চিটাৰা ডেস্ক, ১৯ ফেব্ৰুৱাৰী: দেওবাৰে লণ্ডনত ব্ৰিটিছ একাডেমী অৱ ফিল্ম এণ্ড টেলিভিশ্যন আৰ্টছ অৰ্থাৎ বাফটা ফিল্ম এৱাৰ্ডৰ আয়োজন কৰা হয় । এই বঁটাক অতি সন্মানীয় বঁটা হিচাপে গণ্য কৰা হয় । ব্ৰিটিছ আৰু আন্তঃৰাষ্ট্ৰীয় চিনেমাৰ শ্ৰেষ্ঠ ছবিকে ধৰি বিভিন্ন শিতানত শিল্পীসকলক এই বঁটাৰে সন্মানিত কৰা হয় । এইবাৰৰ বাফটা বঁটাত ক্ৰীষ্টোফাৰ নোলানৰ পাৰমাণৱিক বোমা সৃষ্টিৰ আধাৰত নিৰ্মিত ঐতিহাস ছবি "অপেনহাইমাৰ"এ আলোড়নৰ সৃষ্টি কৰে ।
ছবিখনে মুঠ ৭টা বঁটা লাভ কৰে । ‘অপেনহাইমাৰ’ ছবিখনে ১ বিলিয়ন ডলাৰতকৈ অধিক উপাৰ্জন কৰিছে, ইতিমধ্যে ছবিখনে গোল্ডেন গ্ল'বছ আৰু ক্ৰিটিক্স চইছ এৱাৰ্ডত বঁটা লাভ কৰিছে আৰু এতিয়া অস্কাৰৰ দৌৰতো আগবাঢ়ি আছে । এই প্ৰতিবেদনত জানো আহক বাফটা ফিল্ম এৱাৰ্ড ২০২৪ ৰ বিজয়ীৰ সম্পূৰ্ণ তালিকা ।
বাফটা ২০২৪ৰ বিজয়ীৰ সম্পূৰ্ণ তালিকা
দেওবাৰে লণ্ডনত অনুষ্ঠিত হ’ব বাফটা এৱাৰ্ড ২০২৪ । এই বঁটা অনুষ্ঠান ভাৰতত ১৯ ফেব্ৰুৱাৰীত দিনৰ ১২.৩০ বজাত টেলিকাষ্ট কৰা হ’ব । ইয়াক দৰ্শকে লায়ন্সগেট প্লে’ত চাব পাৰিব । বাফটা বঁটা ২০২৪ত বহু শাখাত বিজয়ী ঘোষণা কৰা হৈছে ।সম্পূৰ্ণ তালিকা এনেধৰণৰ-
শ্ৰেষ্ঠ ছবি-
অপেনহাইমাৰ; ক্ৰীষ্টোফাৰ নোলান, চাৰ্লছ ৰ’ভেন, এমা থমাছ
মুখ্য অভিনেত্ৰী-
এমা ষ্টোন, পুৰ থিংছ
মুখ্য অভিনেতা-
চিলিয়ান মাৰ্ফি; অপেনহাইমাৰ
শ্ৰেষ্ঠ সহ-অভিনেত্ৰী -
Da'Vine জয় ৰেণ্ডলফ, The Holdover
শ্ৰেষ্ঠ সহ অভিনেতা-
ৰবাৰ্ট ডাউনি জুনিয়ৰ; অপেনহাইমাৰ
ই ই ৰাইজিং ষ্টাৰ বঁটা (জনসাধাৰণৰ ভোটৰ আধাৰত) –
মিয়া মেকেনা-ব্ৰুচ
শ্ৰেষ্ঠ পৰিচালক-
ক্ৰিষ্টোফাৰ নোলান, অপেনহাইমাৰ
মেকআপ এণ্ড হেয়াৰ-
পুৰ থিংছ, নাদিয়া ষ্টেচি, মাৰ্ক কুলিয়াৰ, জোছ ৱেষ্টন
সাজ-পোছাকৰ ডিজাইন-
পুৰ থিংছ, হলি ৱাডিংটন
অসাধাৰণ ব্ৰিটিছ ছবি –
The Zone of Interest, জনাথন গ্লেজাৰ, জেমছ উইলছন
ব্ৰিটিশ শ্ব’ৰ্ট এনিমেশ্যন -