চিটাৰা ডেস্ক, 24 মে’ :নাতাশা তেওঁৰ তাৰকা ক্ৰিকেটাৰ স্বামী হাৰ্দিক পাণ্ডিয়াৰ সৈতে বিবাহ বিচ্ছেদৰ খবৰেৰে বাতৰিৰ শিৰোনামত আছে ৷ বাতৰি ওলাইছে যে নাতাশা আৰু হাৰ্দিকৰ মাজত একো ভাল চলি থকা নাই আৰু তাৰকা দম্পতীয়ে বিবাহ বিচ্ছেদৰ কৰিবলৈ গৈ আছে । নিজৰ প্ৰেমৰ বাবে চৰ্চাত থকা নাতাশা আৰু হাৰ্দিকৰ বিবাহ বিচ্ছেদৰ খবৰে সকলোকে উদ্বিগ্ন কৰি তুলিছে ৷ এই খবৰটো তেতিয়া চৰ্চালৈ আহিল যেতিয়া সকলোৱে মন কৰিলে যে দীৰ্ঘদিন ধৰি কোনো প্ৰেমৰ পোষ্ট শ্বেয়াৰ কৰা নাই দুয়োৱে আৰু নাতাশাই তেওঁৰ নামৰ পৰা পাণ্ডিয়া উপাধি আঁতৰাই দিছে !
২০২০ চনৰ ৩১ মে'ত নাতাশা আৰু হাৰ্দিকে অতি আড়ম্বৰেৰে বিবাহপাশত আবদ্ধ হয় । ২০২০ চনৰ ১ জানুৱাৰীত বাগ্দান হৈছিল তেওঁলোকৰ । বিবাহৰ এমাহ পিছত অৰ্থাৎ ২০২০ চনৰ ৩০ জুলাই তাৰিখে হাৰ্দিক-নাতাশাৰ পুত্ৰ অগস্ত্য পাণ্ডিয়াৰ জন্ম হয় । আনহাতে, ২০২৩ চনৰ ১৪ ফেব্ৰুৱাৰীত ৰাজস্থানৰ উদয়পুৰত সম্পূৰ্ণ ৰীতি-নীতিৰে তেওঁলোকৰ বিয়া আৰু অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হয় ।
এইবোৰ কথাই বিচ্ছেদৰ প্ৰমাণ দিছে:
ছ'চিয়েল মিডিয়াত হাৰ্দিক-নাতাশাৰ বিচ্ছেদৰ বাতৰি জুইতকৈ দ্ৰুতগতিত বিয়পি পৰিছে । দুয়োৱে একেলগে বহুদিন ধৰি কোনো পোষ্ট দিয়া নাই । একে সময়তে, নাতাশাই ইনষ্টা বায়’ৰ পৰা পাণ্ডিয়া উপাধি আঁতৰাই দিছে । মন কৰিবলগীয়া যে ৪ মাৰ্চত নাতাশাৰ জন্মদিন আছিল আৰু সেই বিশেষ দিনটোত পাণ্ডিয়াই ছ'চিয়েল মিডিয়াত একো পোষ্ট কৰা নাছিল ।