চিটাৰা ডেস্ক, ২২ ফেব্ৰুৱাৰী: চিনেমাৰ প্ৰতি দৰ্শকৰ আগ্ৰহ বৃদ্ধিৰ বাবে সময়ে সময়ে প্ৰচেষ্টা চলোৱা হয় । যাৰ বাবে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় চিনেমা দিৱস ৷ এই দিৱসত চিনেমাপ্ৰেমী দৰ্শকৰ বাবে বিশেষ অফাৰ দিয়া হয় ৷ এইবাৰ ২৩ ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হ’ব । অৰ্থাৎ কাইলৈ পালন কৰা হ’ব চিনেমাপ্ৰেমী দিৱস ৷ চিনেমা দিৱসত যিকোনো চিনেমা অতি কম মূল্যত দৰ্শকে উপভোগ কৰিব পাৰিব ।
মাত্ৰ ৯৯ টকাত চাব পাৰিব ছবি
পিভিআৰৰ পৰা পোৱা তথ্য অনুসৰি শুকুৰবাৰে এই বিশেষ দিনটোত দৰ্শকে ৯৯ টকাত প্ৰতিখন মূলসুঁতিৰ ছবিৰ টিকট ক্ৰয় কৰিব পাৰিব, কেৱল ইমানেই নহয়, প্ৰিমিয়াম চিনেমা ফৰ্মেট আৰু ৰিক্লাইনাৰ চিটতো ডাঙৰ ৰেহাই দিয়া হ’ব । চিনেমা দিৱসৰ দিনা হলিউডৰ ছবি মেডাম ৱেব, দ্য হোল্ডোভাৰ্ছ, বব মাৰ্লি আৰু অস্কাৰৰ বাবে মনোনীত দ্য টিচাৰছ লাউঞ্জো ছবিগৃহত চাব পাৰি । এই সকলোবোৰৰ টিকটৰ মূল্যও আৰম্ভ হ’ব কেৱল ৯৯ টকাৰ পৰা । আনহাতে, যদি বিলাসী আসনত বহি চিনেমা চাব বিচাৰে তেন্তে টিকটৰ দাম ১৯৯ টকাৰ পৰা আৰম্ভ হ’ব । একে সময়তে আইমেক্স, ৪ডিএক্স, এমএক্স৪ডি, স্ক্ৰীণএক্সৰ দৰে ফৰ্মেটত টিকটৰ মূল্য ১৯৯ টকাৰ পৰা ৪৯৯ টকালৈকে হ’ব ।
শুকুৰবাৰে মুক্তি পাব এই ছবিসমূহ