অসম

assam

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 12:26 PM IST

ETV Bharat / entertainment

অনুৰাগ ডোভালৰ সৈতে ৰোমাঞ্চ কৰা দেখা গ’ল খানজাদীক

Rangreza Song Out: বিগ বছ ছিজন ১৭ৰ প্ৰতিযোগী খানজাদী আৰু uk ৰাইডাৰ ০৭ ওৰফে অনুৰাগ ডোভালৰ ৰংৰেজা গীত মুকলি ৷ গীতটিত দুয়োৰে কেমিষ্ট্ৰী অনুৰাগীয়ে অতিশয় পছন্দ কৰিছে ।

Anurag Dobhal-Khanzaadi's Rangreza Song out now
ৰংৰেজা গীত মুকলি

চিটাৰা ডেস্ক, ১৫ ফেব্ৰুৱাৰী:Bigg Boss ৰ ১৭ সংখ্যক ছিজন শেষ হোৱাৰ লগে লগে সকলো প্ৰতিযোগী নিজ নিজ জীৱনত ব্যস্ত হৈ পৰিছে । বিগ বছৰ ঘৰৰ পৰা ওলাই অহাৰ পিচতে কোনোবাই যদি ছবিৰ অফাৰ লাভ কৰিছে, আন কোনোবাই আকৌ মিউজিক ভিডিঅ’ৰ অফাৰ লাভ কৰিছে ৷ মুঠতে বহুতে ডাঙৰ ডাঙৰ প্ৰজেক্টৰ অফাৰ লাভ কৰিছে ৷

এফালে অভিষেক কুমাৰ-মন্নাৰা চোপ্ৰাৰ ৰোমান্টিক গীত ‘সাঁৱৰে’ মুকলি হৈছে ৷ আনফালে, মুনাৱাৰ ফাৰুকীয়ে অচিৰেই ‘য়ে ৰিশতা ক্যা কেহলাতা হে’ খ্যাত অভিনেত্ৰী হিনা খানৰ সৈতে ‘বাৰিশ’ গীতটিত ৰোমান্স কৰা দেখা যাব ।

অৱশ্যে এই সকলোবোৰৰ মাজতে শেহতীয়াকৈ মুক্তি পাইছে uk ৰাইডাৰ ০৭ ওৰফে অনুৰাগ ডোভাল আৰু বিগ বছৰ প্ৰাক্তন প্ৰতিযোগী তথা অসম সন্তান খানজাদীৰ ‘ৰংৰেজা’ গীত । এই গীতটিত দুয়োৰে আচৰিত কেমিষ্ট্ৰিয়ে অনুৰাগীক মোহিত কৰিবলৈ সক্ষম হৈছে ।

খানজাদী-অনুৰাগৰ গীত 'ৰংৰেজা' মুকলি

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে, ছলমান খানৰ বিগ বছ শ্ব’টোত অভিষেক কুমাৰৰ কেমিষ্ট্ৰী দেখা গৈছিল খানজাদীৰ সৈতে ৷ কিন্তু শ্ব’টোৰ পৰা ওলাই অহাৰ পিচত ফিৰোজা খান ওৰফে খানজাদীক বাবু ভাইয়াৰ সৈতে ৰোমান্স কৰা দেখা গৈছে । ভেলেণ্টাইন ডে’ উপলক্ষে অনুৰাগ আৰু খানজাদীৰ একেলগে প্ৰথমটো গীত ‘ৰংৰেজা’ মুকলি পাইছে, যিটো গীতে ইউটিউবত ব্যৱহাৰকাৰীৰ পৰা যথেষ্ট মৰম লাভ কৰিছে ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, খানজাদী ওৰফে ফিৰোজা খানে গীতটোত অভিনয় কৰাই নহয়, এই গীতটিত কণ্ঠদানো কৰিছে । দুয়োৰে মাজত আচৰিত কেমিষ্ট্ৰী দেখা গৈছে, যিটো বিগ বছ হাউচত কেতিয়াও দেখা যোৱা নাছিল ।

খানজাদী আৰু অনুৰাগ ডোভালৰ এই গীতটি ইউটিউবত দৰ্শকে অতিশয় ভাল পাইছে । কেইঘণ্টামানৰ ভিতৰতে এই গীতটোৱে ছ’চিয়েল মিডিয়াত ন লাখৰো অধিক ভিউ লাভ কৰিছে আৰু প্ৰতি মুহূৰ্তত বৃদ্ধি পাইছে এই গীতৰ ভিউজ । ইফালে ব্যৱহাৰকাৰীয়ে দুয়োৰে কেমিষ্ট্ৰীক প্ৰশংসা কৰিছে যদিও খানজাদীৰ অভিনয় আৰু গায়কীৰ বিশেষ প্ৰশংসা কৰিছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "গায়ন-অভিনয়, কি আছে যিটো খানজাদীয়ে কৰিব নোৱাৰে ।"

আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "অ' মাই গড, খানজাদীক ইমান মৰমলগা দেখা গৈছে । ধন্যবাদ অনুৰাগ, তাইৰ লগত এই গীতটো কৰাৰ বাবে, তাই জীৱনত বহুত সমস্যা দেখিছে"। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "অতি সুন্দৰ । অনুৰাগে এটা ডাঙৰ কাম কৰিছে আৰু খানজাদী খুব ধুনীয়া ।"

লগতে পঢ়ক:পৰম্পৰাগত সাজ-পোছাকত আবুধাবিত মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ অক্ষয় কুমাৰৰ

ABOUT THE AUTHOR

...view details