অসম

assam

ETV Bharat / entertainment

জিলিকি জিলিকা তৰা আকাশৰে... চিৰ তৰুণ গায়কজনৰ ওপজা দিনত গুণগুণাই উঠিল গুণমুগ্ধই

আজি বিশিষ্ট শিল্পী দ্বীপেন বৰুৱাৰ ওপজা দিন । প্ৰায় ৫০ খন ছবিত গীত গোৱা দ্বীপেন বৰুৱাৰ বাবে ক্ৰিকেট আছিল প্ৰথম প্ৰেম ।

Birth anniversary of noted singer Dipen Baruah
বিশিষ্ট কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ জন্মদিন (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : 6 hours ago

গুৱাহাটী:সৃষ্টিশীল পৃথিৱীখনত নীৰৱভাৱে সাধনাত ব্যস্ত হৈ থকা বিশিষ্ট সংগীতশিল্পী দ্বীপেন বৰুৱাৰ আজি ওপজা দিন । নিজৰ বয়সৰ কথা কেতিয়াও ক'ব নিবিচাৰা চিৰসেউজ শিল্পীগৰাকীয়ে ১৯৬৮ চনত প্ৰয়াত ব্ৰজেন বৰুৱাৰ পৰিচালিত ছবি 'ডক্টৰ বেজবৰুৱা'ৰ জৰিয়তে সংগীতৰ ক্ষেত্ৰত খোজ পেলাইছিল । আজিৰ এই বিশেষ দিনটোত ই টিভি ভাৰতৰ সাংবাদিক উপস্থিত হৈছিল দ্বীপেন বৰুৱাৰ লতাশিলস্থিত বাসগৃহত ।

ওপজা দিনৰ লগতে তেওঁৰ আগন্তুক দিনৰ কিছু পৰিকল্পনাৰ সন্দৰ্ভত ই টিভি ভাৰতৰ সন্মুখত শিল্পীগৰাকীয়ে কয়,"বিশেষ দিন উপলক্ষে সকলোৰে পৰা ইমান মৰম তথা আশীৰ্বাদ পাইছো ভাল লাগিছে আজি । মোৰ জন্মদিন বুলিয়ে নহয় কিছুমান নতুন কাম কৰিম বুলি ভাবিয়েই আছিলোঁ । যিহেতু দুটা ঘটনা হৈ গ'ল, মোৰ পত্নীৰো বিয়োগ আৰু ৰমেন দাও নিখোজ হ'ল । এই দুটা কাৰণত বহুত পিছুৱাই যাবলগীয়া হ'ল । জন্মদিন উপলক্ষে যিহেতু ৰাইজে বহুত উৎসাহ দিছে । এইবোৰে কামবোৰ কৰিবলৈ সাহস দিছে । কিমান দূৰ আগবঢ়াই নিবলৈ পাৰো চাওঁ ।"

বিশিষ্ট কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ জন্মদিন (ETV Bharat Assam)

জুবিন গাৰ্গতকৈ কিয় নিজকে সৰু বুলি কয় কণ্ঠশিল্পীগৰাকীয়ে ?

১৮ নৱেম্বৰ অৰ্থাৎ সোমবাৰে জুবিন গাৰ্গৰ ওপজা দিন আছিল । আনহাতে আজি অৰ্থাৎ ১৯ নৱেম্বৰত বিশিষ্ট কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ ওপজা দিন । বহু সময়ত বিশিষ্ট কণ্ঠশিল্পী দ্বীপেন বৰুৱাই কয় যে তেওঁ জুবিন গাৰ্গতকৈ সৰু । এই সন্দৰ্ভত বিশিষ্ট শিল্পীগৰাকীয়ে কয়,"মই নিজকে সদায় সৰু বুলিয়েই ভাবো । সদায় বয়স নাই হোৱা বুলিয়ে মই ভাবো । তাতে জুবিন মোতকৈ এদিন আগতে জন্ম হৈছে বুলি ভাবো । তাৰ মানে জুবিন মোতকৈ এদিনৰ ডাঙৰ । সেয়ে জুবিনক মই ডাঙৰ বুলি ভাবো, সেয়ে মোৰ বাবে জুবিন দা ।"

কিয় ক্ৰিকেট খেল এৰিলে দ্বীপেন বৰুৱাই ?

এই সন্দৰ্ভত বৰুৱাই কয়,"মই আগতে ক্ৰিকেটাৰ আছিলোঁ । ৰঞ্জী ট্ৰফী পৰ্যন্ত মই খেলিছোঁ । ক্ৰিকেটৰ মই তিনিবছৰ প্ৰশিক্ষণ লৈছিলোঁ । কিন্তু পাছলৈ মোৰ ট্ৰেক সলনি হৈ গ'ল । 'ডক্টৰ বেজবৰুৱা'ত গীত গোৱাৰ পাছত সকলো সলনি হৈ গ'ল । 'ডক্টৰ বেজবৰুৱা' ছবিখনৰ লগতে গীতবোৰো হিট হৈ গ'ল আৰু ৰাতিৰ ভিতৰতে দ্বীপেন বৰুৱা নামৰ গায়ক এজন ওলাই আহিল । সেই তাৰ পাছতে সকলোৱে মোক বিচাৰি আহে । ছবি কৰিবলৈ প্ৰযোজকবোৰেও সাহস পালে আৰু সেই সময়খিনিত অসমত ষ্টুডিঅ' নাছিল । কলিকতা বা বোম্বেলৈ গীত ৰেকৰ্ডিঙৰ বাবে যাবলগীয়া হৈছিল । অহা যোৱা কৰোতে খেলত সময় দিব নোৱৰা হৈ গ'লো, তাৰ উপৰিও মঞ্চৰ অনুষ্ঠানবোৰ আহি গ'ল । যাৰ বাবে খেলৰ পৰা লাহে লাহে আঁতৰি আহিবলগীয়া হ'ল ।"

