ ১৯ বছৰ সৰু মান্যতাৰ প্ৰেমত কেনেকৈ পৰিছিল সঞ্জয় দত্ত ?

ABOUT THE AUTHOR

...view details