চিটাৰা ডেস্ক, 25 জুন:কল্কি 2898 ADৰ মুক্তিৰ বাবে মাজত মাথো দুদিন বাকী ৷ প্ৰভাসৰ অনুৰাগীসকলেও অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে কল্কি 2898 AD ছবিখনৰ বাবে ৷ একে সময়তে কল্কি 2898 ADত এডভান্স বুকিং আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে ৫ লাখৰো অধিক টিকট বিক্ৰী হৈছে ৷ ছবিখনৰ উচ্চ এডভান্স বুকিঙৰ পৰিপ্ৰেক্ষিতত নিৰ্মাতাসকলে কল্কি 2898 AD ছবিখনৰ টিকটৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে আৰু এতিয়া অন্ধ্ৰপ্ৰদেশ চৰকাৰেও ইয়াৰ বাবে সন্মতি জনাইছে ৷
৬০০ কোটি টকাৰ বাজেটেৰে নিৰ্মিত কল্কি 2898 AD ছবিখন কেৱল ভাৰততে নহয় বিদেশতো বহুচৰ্চা লাভ কৰিছে ৷ উত্তৰ আমেৰিকাত ছবিখনৰ এডভান্স বুকিং চলি আছে ৷ একে সময়তে ছবিখনৰ হাইপক বিবেচনা কৰি অন্ধ্ৰ প্ৰদেশ চৰকাৰে প্ৰভাস অভিনীত ছবিখনৰ টিকটৰ মূল্য বৃদ্ধিৰ অনুমতি প্ৰদান কৰিছে ৷
এতিয়া টিকটৰ দাম কিমান হ’ব ?
অন্ধ্ৰ প্ৰদেশ চৰকাৰে চিংগল স্ক্ৰীণ ছবিগৃহত ৭৫ টকা আৰু মাল্টিপ্লেক্সত ১৭৫ টকাকৈ টিকটৰ মূল্য বৃদ্ধিৰ অনুমতি প্ৰদান কৰিছে ৷ এই ছুপাৰ হাই বাজেটৰ ছবিখনৰ বাবে ৰাজ্য চৰকাৰে দুসপ্তাহৰ বাবে এই বৃদ্ধিৰ অনুমতি দিছে ৷ অন্ধ্ৰ চৰকাৰে কল্কি 2898 ADৰ প্ৰযোজক অশ্বিনী দত্তক ইয়াক অনুসৰণ কৰিবলৈ অনুৰোধ জনাইছে ৷