চিটাৰা ডেস্ক, 12 জুলাই :অৱশেষত আহি পালেহি আম্বানীৰ বংশধৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ দিনটো । ভাৰতৰ ধনী ব্যক্তি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী সাজু হৈছে শৈলা আৰু বীৰেণ মাৰ্চেণ্টৰ কন্যা তথা দীৰ্ঘদিনীয়া প্ৰেমিকা ৰাধিকাৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ । বিয়াৰ পূৰ্বে ধাৰাবাহিকভাৱে অনুষ্ঠিত হোৱা কেইবাটাও আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ পিচত আজিৰ এই বিয়াখনতে সকলোৰে দৃষ্টি নিহিত হৈ আছে ।
বিবাহৰ স্থান:
১২ জুলাইৰ পৰা শুভ বিবাহৰ সৈতে আৰম্ভ হোৱা তিনিদিনীয়া বিবাহ উৎসৱৰ ১৩ জুলাইত হ’ব শুভ আশীৰ্বাদ অনুষ্ঠান আৰু ১৪ জুলাইত মংগল উৎসৱৰ সৈতে এই বিবাহৰ সমাপ্তি ঘটিব । মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হৈছে এই বিবাহ । মুম্বাইস্থিত ১৮.৫ একৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰ নিউয়ৰ্কৰ এম্পায়াৰ ষ্টেট বিল্ডিঙৰ তুলনাত ১০.৩ গুণ আৰু ফিফাৰ ফুটবল খেলপথাৰতকৈ প্ৰায় ১২ গুণ ডাঙৰ । ১,১০৮,৮১২ বৰ্গ ফুটৰ মজিয়াৰ এই চেণ্টাৰত এটা বলৰুম, ২৫টা সভাকক্ষ আৰু পাঁচটা মডিউলাৰ হল আছে ।
বিবাহৰ অতিথি:
আম্বানী বিবাহৰ বাবে প্ৰত্যাশিত অতিথিসকলৰ ভিতৰত আছে বলীউড, কৰ্প’ৰেট খণ্ড আৰু আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ বিশিষ্ট লোকসকল । আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন বিদেশ সচিব জন কেৰী, কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ষ্টিফেন হাৰ্পাৰ, ছুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কাৰ্ল বিল্ড আৰু ইউকেৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰ আৰু বৰিছ জনছনৰ দৰে ৰাজনীতিবিদসকল উপস্থিত থাকিব বুলি আশা কৰা হৈছে । দেশৰো ৰাজনীতিৰ সৈতে জড়িত বিশিষ্ট লোকসকলক আমন্ত্ৰণ জনোৱা হৈছে, যাৰ ভিতৰত আছে কেইবাজনো মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী ।
লগতে পঢ়ক :দিৱানগী দিৱানগী গানটোত কঁকাল ঘূৰালে আম্বানী পৰিয়ালে - ambani family dance at wedding
বিয়াৰ পূৰ্বে মুম্বাই বিমানবন্দৰত কেইবাগৰাকীও চেলেব্ৰিটীক দেখা গৈছে । তাজ কোলাবা হোটেলৰ কৰ্মচাৰীয়ে কিম আৰু ক্ল’ কাৰ্দাছিয়ানক পৰম্পৰাগত দেশী পদ্ধতিৰে সম্ভাষণ জনোৱাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে । হোটেলৰ কৰ্মচাৰীয়ে তেওঁলোকক মালা পিন্ধাই কপালত ফোঁট আঁকি দিয়ে । খবৰ অনুসৰি কিম আৰু ক্ল’ই তেওঁলোকৰ হুলু ৰিয়েলিটী ছিৰিজ দ্য কাৰ্দাছিয়ানছৰ বাবে অনন্ত আৰু ৰাধিকাৰ বিয়াত চিত্ৰগ্ৰহণৰ পৰিকল্পনা কৰিছে ।