অসম

assam

ETV Bharat / entertainment

সুখে-দুখে ৮ টা বছৰ পাৰ কৰিলে বিপাশা-কৰণে - Bipasha Karan Wedding Anniversary - BIPASHA KARAN WEDDING ANNIVERSARY

Bipasha Karan Wedding Anniversary: বলীউডৰ অভিনেত্ৰী বিপাশা বসু আৰু অভিনেতা কৰণ সিং গ্ৰোভাৰক তেওঁলোকৰ দাম্পত্য জীৱনৰ ৮ টা বসন্ত গৰকিছে ৷ শ্বেয়াৰ কৰিলে দুয়োৰে ৰোমাণ্টিক ফটো ৷

Bipasha Karan Wedding Anniversary
সুখে-দুখে ৮ টা বছৰ পাৰ কৰিলে বিপাশা-কৰণে

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 5:02 PM IST

চিটাৰা ডেস্ক, 28 এপ্ৰিল : বি টাউনৰ এটা জনপ্ৰিয় যুটি বিপাশা বসু আৰু কৰণ সিং গ্ৰোভাৰ ৷ আজি তথা 28 এপ্ৰিল তাৰিখে বিপাশা আৰু কৰণে দাম্পত্য জীৱনৰ 8 টা বসন্ত গৰকিছে ৷

27 এপ্ৰিলৰ মাজনিশা অভিনেত্ৰী বিপাশা বসুৱে তেওঁৰ স্বামী তথা অভিনেতা কৰণক তেওঁলোকৰ 8 তম বিবাহ বাৰ্ষিকী উপলক্ষে অভিনন্দন জনাইছে । বিপাশা বসুৱে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰামত স্বামী কৰণৰ সৈতে কেইখনমান ৰোমান্টিক ফটো পোষ্ট কৰি শিৰোনামটোত লিখিছিল, ' মোৰ সকলো । আজিৰ পৰা 8 বছৰৰ পূৰ্বে আমি আনুষ্ঠানিকভাৱে স্বামী আৰু পত্নীৰূপে স্বীকৃতি লাভ কৰিছিলো । সময় দ্ৰুতগতিৰে পাৰ হৈছে । মোক সদায় এনেদৰে মৰম কৰাৰ বাবে ধন্যবাদ ।"

বিপাশা আৰু কৰণৰ ৰোমাণ্টিক ফটোকেইখনত সুখ আৰু সন্তুষ্টি স্পষ্টভাৱে পৰিলক্ষিত হৈছে । বিপাশাক ৰঙা চ্যুটত ধুনীয়া দেখাইছে, কৰণক বগা শ্বেৰৱানীত যথেষ্ট হেণ্ডছাম দেখাইছে ।

পোষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগী আৰু বন্ধুবৰ্গই মন্তব্য শাখাত দুয়োকে শুভেচ্ছা কৰাৰ লগতে ইমোটিকনেৰে মন্তব্য প্ৰকাশ কৰে ৷ সকলোৱে দম্পতীটোৰ প্ৰতি তেওঁলোকৰ মৰম প্ৰকাশ কৰে । শেহতীয়াকৈ বিগ বছৰ প্ৰতিযোগী আৰতি সিঙে তেওঁৰ মন্তব্য শাখাত হৃদয়ৰ ইমোটিকন পোষ্ট কৰে ৷ আন বহুতে দম্পতীহালক অভিনন্দন জনাইছে ।

বিপাশা আৰু কৰণৰ প্ৰেমৰ যাত্ৰা 2015 চনত ভূষণ পেটেলৰ ছবি 'এল’ন'ৰ ছেটত আৰম্ভ হৈছিল ৷ য'ত তেওঁলোকে প্ৰথমবাৰ লগ পাইছিল ৷ প্ৰায় এবছৰৰ ডেটিঙৰ পিচত 2016 চনৰ এপ্ৰিলত কৰণ আৰু বিপাশাই বিবাহপাশত আৱদ্ধ হৈছিল । দম্পতীটোৱে 2022 চনৰ 12 নৱেম্বৰত তেওঁলোকৰ কন্যা দেৱী বসু সিং গ্ৰোভাৰক আদৰণি জনায় ।

লগতে পঢ়ক:ইৰফান খানৰ মৃত্যু বাৰ্ষিকী: ইখনৰ পাচত সিখনকৈ ব্লকব্লাষ্টাৰ ছবি - Irrfan Khan death anniversary

ABOUT THE AUTHOR

...view details