গাড়ী ভাড়া দিয়াৰ আগত সাৱধান ! ডিব্ৰুগড়, 7 মাৰ্চ:প্ৰৱঞ্চনাৰ বলি হ’ল এগৰাকী অভিনেতা ৷ তেওঁৰ নাম চিৰঞ্জীত বৰা ৷ দুখনকৈ বিলাসী গাড়ী মাহেকীয়া ভাড়াত দি বিপদত পৰিছে অভিনেতাগৰাকী ৷ ঘটনাৰ বিৱৰণী অনুসৰি অভিনেতাগৰাকীয়ে দুখনকৈ বিলাসী গাড়ী মাহেকীয়া ভাড়াত দিছিল ৷ কিন্তু গাড়ী ভাৰাত লৈ মৰাণৰ এটা প্ৰৱঞ্চকৰ দলে এখন গাড়ী চুৰিকাৰ্যত ব্যৱহাৰ কৰে আৰু আনখন গাড়ী বিক্ৰী কৰি দিয়ে ৷
অভিনেতা চিৰঞ্জীত বৰাৰ AS 01 MB 1190 নম্বৰৰ এখন ইন’ভা গাড়ী আৰু AS 01 QC 5545 নম্বৰৰ জাইল’ গাড়ী জানুৱাৰী মাহতে দুটা মাহৰ বাবে ভাড়াত আনিছিল প্ৰৱঞ্চকৰ দলটোৱে ৷ ইয়াৰে ইন’ভা গাড়ীখন মৰাণৰ কচুমাৰীৰ তনয় ফুকনে পংকজ দূৱৰীৰ নথিপত্ৰ ব্যৱহাৰ কৰি দুমাহৰ বাবে চুক্তি কৰি আনিছিল আৰু জাইল’ গাড়ীখন ৰিতুৰাজ মহনে নিজৰ নামত চুক্তি কৰি আনিছিল ৷
প্ৰৱঞ্চকৰ দলটোৱে প্ৰথম মাহত চুক্তিৰ টকা ঠিকমতে প্ৰদান কৰিছিল ৷ কিন্তু ফেব্ৰুৱাৰী মাহত গাড়ী অথবা ভাড়া নিদি প্ৰৱঞ্চকৰ দলটোৱে কোনো সঁহাৰি নিদিয়াত চিৰঞ্জীত বৰাই গুৱাহাটীৰ নুনমাটি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ ইয়াৰ পিচত মৰাণলৈ আহি চিৰঞ্জীত বৰাই মৰাণত থকা বন্ধুৰ সহযোগত খা-খবৰ কৰি জানিব পাৰে যে প্ৰৱঞ্চকৰ দলটোৱে অভিনেতাজনৰ জাইল’ গাড়ীখন গৰু চুৰি কাৰ্যত ব্যৱহাৰ কৰি বৰ্তমান ৰঙাঘৰত আছে ৷
আনহাতে ইন’ভা গাড়ীখন প্ৰৱঞ্চকৰ দলটোৱে ভুৱা নথিপত্ৰ তৈয়াৰ কৰি কিছুদিনৰ পূৰ্ৱে অন্য এজন লোকক বিক্ৰী কৰি দিছিল যদিও ঘূৰাই আনিবলৈ সক্ষম হৈছে অভিনেতাজনে ৷ এই প্ৰৱঞ্চক দলটোৰ এজন সদস্য তথা দুয়োখন গাড়ীৰ চুক্তিৰ সময়ত সাক্ষী হিচাপে স্বাক্ষৰ কৰা মাধৱ বৰুৱা নামৰ যুৱকজনক অভিনেতাজনে কৰায়ত্ব কৰি বৰ্তমান মৰাণ আৰক্ষী থানাত চমজাই দিছে ৷ ইফালে প্ৰৱঞ্চকৰ দলটোক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে অভিনেতা চিৰঞ্জীত বৰাই ৷
লগতে পঢ়ক:হঠাৎ কিয় বৃদ্ধ ৰূপ ল’লে অভিনেতা নয়ন নীলিমে ?