চিটাৰা ডেস্ক, 31 মাৰ্চ : শনিবাৰে কৰীণা কাপুৰ খান, কৃতি ছেনন আৰু টাবুৱে অভিনীত ছবি ক্ৰু ৱে দ্বিতীয় দিনা বক্স অফিচত সামান্য উত্থান দেখা গৈছে ৷ অৱশ্যে ই ছবিখনৰ প্ৰথম দৰ্শনীৰ ওপৰত নিৰ্ভৰ কৰিছে । ছবি বিশ্লেষক গোটে ভৱিষ্যতবাণী কৰা অনুসৰি, চিনেমাখনে মুক্তিৰ দ্বিতীয় দিনটোত প্ৰায় 10 কোটি টকা উপাৰ্জন কৰিব ।
ছবিখনৰ কেৱল গান আৰু ট্ৰেইলাৰৰ ওপৰতো দৰ্শতে ইতিবাচক সঁহাৰি জনাইছে ৷ ছবিখনে মুক্তিৰ দিনাই দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰাৰ লগতে, বক্স অফিচৰ অভিলেখ ভাঙিবলৈও সক্ষম হৈছে ৷
ছবিখনে দ্বিতীয় দিন মুঠ 9.60 কোটি টকা উপাৰ্জন কৰিব বুলি আশা কৰা হৈছে ৷ এই সংখ্য়া সংযোজন কৰিলে দুদিনত ছবিখনে 18.85 কোটি টকা উপাৰ্জন কৰিব বুলি আশা কৰা হৈছে । এই ছবিখন 9.25 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল ৷ এই সংখ্যা অনুসৰি জোৱান আৰু ফাইটাৰৰ পিছত বছৰটোৰ তৃতীয় সৰ্ববৃহৎ মূল্যত নিৰ্মাণ কৰা বুলি ছবি বুলি পৰিগণিত হৈছে ৷