অসম

assam

ETV Bharat / entertainment

কাঁ ২০২৪ ত জিলিকিছে FTII ৰ শিক্ষাৰ্থীৰ দ্বাৰা নিৰ্মিত ছবি - ftii students movies at cannes - FTII STUDENTS MOVIES AT CANNES

FTII students movies at cannes: পায়েল কাপাদিয়া আৰু মাইছাম আলীৰ পিচত চাৰিজন এফ টি আই আই ছাত্ৰৰ এখন চুটি ছবি পালেগৈ ফিল্ম ফেষ্ট ৷

Cannes 2024: After Payal Kapadia and Maisam Ali, a Short by Four FTII Students Heads to Film Fest
FTII ৰ শিক্ষাৰ্থীৰ দ্বাৰা নিৰ্মিত ছবি

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 5:02 PM IST

চিটাৰা ডেস্ক, 24 এপ্ৰিল : এফ টি আই আইৰ প্ৰাক্তন ছাত্ৰ পায়েল কাপাদিয়া আৰু মাইছাম আলীয়ে কাঁ ২০২৪ ত ঢৌ তুলিবলৈ সাজু হৈছে আৰু এতিয়া এই প্ৰতিষ্ঠিত চলচ্চিত্ৰ প্ৰতিষ্ঠানটোৰ আৰু চাৰিজন ছাত্ৰই তেওঁলোকৰ চুটি ছবিৰে পায়েল আৰু মাইছামক অনুসৰণ কৰি পুনৰ চলচ্চিত্ৰ মহোৎসৱত জিলিকি উঠিবলৈ সক্ষম হৈছে । এই প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলে নিৰ্মাণ কৰা ছানফ্লাৱাৰছ ৱেৰ দ্য ফাৰ্ষ্ট ৱানছ টু ন’ৱে ৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱৰ লা চিনেফ প্ৰতিযোগিতামূলক অংশত স্থান লাভ কৰিছে ।

এই বছৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত আমি ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান (এফটিআইআই)ৰ প্ৰতিভাৱান প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ কাম দেখিবলৈ পাম । ইতিমধ্যে পায়েল কাপাদিয়াৰ অল উই ইমেজিন এজ লাইট আৰু মাইছাম আলীৰ ইন ৰিট্ৰিটে ঢৌ তুলিছে আৰু এতিয়া এফ টি আই আইৰ চাৰিজন ছাত্ৰৰ চুটি ছবি ছানফ্লাৱাৰছ ৱেৰ দ্য ফাৰ্ষ্ট ৱানছ টু ন’ৱে লা চিনেফ কম্পিটিটিভ শাখাত লাইনআপত যোগদান কৰিছে । এই সন্মানীয় চলচ্চিত্ৰ মহোৎসৱত এফ টি আই আইৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নাম উজলাই তোলাটো ৰোমাঞ্চকৰ ।

এই বছৰ ৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত আমি এফ টি আই আইৰ পৰিচালনা পাঠ্যক্ৰমৰ এজন নহয়, তিনিজন প্ৰতিভাৱান প্ৰাক্তন ছাত্ৰৰ কাম দেখিবলৈ পাম । তাৰ ভিতৰত অন্যতম হৈছে ছানফ্লাৱাৰছ ৱেৰ দ্য ফাৰ্ষ্ট ৱানছ টু ন’ নামৰ চুটি ছবিখন ৷ এফ টি আই আইৰ চাৰিজন ছাত্ৰৰ এই চুটি ছবিখনে লা চিনেফ কম্পিটিটিভ শিতানত স্থান লাভ কৰে । চিদানন্দ এছ নাইকৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে কাঁ ২০২৪ত তিনিটা লা চিনেফ পুৰস্কাৰৰ বাবে আন ১৭খন চুটি ছবিৰ সৈতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।

চলচ্চিত্ৰখনত এগৰাকী বৃদ্ধ মহিলাৰ কাহিনী কোৱা হৈছে যিয়ে তেওঁৰ গাঁৱত কুকুৰা চুৰি কৰি সমস্যাৰ সৃষ্টি কৰে, যাৰ ফলত তেওঁৰ পৰিয়ালৰ নিৰ্বাসন হয় । কঠিন প্ৰতিযোগিতাৰ কথা বিবেচনা কৰিলে এফ.টি.আই.আই. শিক্ষাৰ্থীসকলৰ বাবে ই যথেষ্ট সফলতা – বিশ্বব্যাপী চলচ্চিত্ৰ বিদ্যালয়ৰ পৰা 2,000 ৰো অধিক প্ৰৱেশ পত্ৰ দাখিল কৰা হৈছিল ।

এফ টি আই আইৰ বাবে ইয়াতকৈ আৰু গৌৰৱৰ কথা কি হ’ব পাৰে ! এফ টি আই আইয়ে তেওঁলোকৰ সামাজিক মাধ্যমত বাতৰিটো শ্বেয়াৰ কৰি ছবিখনৰ আঁৰত থকা প্ৰতিভাশালী শিক্ষাৰ্থীসকলক অভিনন্দন জনায় । এই প্ৰকল্পটো প্ৰতিষ্ঠানটোৰ টিভি উইং এক বছৰীয়া কাৰ্যসূচীৰ অংশ আছিল, য’ত বিভিন্ন শাখাৰ শিক্ষাৰ্থীসকলে এটা প্ৰকল্পত সহযোগিতা কৰে ।

ছানফ্লাৱাৰছ ৱেৰ দ্য ফাৰ্ষ্ট ৱানছ টু ন’ৰ উপৰিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ আন আকৰ্ষণীয় ছবিসমূহ লা চিনেফ অংশত প্ৰদৰ্শিত হ’ব । পায়াল কাপাডিয়াৰ অল উই ইমেজিন এজ লাইটে প্ৰতিষ্ঠিত পালম ডি’অ’ৰৰ প্ৰতিযোগিতাত প্ৰৱেশ কৰাৰ লগে লগে ভাৰতবাসী অধিক উৎফুল্লিত হৈ পৰিছে । এচিআইডি কাঁ চাইডবাৰ প্ৰগ্ৰেমত মাইছাম আলীৰ ইন ৰিট্ৰিটৰ সৈতে এফটিআইআইৰ পৰা আৰু অধিক প্ৰতিনিধিত্ব আছে ।

ইফালে, সন্ধ্যা সূৰীৰ সন্তোষক কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৪ৰ আন চাৰ্টেইন ৰিগাৰ্ড শিতানৰ বাবে নিৰ্বাচিত কৰা হৈছে । একেদৰে বুলগেৰিয়াৰ পৰিচালক কনষ্টেণ্টিন বোজানভৰ নেতৃত্বত অভিনয় কৰা মীতা বশিষ্ঠ অভিনীত ছবি শ্বেমলেছকো আন চাৰ্টেইন ৰিগাৰ্ড শিতানত প্ৰদৰ্শিত হ’ব ।

লগতে পঢ়ক :গ'ল্ডেন ৰেভেন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবি 'মোৰ ঘোঁৰাৰ দূৰন্ত গতি' - The Horse From Heaven

ABOUT THE AUTHOR

...view details