চিটাৰা ডেস্ক, ১৩ অক্টোবৰ:নিশা নলবাৰীৰ কটপুহা সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজাৰ সোণালী জয়ন্তীত বলিউডৰ কণ্ঠশিল্পীৰ গীতৰ যাদু । বলিউডৰ কণ্ঠশিল্পী বিনোদ ৰাথোড়, চান্দিনী মুখাৰ্জী আৰু সংগীত পৰিচালক বিজয় দাসৰ গীতৰ শৰাই উপভোগ কৰিবলৈ দূৰ-দূৰনিৰ পৰা আহিল হাজাৰ হাজাৰ লোক । ৯০ দশকৰ জনপ্ৰিয় হিন্দী ছবি বাজিগৰ, দিৱানা আদিৰ জনপ্ৰিয় গীতসমূহৰ এটাৰ পিচত আনটোকৈ পৰিৱেশন কৰি মন মুহিলে উপস্থিত কেইবাহাজাৰ দৰ্শকক ।
'মে নায়ক নেহী, খলনায়ক হু মে', 'য়ে মেৰে হামচাফাৰ', 'এইছী দিৱান গী', 'চুপানা ভী নেহী আ তা' ইত্যাদি গীতেৰে মন মুগ্ধ কৰি তোলে হাজাৰ হাজাৰ দৰ্শকৰ । লগতে দেউতাৰ পদূলিত গোন্ধাইছে মালতী শীৰ্ষক এটি বিহু গীত হিন্দীত অনুবাদেৰে কণ্ঠ নিগৰাই অসম আৰু অসমীয়া সংস্কৃতিৰ বিষয়ে পঞ্চবিমুখ হৈ পৰে বিনোদ ৰাথোড় । আনহাতে প্ৰতিকূল বতৰৰ মাজতো দৰ্শকৰ এনে সঁহাৰিয়ে কণ্ঠশিল্পীগৰাকীৰ মন আপ্লুত কৰে বুলি জনায় ।