দ্বীপেন বৰুৱা সন্দৰ্ভত কণ্ঠশিল্পী ৰূপাঞ্জলি বৰগোঁহাইৰ মন্তব্য:

দ্বীপেন বৰুৱাৰ ওপজা দিন উপলক্ষে মঙলবাৰে তেওঁৰ বাসগৃহত উপস্থিত হৈ তেওঁক শুভেচ্ছা জনাই একাংশ গুণমুগ্ধ, অনুৰাগী তথা শুভাকাংখীয়ে । কণ্ঠশিল্পী ৰূপাঞ্জলি বৰগোঁহায়ে আজিৰ এই দিনটোত দ্বীপেন বৰুৱাক শুভেচ্ছা জনাই কয়,"যিমান দিনৰ পৰা মই তেখেতক লগ পাইছোঁ মই প্ৰতি বছৰে তেওঁৰ ওপজা দিনটোত আহো ইয়ালৈ । তেওঁ ৯০ বছৰ বয়সলৈ গীত গাই থাকিম বুলি কোৱা কথাষাৰ মোৰ আটাইতকৈ বেছি ভাল লাগিছে । দ্বীপেনদা সদায় সুস্থ হৈ আমাৰ অসমবাসীক ধুনীয়া ধুনীয়া গীতবোৰ শুনাওক । পুৰণিবোৰ সদায় মূল্যবান ।"

তেওঁ লগতে কয়,"দ্বীপেন বৰুৱা এনেকুৱা এজন শিল্পী, যিগৰাকীয়ে ৮০-৯০ দশকৰ পৰা গান গাই আমাৰ মন ভোলাই আছে । পুৰণি গীতৰ মাদকতা নতুন গীতে দিব নোৱাৰে বুলি মই ভাবো, সেয়ে পুৰণি গীতবোৰ সুঁৱৰি থাকিবও লাগে ।"

দ্বীপেন বৰুৱা সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা সন্দ্বীপ ছমৰীয়াৰ মন্তব্য:

বিশিষ্ট কণ্ঠশিল্পী বৰুৱাৰ জন্মদিনত উপস্থিত হৈ সন্দ্বীপ ছমৰীয়াই কয়,"অজস্ৰ অসমীয়া গীতত তেওঁ কণ্ঠদান কৰিলে সেই গীতসমূহ আজিও আমি মুখে মুখে শুনা পাওঁ । দ্বীপেন বৰুৱা এগৰাকী বহুত সহজ-সৰল ব্যক্তি । তেওঁ গীতৰ লগতে জড়িত হৈ থকা এজন ব্যক্তি । বাহিৰা কথাত তেখেতে ইমান গুৰুত্ব নিদিয়ে । আজি তেওঁৰ ওপজা দিন উপলক্ষে বহুতে তেওঁক শুভেচ্ছা জনাইছে, কিন্তু আজিৰ দিনটোত মই এটা কথাই অসমবাসী ৰাইজক ক'ব বিচাৰিছো যে, আজিৰ দিনটোত আমি সকলোৱে তেওঁক শুভেচ্ছা জনাইছোঁ, কিন্তু অন্য দিনসমূহত তেওঁৰ বিষয়ে ইমান চর্চা হোৱা দেখা নাযায় । অথচ এইজন ব্যক্তিৰ অসমৰ সংস্কৃতিক দিশত যথেষ্ট অৰিহণা আছে ।

জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয়,"আজি উঠি অহা প্ৰজন্মই যিদৰে প্ৰচাৰ পাই, সেই হিচাপে দ্বীপেন বৰুৱাৰ নামটো উচ্চাৰণ হোৱা আমি খুব কম দেখোঁ । আজিৰ এই দিনটোত তেওঁৰ লগতে তেওঁৰ গীতক উচিত স্থান দিয়াতো মই বিচাৰোঁ । "

উল্লেখযোগ্য যে, ১৯৬৯ চনত 'ডক্টৰ বেজবৰুৱা' ছবিখনত দ্বীপেন বৰুৱাই যিমানকেইটা গীতত কণ্ঠদান কৰিছে সেইকেইটাৰ পিছত তেওঁ আৰু কাহানিও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই । 'কি নাম দি মাতিম, মাতিম তোমাক' শীৰ্ষক গীতটো এবাৰলৈ নোগোৱা অসমীয়া শ্ৰোতা খুবেই কমেই ওলাব । ৭০-৮০ দশকৰ অসমীয়া চলচ্চিত্ৰ জগতৰ সোণালী সময়ছোৱাৰ সৰ্বজনপ্ৰিয় কণ্ঠশিল্পী হৈছে দ্বীপেন বৰুৱা ।

তেখেতৰ 'জিলিকি জিলিকা তৰা আকাশৰে' ৰ পৰা আৰম্ভ কৰি 'মইনা কোন বিধাতাই সাঁজিলে', 'কি নাম দি মাতিম', 'এইখনি গাঁও বুকুৰ আপোন' ইত্যাদি প্ৰতিটো গীতেই আমনি নোপোৱাকৈ শুনি যাব পাৰে সকলোৱে । এইগৰাকী বিশিষ্ট কণ্ঠশিল্পীক আমাৰ তৰফৰ পৰাও শুভেচ্ছা জনোৱাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ।

লগতে পঢ়ক:জুবিন গাৰ্গলৈ ২০২৫ বৰ্ষৰ ড৹ ভূপেন হাজৰিকা বঁটা ঘোষণা

Biju Phukan memorial award: বিশিষ্ট শিল্পী দ্বীপেন বৰুৱালৈ বিজু ফুকন সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা

ABOUT THE AUTHOR

...view details