চিটাৰা ডেস্ক, ৮ জুন :ৰামোজী গ্ৰুপ অৱ্ কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাওৰ আজি দেহাৱসান ঘটে । শেহতীয়াকৈ তেওঁ স্বাস্থ্যজনিত সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈ আছিল ৷ শনিবাৰে পুৱা ৪.৫০ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ । মেগাষ্টাৰ চিৰঞ্জীৱীকে ধৰি বহু চেলেব্ৰিটীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে ।
এক্সত চিৰঞ্জীৱীয়ে ৰামোজী ৰাওৰ মৃত্যুত শোক প্ৰকাশ কৰি তেলুগু ভাষাত এটা আন্তৰিক শ্ৰদ্ধাঞ্জলি টোকা লিখে । "আনকি শক্তিশালী মেৰু পৰ্বতেও নমস্কাৰ কৰে; বাতৰিটোত গভীৰভাৱে দুখিত । ওম শান্তি," এইদৰে নিজৰ দুখ প্ৰকাশ কৰে তেওঁ ।
ৰামোজী ৰাও প্ৰযোজিত ছবি নিন্নু চুডালানী (Ninnu Choodalani)ৰ জৰিয়তে মুখ্য অভিনেতা হিচাপে অভিনয় যাত্ৰা আৰম্ভ কৰা আৰ আৰ আৰ তাৰকা জুনিয়ৰ এন টি আৰে দূৰদৰ্শীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ।
"শ্ৰী ৰামোজী ৰাওৰ দৰে দূৰদৰ্শী যি এক মিলিয়নৰ ভিতৰত এজন, মিডিয়া টাইকুন আৰু ভাৰতীয় চিনেমাৰ বলিষ্ঠ চৰিত্ৰ । তেওঁৰ স্থান অপূৰণীয় আৰু তেওঁৰ মৃত্যুৰ খবৰ গভীৰভাৱে দুখজনক । ‘নিন্নু চুডালানী’ চিনেমাখনৰ জৰিয়তে তেলুগু চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰাৰ স্মৃতিবোৰ চিৰদিনৰ বাবে লালন-পালন কৰিম । তেওঁৰ আত্মাই শান্তি লাভ কৰক আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা ।" - জুনিয়ৰ এনটিআৰে টুইট কৰে ৷