চিটাৰা ডেস্ক, ২১ মাৰ্চ: ‘ক্ৰু’ ছবিখনৰ ট্ৰেইলাৰ আৰু টিজাৰত শুনা পোৱা ‘চোলি’ গীতটি অৱশেষত মুক্তি লাভ কৰিছে । হয়, হোলী বতৰৰ বাবে নিৰ্মাতাই মুকলি কৰিছে আইকনিক ‘চোলি’ গীতটো । ৯০ৰ দশকৰ ভাইবছৰ সৈতে দিলজিৎ দোছাঞ্জৰ কণ্ঠত মুক্তি লাভ কৰিছে চোলি ।
কৰীণা কাপুৰে দেখুৱালে ৯০ৰ দশকৰ যাদু
সমাগত ৰঙৰ উৎসৱ হোলী ৷ এনে পৰিস্থিতিত হোলীৰ পাৰফেক্ট গীত ‘চোলি’ মুকলি কৰিছে ছবিখনৰ নিৰ্মাতাই ৷ পাৰ্টিৰ পটভূমিত নিৰ্মিত এই গীতটোত কৰীণা কাপুৰ খানে দেখুৱাইছে হট অৱতাৰৰ সৈতে কিলাৰ মুভছ । এইখিনিতে উল্লেখ কৰিব লাগিব যে গীতটিৰ কোৰিঅ’গ্ৰাফী কৰিছে ফাৰাহ খানে ।
৯০ দশকৰ এই আইকনিক গীতটো দিলজিৎ দোসাঞ্জৰ কণ্ঠত পুনৰ সৃষ্টি কৰা হৈছে, যিয়ে হোলী পাৰ্টিৰ বাবে এক নিখুঁত গীত বুলি পৰিগণিত হৈছে ৷ এই আইকনিক গীত 'চোলি কে পিছে'ৰ শ্ৰেষ্ঠ সংস্কৰণ । গীতটোৱে ছবিখনৰ কিছু মুহূৰ্তকো দেখুৱাইছে । মুম্বাইত এক অনন্য ৰূপত উন্মোচন কৰা হৈছে 'চোলি' গীত । এইবাৰ ভিডিঅ' হৰ্ডিঙত উন্মোচন কৰা হৈছে এটি গীতটি ।
কৰীণা কাপুৰ খান, কৃতি ছেনন আৰু টাবুৰ বহু প্ৰত্যাশিত ছবি ‘ক্ৰু’ক লৈ দৰ্শকৰ মাজত ব্যাপক আগ্ৰহ দেখা গৈছে । ছবিখনত টাবু, কৰীণা কাপুৰ খান আৰু কৃতি ছেননক দেখা গৈছে এয়াৰ হোষ্টেছৰ লুকত । কৰীণা, টাবু আৰু কৃতিক এয়াৰ হোষ্টেছ লুকত অতি সুন্দৰ দেখা গৈছে । ৰাজেশ এ কৃষ্ণনৰ পৰিচালনাত নিৰ্মিত এই ছবিখন অহা ২৯ মাৰ্চত ছবিগৃহত মুক্তি পাব ।
লগতে পঢ়ক:পুষ্পা ২ৰ চেটৰ পৰা ভাইৰেল ৰশ্মিকাৰ প্ৰথম লুক, ৰঙা শাৰীত দেখা গ’ল শ্ৰীৱল্লীক