চিটাৰা ডেস্ক, 8 জুন : আইকনিক ৰামোজী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক ৰামোজী ৰাওৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এদিনৰ বাবে দৃশ্যগ্ৰহণ বাতিল কৰা হৈছে আহিবলগীয়া নতুন অসমীয়া চলচ্চিত্ৰ 'ৰুদ্ৰ'ৰ ৷ ভাৰতীয় চলচ্চিত্ৰ আৰু সংবাদ মাধ্যমৰ বিশিষ্ট ব্যক্তি ৰামোজী ৰাওক সন্মান জনোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে 'ৰুদ্ৰ'ৰ পৰিচালক ৰূপক গগৈয়ে ৷
উল্লেখ্য যে, শীঘ্ৰেই ছবিগৃহলৈ আহি আছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা অভিনীত নতুন ছবি ‘ৰুদ্ৰ’ ৷ শ্যাম প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া এই নতুন অসমীয়া ছবিখনৰ পৰিচালনা তথা কাহিনী ৰূপক গগৈৰ ৷ দৃশ্যগ্ৰহণৰ বাবে বিগত কেবাটাও দিন 'ৰুদ্ৰ'ৰ পৰিচালকসহ এটা দল হায়দৰাবাদত বাহৰ পাতি আছে ৷ কিন্তু ভাৰতীয় চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তি ৰামোজী ৰাওৱে আজি হায়দৰাবাদত শেষ নিশ্বাস ত্যাগ কৰাৰ পিচত কিংবদন্তী ব্যক্তিগৰাকীৰ প্ৰতি সন্মান জনোৱাৰ বাবে কাইলৈ (দেওবাৰ) 'ৰুদ্ৰ'ৰ দৃশ্যগ্ৰহণ স্থগিত ৰখা হৈছে বুলি জানিবলৈ দিছে পৰিচালকে ৷
আনহাতে ৰামোজী ৰাওক সন্মান জনাই আৰু শোক প্ৰকাশ কৰি তেলুগু চলচ্চিত্ৰ উদ্যোগে দেওবাৰৰ বাবে পৰিকল্পনা কৰা সকলো চলচ্চিত্ৰৰে দৃশ্যগ্ৰহণ সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে ৷ তেলুগু ফিল্ম চেম্বাৰ অফ কমাৰ্চে চলচ্চিত্ৰ সম্পৰ্কীয় সকলো কাম এদিনৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৷ বিশিষ্ট ব্যক্তিজনলৈ শ্ৰদ্ধাঞ্জলি জনাই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