কুলগাম (জম্মু-কাশ্মীৰ) : জম্মু-কাশ্মীৰৰ কুলগাম জিলাত বৃহস্পতিবাৰে নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ হয় ৷ বিভাগীয় কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে, এই সংঘৰ্ষত কমেও পাঁচটা সন্ত্ৰাসবাদী নিহত হৈছে ।
বিভাগীয় কৰ্তৃপক্ষই উল্লেখ কৰা মতে, বৃহস্পতিবাৰে পুৱাৰ ভাগত আৰম্ভ হোৱা এই অভিযানত দুজন নিৰাপত্তা বাহিনীৰ জোৱানো আহত হৈছে ৷ নিৰাপত্তা সংস্থাৰ এগৰাকী শীৰ্ষ বিষয়াৰ মতে, উগ্ৰপন্থীৰ উপস্থিতিৰ সন্দৰ্ভত এক গোপন খবৰৰ তথ্যৰ আলমত চি আৰ পি এফ, সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীকে ধৰি নিৰাপত্তাৰক্ষীৰ যৌথ দলে উক্ত অঞ্চলটো ঘেৰাও কৰি অভিযান চলায় ৷
OP KADER, Kulgam
— Chinar Corps🍁 - Indian Army (@ChinarcorpsIA) December 19, 2024
On 19 Dec 24, based on specific intelligence input regarding presence of terrorists, a Joint Operation launched by #IndianArmy & @JmuKmrPolice at Kader, Kulgam. Suspicious activity was observed by vigilant troops and on being challenged, terrorists opened… pic.twitter.com/9IxVKtDZkl
বিষয়াগৰাকীয়ে লগতে কয়, ‘‘উক্ত অঞ্চলটো পাঁচ সন্ত্ৰাসবাদীৰ মৃতদেহ পৰি আছে যদিও এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷’’ বিষয়াসকলে কয়, ‘‘অভিযানকাৰী দলটোৱে নিৰ্দিষ্ট স্থানটোৰ কাষ চাপি অহাৰ লগে লগে লুকাই থকা উগ্ৰপন্থীয়ে তেওঁলোকৰ ওপৰত গুলীচালনা কৰে, যাৰ প্ৰত্যুত্তৰ দিয়ে বাহিনীয়েও ৷’’
ইতিমধ্যে উগ্ৰপন্থীক নিষ্ক্ৰিয় কৰিবলৈ নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে । সূত্ৰ অনুসৰি, অঞ্চলটোত দুইৰ পৰা তিনিজন উগ্ৰপন্থী আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে । বাতৰি লিখা পৰলৈকে উক্ত অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত প্ৰচণ্ড গুলীচালনা অব্যাহত আছে ।
কাশ্মীৰ মণ্ডল আৰক্ষীয়ে X ত এটা পোষ্টত কয়, "কুলগাম জিলাৰ কাদ্দেৰ অঞ্চলত এনকাউণ্টাৰ আৰম্ভ হৈছে । আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে নিজৰ দায়িত্ব পালন কৰি আছে । পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত আৰু অধিক তথ্য দিয়া হ’ব ।
#Encounter has started at Kadder area of #Kulgam district. Police and security forces are on the job. Further details shall follow.@JmuKmrPolice
— Kashmir Zone Police (@KashmirPolice) December 19, 2024
ভাৰতীয় সেনাৰ চাইনাৰ কৰ্পছে কয় যে নিৰাপত্তা বাহিনীয়ে প্ৰত্যাহ্বান জনোৱাৰ ফলতে সন্ত্ৰাসবাদীয়ে “আৰু অধিক” গুলীচালনা কৰিবলৈ আৰম্ভ কৰে ।
"অপাৰেচন কাদৰ, কুলগাম । সন্ত্ৰাসবাদীৰ উপস্থিতিৰ সন্দৰ্ভত নিৰ্দিষ্ট চোৰাংচোৱাৰ ভিত্তিত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে কুলগামৰ কাদৰত যৌথ অভিযান আৰম্ভ কৰে । সন্দেহজনক কাৰ্যকলাপক বাধা দিবলৈ সৈন্যই প্ৰত্যাহ্বান জনায় । কিন্তু সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে । নিৰ্বিচাৰে হোৱা এই গুলীচালনা বাধা দিবলৈ বৃহৎ সংখ্যক লোক উক্ত অভিযানত নামি পৰে ৷ বৰ্তমানেও এই অভিযান চলি আছে ।’’ X ৰ এটা পোষ্টত কোৱা হৈছে ।
ইয়াৰ পূৰ্বে ৩ ডিচেম্বৰত শ্ৰীনগৰ জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এই অভিযানত জুনাইদ আহমেদ ভাট নামৰ সন্ত্ৰাসবাদীটো নিহত হৈছিল । আৰক্ষীয়ে জনোৱা মতে, জম্মু-কাশ্মীৰৰ গগাংগীৰ, গণ্ডাৰবলত অসামৰিক হত্যাকাণ্ড আৰু আন কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত আছিল ভাট ।
ইফালে, চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, অহা ১৯ ডিচেম্বৰত ৰাজধানীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠকৰ অধ্যক্ষতা কৰাৰ সম্ভাৱনা আছে ।
এই সন্দৰ্ভত বিষয়াসকলে কয়, ‘‘এই বৈঠকত মূলতঃ জটিল নিৰাপত্তাজনিত বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব, য’ত জম্মু-কাশ্মীৰৰ সামগ্ৰিক পৰিস্থিতিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব । জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাও এই বৈঠকত অংশগ্ৰহণ কৰিব, যাৰ লক্ষ্য হৈছে অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা নিশ্চিত কৰাৰ কৌশলসমূহ পৰ্যালোচনা কৰা ।’’