অসম

assam

China Dragon Awards ত এইবাৰ মনোনীত অসমীয়া চুটি ছবি নৰকাসুৰ - Chinmoy Barma Short film Narakasura

By ETV Bharat Assamese Team

Published : 5 hours ago

Chinmoy Barma movie : ‘‘China Dragon Awards’’ ত এইবাৰ মনোনীত অসমীয়া চুটি ছবি ‘নৰকাসুৰ’ । নৰ আৰু অসুৰৰ ধাৰণা এটাক থিয়েট্ৰিকেল সংস্কৰণ প্ৰদান কৰা জনপ্ৰিয় চুটি ছবি পৰিচালক চিন্ময় বাৰ্মাৰ চুটি ছবি ‘নৰকাসুৰ’ৰ এই সফলতাত উৎফুল্লিত পৰিচালক ।

Assamese short film 'Narakasura' nominated for China Dragon Awards
চুটি ছবি ‘নৰকাসুৰ’ ৰ পোষ্টাৰ (Team Narakasura)

গুৱাহাটী, 21 ছেপ্টেম্বৰ :পুনৰ অসমৰ সাংস্কৃতিক জগতলৈ আহিছে এক ভাল খবৰ । ‘‘China Dragon Awards’’ত মনোনীত হৈছে এখন অসমীয়া চুটি ছবি; নাম ‘নৰকাসুৰ’ । চলিত বৰ্ষতে মুক্তি লাভ কৰা এই চুটি ছবিখনে শেহতীয়াকৈ ‘‘China Dragon Awards’’ৰ প্ৰতিযোগিতা শাখাত মনোনয়ন লাভ কৰিছে ।

এই চুটি ছবিখনৰ পৰিচালনা চিন্ময় বাৰ্মাৰ । ছবিখনৰ এই সফলতাৰ পাছত ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত অনুভৱ বাখ্যা কৰে পৰিচালকগৰাকীয়ে ।

চাইনা ড্ৰেগন এৱাৰ্ডছলৈ নৰকাসুৰ (Team Narakasura)

চুটিছবিখনৰ এই সফলতাত পৰিচালক গৰাকীৰ অনুভৱ

অনুভৱ ব্যক্ত কৰি পৰিচালকগৰাকীয়ে জনাই, “চুটি ছবিখন যেতিয়া নিৰ্মাণ কৰি আছিলো প্ৰথমে আৰ্ট ফিল্ম হিচাপে বনাইছিলো, নাটকীয় গীত এটাও আছে । আমি নৰকাসুৰৰ বিষয়ে সৰুৰে পৰা যি শুনি আহিছো, কামাখ্যা মা আৰু নৰকাসুৰৰ কাহিনী, এই থলুৱা সকলোবোৰ কাহিনী সামৰি আমি নৰ আৰু অসুৰৰ মাজত যি পার্থক্য তেনেকুৱা দিশবোৰ লৈ আমি ছবিখন নিৰ্মাণ কৰিছিলো ।’’

চুটি ছবি ‘নৰকাসুৰ’ ৰ পোষ্টাৰ (Team Narakasura)

‘‘আমাৰ লোক সংস্কৃতিৰ লগতে ধৰ্মীয় বিশ্বাস এই সকলোবোৰ সামৰি ছবিখন নিৰ্মাণ কৰা হৈছে । বৰ্তমানলৈ এই ছবিখন আমি মাত্ৰ দুটা ছবি মহোৎসৱলৈ পঠিয়াছো । অহা বছৰৰ পৰা ভালদৰে ছবি মহোৎসৱলৈ পঠিওৱাৰ পৰিকল্পনা কৰিছিলো । কাৰণ মহোৎসৱলৈ পঠিওৱাবলৈ টকাৰ প্ৰয়োজন আৰু আমাৰ এইখন অতি কম বাজেটৰ ছবি । ছবিখন China Dragon Awards লৈ মনোনীত হোৱাৰ বাবে ভাল লাগিছে”, পৰিচালকগৰাকীয়ে কয় ৷

চুটি ছবি ‘নৰকাসুৰ’ ৰ পোষ্টাৰ (Team Narakasura)

লগতে পঢ়ক :বিপ্লৱী মনৰ সমাজ সংস্কাৰক তথা সংগীতেৰে সমন্বয়ৰ বাট কাটিব খোজা এজন যুৱশিল্পী - Humayun Choudhury interview

এইখিনিতে উল্লেখ কৰিব লাগিব যে, চাইনা ড্ৰেগন এৱাৰ্ডছৰ এই অনুষ্ঠানটো হৈছে বিশ্বৰ ভিতৰতে বিজ্ঞান আৰু শিক্ষা ভিত্তিক প্ৰকল্পসমূহক পুৰষ্কাৰ প্ৰদানৰ বাবে জনপ্ৰিয় হোৱা এক অনুষ্ঠান । আনহাতে বৰ্তমান সময়ত অসমৰ সাংস্কৃতিক দিশটো আগুৱাই নিয়াৰ বাবে ওলাই অহা পৰিচালকসকলৰ ভিতৰত এগৰাকী যুৱ পৰিচালক হৈছে চিন্ময় বাৰ্মা ।

চুটি ছবি ‘নৰকাসুৰ’ ৰ পোষ্টাৰ (Team Narakasura)
চুটি ছবি ‘নৰকাসুৰ’ ৰ পোষ্টাৰ (Team Narakasura)

ইতিমধ্যে বাৰ্মাই ‘যখিনী’, ‘অহল্যা’, ‘তেজৰ টুকুৰা’ আদিকে ধৰি কেইখন চুটি ছবি নিৰ্মাণ কৰি তেওঁৰ দক্ষতা আৰু ব্যতিক্ৰমী চিন্তাক প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :চিকাৰ কৰিবলৈ ছবিগৃহত দৰ্শকৰ লানি নিছিগা ভিৰ - Zubeen Grag Film Sikaar

ABOUT THE AUTHOR

...view details