চিটাৰা ডেস্ক, ১৪ ফেব্ৰুৱাৰী: শেহতীয়াকৈ বলীউডৰ অভিনেতা অৰবাজ খানে মেকআপ আৰ্টিষ্ট শূৰা খানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে । অৱশ্যে এয়া আছিল অৰবাজৰ দ্বিতীয় বিবাহ । বিয়াৰ পিচৰে পৰা দুয়োকে প্ৰায়ে ইগৰাকীয়ে সিগৰাকীৰ সৈতে বাহিৰত সময় অতিবাহিত কৰা দেখা যায় ।
ছ’চিয়েল মিডিয়াতো দুয়োৰে ছবি শ্বেয়াৰ কৰি থাকে এই দম্পতীয়ে । ইয়াৰ মাজতে এতিয়া শূৰাই প্ৰকাশ কৰিছে যে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট হেক হৈছে । হেক হ’ল শূৰা খানৰ ইনষ্টাগ্ৰাম, এই কথা প্ৰকাশ কৰিছে খোদ শূৰাই । এই সময়চোৱাত তেওঁ কি কি সমস্যাৰ সন্মুখীন হৈছিল সেই কথাও তেওঁ কৈছে ।
তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই কথা প্ৰকাশ কৰি শূৰাই লিখিছে, ‘‘নমস্কাৰ সকলোকে... যোৱা সপ্তাহত মোৰ ইনষ্টাগ্ৰাম একাউণ্টৰ লগত কোনোবাই খেলা কৰিছিল আৰু ইয়াক হেক কৰা হৈছিল । এইটো বৰ হতাশাজনক আছিল । কিন্তু ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ মোৰ বন্ধু শ্বেলী ভূত্ৰই মোক সহায় কৰি মোৰ একাউন্টটো উদ্ধাৰ কৰি দিয়ে । সকলোকে সহায়ৰ বাবে ধন্যবাদ জনাইছো । একাউন্টটো ঘূৰাই পায় ভাল লাগিছে’’ ।
উল্লেখ্য যে, শূৰাক প্ৰায়ে স্বামী অৰবাজ খানৰ প্ৰতি থকা নিজৰ প্ৰেম প্ৰকাশ কৰা দেখা যায় । অৰবাজৰ সৈতে কটোৱা মুহূৰ্তবোৰো তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে । শেহতীয়াকৈ শূৰাই স্বামী অৰবাজৰ হাতত ধৰি থকা এখন ছবি শ্বেয়াৰ কৰিছিল । এই ছবিখন শ্বেয়াৰ কৰি লিখিছিল, ‘‘মই আৰু মোৰ প্ৰেম’’ ।