অসম

assam

ETV Bharat / entertainment

অনিল কাপুৰৰ সৈতে একেলগে দেখা যাব নেকি কৰণ কুন্দ্ৰাৰ প্ৰাক্তন প্ৰেমিকাক ? - Bigg Boss OTT 3

Bigg Boss OTT 3: শেহতীয়াকৈ মহেশ মঞ্জৰেকাৰৰ ছবি ‘জুনান ফাৰ্নিচাৰ’ৰ জৰিয়তে মাৰাঠী উদ্যোগত আত্মপ্ৰকাশ কৰিছে বিখ্যাত VJ অনুষা ডাণ্ডেকাৰে । এতিয়া কৰণ কুন্দ্ৰাৰ প্ৰাক্তন প্ৰেমিকা ৰিয়েলিটি শ্ব’ৰ জগতখনত প্ৰৱেশ কৰাৰ কথা পোহৰলৈ আহিছে । অনুষা ডাণ্ডেকাৰক শেহতীয়াকৈ ‘বিগ বছ অ’টিটি ৩’ত যোগদান কৰিবলৈ যোগাযোগ কৰিছে ।

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 7:22 PM IST

Bigg Boss OTT 3: Will Anusha Dandekar join bigg boss ott 3 ?
অনিল কাপুৰৰ সৈতে একেলগে দেখা যাব নেকি কৰণ কুন্দ্ৰাৰ প্ৰাক্তন প্ৰেমিকাক ? (INSTAGRAM)

চিটাৰা ডেস্ক, 6 জুন: অহা ২২ জুনৰ পৰা জিঅ’ চিনেমাত প্ৰচাৰ হ’ব ‘বিগ বছ অ’টিটি’ৰ তৃতীয় ছিজন ৷ কৰণ জোহৰ আৰু ছলমান খানৰ পিচত এতিয়া ‘ঝাকাছ’ অনিল কাপুৰে অ’টিটিত বিগ বছৰ নতুন ছিজন আয়োজন কৰিবলৈ ওলাইছে ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ বাছনি প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে ৷ কিন্তু সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি শেহতীয়াকৈ মেকাৰসকলে কৰণ কুন্দ্ৰাৰ প্ৰাক্তন প্ৰেমিকা আৰু ফাৰহান আখতাৰৰ খুলশালী অনুষা ডাণ্ডেকাৰৰ সৈতে অনিল কাপুৰৰ শ্ব’ত যোগদান কৰাৰ কথা পোহৰলৈ আহিছে ৷

ইয়াৰ পূৰ্বে অনুষাই জিঅ’ চিনেমাৰ সৈতে জড়িত চেনেল এমটিভিৰ বাবে ‘ইণ্ডিয়াছ নেক্সট টপ মডেল’, ‘এমটিভি লাভ স্কুল’ আৰু ‘ছুপাৰমডেল অৱ দ্য ইয়েৰ’ৰ দৰে বহু শ্ব’ কৰিছিল ৷ এতিয়া মেকাৰসকলে বিচাৰে যে তেওঁ বিগ বছ অ’টিটিতো নিজৰ যাদু দেখুৱাওক ৷ অৱশ্যে এতিয়ালৈকে অনুষাৰ পৰা কোনো ধৰণৰ নিশ্চিতকৰণ লাভ কৰা নাই মেকাৰসকলে ৷ গতিকে প্ৰতিযোগী হিচাপে অনুষাৰ এয়া হ’ব প্ৰথম ৰিয়েলিটি শ্ব’ ৷ ইয়াৰ পূৰ্বে অনুষাৰ ভগ্নী আৰু ফাৰহান আখতাৰৰ পত্নী শিবানী দণ্ডেকৰক কালাৰ্ছ টিভিৰ ‘ঝলক দিখলা জা’ত প্ৰতিযোগী হিচাপে দেখা গৈছিল ৷

এই চেলিব্ৰিটিসকলক অন্তৰ্ভুক্ত কৰা হ’ব পাৰে

অভিনেতাৰ লগতে ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালীসকলকো ‘ বিগ বছ অ’টিটি’ৰ ছিজন ৩ত অন্তৰ্ভুক্ত কৰা হ’ব যিটো অতি সোনকালে জিঅ’ চিনেমাত আৰম্ভ হ’ব ৷ বিতৰ্কৰ ৰাণী আৰ্শী খান আৰু ৰাখী সাৱন্ত, অংকিতা লোখণ্ডেৰ স্বামী বিকি জৈন, ছ’চিয়েল মিডিয়াৰ চেন্সেশন মেক্সটাৰ্ন, থাগেশ আৰু দিল্লীৰ বড়া পাও গাৰ্ল ওৰফে চন্দ্ৰিকা দীক্ষিতৰ লগতে শ্বেহজাদা ধামি, আদা খান, জেছন শ্বাহ, প্ৰতিক্ষা হোনমুখে, শ্ৰীৰাম চন্দ্ৰ, শ্বীজান খান আৰু অৰহান বেহল ‘বিগ বছ অ’টিটি ৩’ৰ বাবে চৰ্টলিষ্ট কৰা হৈছে ৷ কিন্তু এই বিতৰ্কিত ঘৰটোত এই চেলিব্ৰিটি খেলুৱৈসকলৰ ভিতৰত কোনজন খেলুৱৈয়ে প্ৰৱেশ কৰিবলৈ ওলাইছে? এইবাৰ এই শ্ব’ চাবলৈ আকৰ্ষণীয় হ’ব ৷

লগতে পঢ়ক:5 দিনৰ অন্তত জামিন লাভ এলভিছৰ - YouTuber Elvish Yadav got bail

লগতে পঢ়ক:বিগ বছ ১৭ৰ পিচত আয়েশা খানে লাভ কৰিলে ডাঙৰ অফাৰ

লগতে পঢ়ক:FSLৰ প্ৰতিবেদনৰ পিছত পুনৰবাৰ বিপদত বিগ বছ OTT 2 ৰ বিজয়ী এলভিছ যাদৱ

ABOUT THE AUTHOR

...view details