অসম

assam

শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ বঁটা লাভ কৰি আৱেগিক হৈ পৰিল কিলিয়ান মাৰ্ফী-এমা ষ্টোন

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 12:36 PM IST

Oscar 2024: অস্কাৰ ২০২৪ৰ বিজয়ীৰ নাম ঘোষণা ৷ এইবাৰ কিলিয়ান মাৰ্ফীয়ে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰাৰ বিপৰীতে এমা ষ্টোনে শ্ৰেষ্ঠ অভিনেত্ৰীৰ অস্কাৰ লাভ কৰে ।

Cillian Murphy Emma Stone got emotional after winning the Best Actor Actress awards in Oscar 2024
বঁটা লাভ কৰি আৱেগিক হৈ পৰিল কিলিয়ান মাৰ্ফী-এমা ষ্টোন

চিটাৰা ডেস্ক, ১১ মাৰ্চ :লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অনুষ্ঠিত হয় ৯৬ সংখ্যক একাডেমী বঁটা । এইবাৰ অস্কাৰ বঁটাত আধিপত্য বিস্তাৰ কৰে ‘অপেনহাইমাৰ’এ । এই ছবিখনে ১৩টা মনোনয়নৰ ভিতৰত ৭টা বঁটা লাভ কৰে । কেৱল ‘অপেনহাইমাৰ’এ শ্ৰেষ্ঠ ছবিয়েই নহয়, কিলিয়ান মাৰ্ফীয়ে এই ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাও লাভ কৰে । আনহাতে 'পুৱৰ থিংছ' ছবিখনত উৎকৃষ্ট অভিনয়ৰ বাবে এমা ষ্টোনে শ্ৰেষ্ঠ অভিনেত্ৰীৰ অস্কাৰ বঁটা লাভ কৰে ।

শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কিলিয়ান মাৰ্ফীৰ

ক্রিষ্টোফাৰ নোলানৰ ‘অপেনহাইমাৰ’ত জে ৰবাৰ্ট অপেনহাইমাৰৰ চৰিত্ৰত অভিনয় কৰিছিল কিলিয়ান মাৰ্ফীয়ে । ছবিখনত তেওঁৰ উৎকৃষ্ট অভিনয়ে দৰ্শক আৰু সমালোচকক মোহিত কৰিবলৈ সক্ষম হৈছিল । ছবিখনত মাৰ্ফীয়ে বলিষ্ঠ অভিনয়ৰ বাবে সমগ্ৰ বিশ্বতে প্ৰশংসা লাভ কৰিছিল । ইফালে অস্কাৰ বঁটা লাভৰ বাবে মঞ্চত উপস্থিত হোৱা কিলিয়ান মাৰ্ফীও এই সময়চোৱাত যথেষ্ট আৱেগিক হৈ পৰে ।

তেওঁ বঁটা গ্ৰহণ কৰি কয়,‘‘ মই ব্যক্ত কৰিব নোৱাৰো যে মই কিমান সুখী । একাডেমী, নোলান আৰু এমা থমাছক ধন্যবাদ, এইটো আটাইতকৈ সাহসী আৰু আটাইতকৈ ৰোমাঞ্চকৰ আৰু সৃষ্টিশীল যাত্ৰা ।’’ লগতে তেওঁ অপেনহাইমাৰৰ সমগ্ৰ কাষ্ট আৰু ক্ৰু টিমকো ধন্যবাদ জনায় ।

তেওঁ লগতে কয়, ‘‘পাৰমাণৱিক বোমা নিৰ্মাণ কৰা মানুহজনৰ জীৱনৰ আধাৰত আমি এখন ছবি নিৰ্মাণ কৰিলোঁ । ভাল আৰু বেয়াৰ বাবে আমি এতিয়া অপেনহাইমাৰৰ জগতখনত বাস কৰিছো । গতিকে এই বঁটাটো নিৰ্মাতাসকলৰ বাবে উৎসৰ্গা কৰিব বিচাৰিছো ।”

শ্ৰেষ্ঠ অভিনেত্ৰীৰ অস্কাৰ বঁটা লাভ এমা ষ্টোনৰ

একে সময়তে এমা ষ্টোনে ‘পুৱৰ থিংছ’ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ অস্কাৰ বঁটা লাভ কৰে । এই জয়ে হলিউডৰ আটাইতকৈ প্ৰতিভাৱান অভিনেত্ৰী হিচাপে তেওঁৰ স্থান আৰু অধিক শক্তিশালী কৰি তুলিছে । তেওঁ ছবিখনত নিজৰ চৰিত্ৰটোত প্ৰাণ ঢালি দিছিল ৷ যাৰ বাবে তেওঁৰ অভিনয়ে দৰ্শকক মোহিত কৰিবলৈ সক্ষম হৈছিল ।

ইফালে অস্কাৰৰ ট্ৰফী হাতত লৈ এমা যথেষ্ট আৱেগিক হৈ পৰে । এই সময়চোৱাত নিজৰ ভাষণত এমাই কয়, “দ্বিতীয় নিশা মই বৰ নাৰ্ভাছ হৈ পৰিছিলো । আৰু ইয়ৰ্গছে মোক কৈছিল, আপুনি নিজকে ইয়াৰ পৰা উলিয়াই আনিব আৰু তেওঁ একেবাৰে সঠিক কৈছিল, গোটেই ছবিখনৰ বাবেই ইয়াৰ সকলো অংশ একেলগে যোগ কৰি ডাঙৰ কিবা এটা বনাইছিল ।”

লগতে পঢ়ক :অস্কাৰ ২০২৪ত শ্ৰেষ্ঠ ছবিৰ পৰা শ্ৰেষ্ঠ পৰিচালক-অভিনেতালৈ বঁটা লাভ অপেনহাইমাৰৰ

ABOUT THE AUTHOR

...view details